অসমীয়া চলচ্চিত্ৰ
২৮০ প্ৰবন্ধ
-
দ্য গৱৰ্ণমেণ্ট ছাৰ্ভেণ্ট (২০২৩ চলচ্চিত্ৰ)
দ্য গৱৰ্ণমেণ্ট ছাৰ্ভেণ্ট (The Government Servant) ২০২৩ চনত মুক্তিলাভ কৰা অসমীয়া ভাষাৰ এখন চলচ্চিত্ৰ। ইয়াৰ পৰিচালনা প্ৰদ্যুৎ কুমাৰ ডেকাৰ। জয়ন্ত মাধৱ বৰা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাই যুটীয়াভাৱে ইয়াক ৰচনা কৰিছে। চলচ্চিত্ৰখনত নিকুমণি বৰুৱা, কপিল বৰা, হিৰণ্য ডেকা, উপকূল বৰদলৈ আদি শিল্পীয়ে অভিনয় কৰিছে।
-
বিদুৰভাই (চলচ্চিত্ৰ)
ত্ৰৈলোক্য বৰুৱা বলিন বৰা উদ্দীপনা বৰা হীৰক জ্যোতি বৰদলৈ শৰ্মিষ্ঠা দাস পংকজ মহন্ত বিদুৰভাই (ইংৰাজী: Bidurbhai) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এখন কমেডি-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
মঙহ দহাৰ গোন্ধ (চলচ্চিত্ৰ)
মঙহ দহাৰ গোন্ধ (Mongoh Dohar Gondh) হ’ল এখন অসমীয়া ছুটি ছবি। ছবিখন পৰিচালনা কৰিছে মৃণাল ডেকাই। ছবিখনে ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰিছিল। কথাছবিখন একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ ২০২১-লৈও নিৰ্বাচিত হৈছিল।
-
মোৰ ঘোঁৰাৰ দুৰন্ত গতি
মোৰ ঘোঁৰাৰ দুৰন্ত গতি (The Horse from Heaven) ১৫ মিনিটৰ এখন অসমীয়া চুটি ছবি। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপৰ। ছবিখন বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ছবিৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে বিবেচিত হয়। ইয়াৰ পিছতেই ই অস্কাৰলৈ যোগ্যতা অৰ্জন কৰে।
-
লাইফ ইন এ পাপেট
লাইফ ইন এ পাপেট ( Life in a Puppet) হৈছে অসমীয়া ভাষাত নিৰ্মিত আৰু ৰাজেন দাসৰ দ্বাৰা পৰিচালিত এখন সামাজিক ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২১ চনৰ ২২ অক্টোবৰত অসমৰ দহটা চিত্ৰগৃহত ছবিখনে মুক্তিলাভ কৰে৷ ছবিখনৰ মূল উদ্দেশ্য হৈছে পুতলা নাচক বিশ্বজনীন কৰা আৰু ইয়াৰ লগত জড়িত শিল্পীসকলৰ সংগ্ৰামক চলচ্চিত্ৰৰ…
-
সুন্দৰপুৰ কেঅছ (চলচ্চিত্ৰ)
সুন্দৰপুৰ কেঅছ (Sundarpur Chaos) হৈছে ২০২৪ চনৰ ২৫ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা, ঝুলন কৃষ্ণ মহন্তৰ দ্বাৰা লিখিত-পৰিচালিত আৰু সম্পাদিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত প্ৰথম অসমীয়া ছবি জয়মতী। 'চিত্ৰলেখা মুভিটোন'ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়।
-
ৰণুৱা
ৰণুৱা (Ronuwa- Who Never Surrender) হৈছে ২০২১ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত 'ৰণুৱা' নামৰ অসমীয়া ছবিখনে ২০২১ চনত ৬৭ সংখ্যক ৰজকমল বঁটা লাভ কৰিছে।
-
ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)
ৰুদ্ৰ (Rudra) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, ৰূপক গগৈৰ দ্বাৰা পৰিচালিত তথা ৰচিত, অসমীয়া ভাষাৰ এখন একশ্যন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ আৰু অৰ্চিতা প্ৰকাশে।
-
ৱাইড এংগল (চলচ্চিত্ৰ)
ৱাইড এংগল (ইংৰাজী: Wide Angle) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা জীৱন নাথৰ দ্বাৰা পৰিচালিত, অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপৰ্টাৰৰ ছবি'ৰ আধাৰত নিৰ্মিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।