খোজ (Khoj) ১৯৭৫ চনৰ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য,সংলাপ পুলক গগৈৰ। ভূপেন হাজৰিকাই সঙ্গীত পৰিচালনা কৰাৰ উপৰিও গীতো লিখিছে।১ এইখন চিত্ৰশিল্পী আৰু ৰাজনৈতিক কাৰ্টুনিষ্ট হিচাপে ইতিমধ্যে প্ৰতিষ্ঠিত পুলক গগৈৰ প্ৰথম ছবি।‘৭০ৰ দশকত সমান্তৰাল বা বাস্তৱবাদী চিনেমাৰ ঢৌৱে অসমীয়া ছবিজগতকো চুই গৈছিল। ‘খোজ’তো সমান্তৰাল ছবিৰ কিছু প্ৰভাৱ দেখা যায়। অৱশ্যে ছবিখনে দৰ্শকৰ সহাৰি নাপালে।২৩
২০১১ৰ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত খোজ ছবিখন প্ৰদৰ্শিত হৈছিল। উক্ত প্ৰদৰ্শনীত ছবিৰ নায়ক আৰু ২য় নায়িকা ক্ৰমে মেহতাব হুছেইন আৰু ৰেজিনা বেগম উপস্থিত আছিল।
নিৰ্মাণৰ আঁৰৰ কাহিনী
পুলক গগৈয়ে আমেৰিকাৰ ৱাশ্বিংটনৰ এখন চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাত চল্লিশখনমান ছবি বিক্ৰি হোৱাত ভালেমান ধন গোট খালে। এয়াৰ ইণ্ডিয়াৰ বিমানত ঘূৰি আহোঁতে ফ্ৰেংকফুৰ্টত তেওঁৰ চুটকেছটো থাকি আহিল। সেয়েহে বিমান কৰ্তৃপক্ষই চুটকেছটো ঘূৰি নহালৈকে পাঁচদিন মুম্বাইৰ হোটেলত থকাৰ ব্যৱস্থা কৰি দিলে। পিছে হোটেলত থাকি আমনি পোৱাত তেতিয়া বলীউডৰ চলচ্চিত্ৰত কাম কৰি থকা বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰয়ৰ ওচৰলৈ তেওঁ গুচি গ'ল। তালৈ ভূপেন হাজৰিকাও আহিল। তাতেই সকলোৱে তেওঁ চিনেমা এখন কৰিবলৈ প্ৰস্তাৱ দিলে। ছবি বিক্ৰী কৰি পোৱা যথেষ্ঠ ধন হাতত আছেই। ভূপেন হাজৰিকাই ছবিৰ সঙ্গীত কৰি দিম বুলি গাত ললে। হাজৰিকাৰ কথামতেই পুলক গগৈয়ে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ আলোচনীত ছাত্ৰাৱস্থাতে লিখা গল্প এটাৰ আধাৰত খোজ ছবিৰ চিত্ৰনাট্য লিখি উলিয়ালে। খোজত বিজয় শঙ্কৰৰ বাদে আন কোনো প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰী লোৱা হোৱা নাছিল। নায়ক মেহতাব হুছেইনে তেতিয়া অসম কৃষি বিশ্ববিদ্যালয়ত পঢ়ি আছিল। ৰেজিনা বেগম আছিল গুৱাহাটী হেদায়েৎপুৰৰ ছোৱালী। ছবি নিৰ্মাণত ১,২৫,০০০টকামান খৰচ হৈছিল। কিন্তু চিত্ৰগৃহত ছবিখন নচলা বাবে মূলধন ঘূৰি অহা নাছিল।৪৫
কাহিনীৰ সাৰাংশ
পৰীক্ষা দি কেইদিনমান কটাই যাবলৈ হোমেন গাঁৱলৈ আহিল। লগ পালে কমলাক। কমলা হোমেনৰ সৰুকালৰ বালিঘৰ খেলা লগৰী। সিহঁতৰ ঘৰতে তাই আশ্ৰয় লৈ আছিল।এতিয়া তাই গাভৰু হ’ল। কমলাৰ মাজত সি এইবাৰ বেলেগ এটা ৰূপ দেখিলে। তাই হ’লে হোমেন ককাইদেউক আগৰ দৰেই ভাবিলে। গাঁৱৰ মানুহে তাইক ভুল বুজিলে। সকলোৰে প্ৰতি তাইৰ অভিমান হ’ল আৰু জীৱনৰ মোহ হেৰুৱাই পেলালে। অপৰাধবোধত দগ্ধ হোমেন অলপ শান্তিৰ আশাত বন্ধু প্ৰফুল্লৰ সহায়ত আন এখন গাঁৱত শিক্ষকতাৰ চাকৰি ল’লে। আন এখন নতুন পৃথিৱীৰ সৈতে তাৰ পৰিচয় হ’ল। সেই গাঁৱৰে অৱহেলিতা জয়াৰ জীৱন-সংগ্ৰামৰ কাহিনীয়ে তাক অভিভূত কৰি তুলিলে।১
অন্ধ সংস্কাৰ ভাঙিবলৈ হোমেনে আগবঢ়ালে নতুন খোজ।১
অভিনয় শিল্পী
- মেহতাব হুছেইন (হোমেন)
- দীপিকা আৰন্ধৰা (কমলা)
- ৰেজিনা বেগম (জয়া)
- চাকিৰ হাজৰিকা
- ইন্দ্ৰ বণিয়া
- বিজয় শংকৰ (অতিথি শিল্পী)
- বিৰিঞ্চি ভট্টাচাৰ্য,
- বিক্ৰম সিং ইয়েন,
- অমলা কটকী,
- অন্তৰা (শিশুশিল্পী) আদি।১
কলা-কুশলী
(তথ্যপেৰাত নথকা)
- বেনাৰ- বিন্দু ফিল্মছ
- শব্দ গ্ৰহণ- অৱনী চেতাৰ্জী, সুশীল সিং, সতীশ চৌহান
- শব্দ পুনঃসংযোজন- সত্যেন চেতাৰ্জী
- সংলাপ- পুলক গগৈ১
সংগীত
খোজৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল ভূপেন হাজৰিকাই।৬
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 233
- ↑ (2014). Pulak Gogoi- a short film. Manoj Kr. Deka
- ↑ (2018). Lifetime Achievement Award 2018 - Shri Pulok Gogoi 16 views•5 Jan 2019. Brahmaputra Valley Film Festival
- ↑ অতনু ভট্টাচাৰ্য. (২০১৮). মোৰ ইচ্ছামৃত্যু হ'ব যেন লাগে. সাতসৰী
- ↑ চন্দন কুমাৰ. পুলক গগৈৰ সৈতে মুক্তচিন্তাৰ সাক্ষাৎকাৰ. muktosinta.org/
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 253
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খোজ (অসমীয়া চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৬৭৭২ (৩ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।