অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আৰোহী (২০১৫ চলচ্চিত্ৰ)

আৰোহী (Aarohi) হৈছে ২০১৫ চনৰ ১৬ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অৰ্কিড এন্টাৰপ্ৰাইজেজৰ বেনাৰত মামণি খাখলাৰীয়ে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা অৰূপ মান্নাৰ। বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে শিশুশিল্পী শ্ববনম বৰগয়াৰী, ৰাগ ঐনিতম আৰু চন্দনা শৰ্মাই। সংগীত পৰিচালনা মানস হাজৰিকাৰ৷

হালনাগাদ: ১৩ মে’ ২০২৫ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আৰোহী (Aarohi) হৈছে ২০১৫ চনৰ ১৬ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অৰ্কিড এন্টাৰপ্ৰাইজেজৰ বেনাৰত মামণি খাখলাৰীয়ে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা অৰূপ মান্নাৰ। বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে শিশুশিল্পী শ্ববনম বৰগয়াৰী, ৰাগ ঐনিতম আৰু চন্দনা শৰ্মাই। সংগীত পৰিচালনা মানস হাজৰিকাৰ৷১২৩

কাহিনী

আৰোহী (শ্ববনম বৰগয়াৰী) এজনী সৰু ছোৱালী। বৰ্তমান যুগৰ শিক্ষাব্যৱস্থা আৰু অভিভাৱকৰ তাইক লৈ থকা উচ্চাকাংক্ষাৰ সৈতে খোজ মিলাই যাবলৈ তাইৰ কষ্ট হয়। তাইৰ মাক-দেউতাকে নিজৰ জীৱনৰ আধৰুৱা সপোনবিলাক তাইৰ জড়িয়তে পূৰণ কৰাৰ সপোন দেখে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ভাবে তাই যন্ত্ৰৰ নিচিনাকৈ যিকোনো প্ৰকাৰে সকলোতে ভাল প্ৰদৰ্শন কৰিবই লাগিব। সকলোফালৰপৰা অহা মানসিক চাপে তাইক তাইৰ শৈশৱৰ আনন্দ বিলাকৰ পৰা বঞ্চিত কৰে। পুতলাৰ সৈতে খেলা কৰা বয়সত তাইক কম্পিউটাৰ শিকিবলৈ বাধ্য কৰোৱা হয়। তাইৰ মন বুজিব পৰা মানুহ কোনো নাই। এনে এক পৰিস্থিতিত বন্দী এক শিশু আৰোহীৰ কাহিনীৰে চলচ্চিত্ৰখন নিৰ্মিত।২৩

অভিনয়ত

  • শ্ববনম বৰগয়াৰী
  • ৰাগ ঐনিতম
  • চন্দনা শৰ্মা১২৩

কলা-কুশলী

  • প্ৰযোজনা- মামণি খাখলাৰী
  • পৰিচালনা- অৰূপ মান্না
  • সংগীত পৰিচালনা- মানস হাজৰিকা
  • সম্পাদনা - হিৰণ্য কলিতা২৪

সংগীত

আৰোহীৰ সংগীত পৰিচালনা মানস হাজৰিকাৰ। শীৰ্ষ গীতটিত কণ্ঠদান কৰে অভিনন্দা মান্না আৰু ৰবছন বৰুৱাই।৪

সন্মান

  • তৃতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত, ২০১৪২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hazel Bordoloi. Glimmer of hope. The Sentinel
  2. ↑ Abhijit Roy. (৭ জানুৱাৰী ২০১৫). Aarohi - upcoming Assamese film by Arup Manna. Creativica
  3. ↑ Meghranjani. (১৪ জানুৱাৰী ২০১৫). Arup Manna Directed Aarohi to Release on January 16. Magical Assam
  4. ↑ Aarohi (2015). Movie buff

সম্পৰ্কিত শ্ৰেণী

২০১৫ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰোহী (২০১৫ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৮২৬৫ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।