কানীন (Kaaneen) হৈছে ২০১৯ চনৰ ২২ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। ছবিখন শিৱম ক্ৰিয়েচনৰৰ বেনাৰত মঞ্জুল বৰুৱাই পৰিচালনা কৰিছে। ড॰ ৰীতা চৌধুৰীৰ উপন্যাস 'ৰাজীৱ ঈশ্বৰ'ৰ কাহিনীৰ আধাৰত কানীনৰ চিত্ৰনাট্য লিখি উলিয়াইছে মঞ্জুল বৰুৱাই। সংলাপ মঞ্জুল বৰুৱা আৰু ৰীতা চৌধুৰীৰ। অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা বাহাৰুল ইছলাম, পূৰ্ণিমা পাঠক শইকীয়া, মিণ্টু বৰুৱা আদিৰ লগতে ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে জাহানাৰা বেগমে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে কণ্ঠশিল্পী তৰালি শৰ্মাই। ছবিখন শব্দ পৰিকল্পনা কৰিছে বলিউদত প্ৰতিষ্ঠিত অসমীয়া শব্দগ্ৰহণকাৰী অমৃত প্ৰীতমে আৰু ছবিখনৰ চাব টাইটেল কৰিছে উৎপল বৰপূজাৰীয়ে।১
চলচ্চিত্ৰখনে ২য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চিলভাৰ কেমেৰা এৱাৰ্ড লাভ কৰে।২ নতুন দিল্লীত অনুষ্ঠিত বাংলা অসমীয়া চলচ্চিত্ৰ মহোৎসৱ ২০১৮ আৰু ২০১৯ চনত পুনেত অনুষ্ঠিত ফৰ্থ নৰ্থইষ্ট ফিল্ম ফেষ্টিভেলত ছবিখন প্ৰদৰ্শিত হৈছিল।
কাহিনী
দুটি সন্তানৰ মাতৃ মন্দিৰা বৰুৱাৰ স্বামী উচ্চপদস্থ আৰক্ষী বিষয়া অভিজিত বৰুৱাৰে সৈতে সুখী পৰিয়াল। কিন্তু এই সুখী জীৱনত বেমেজালিৰ সৃষ্টি হ'বলৈ ধৰে যেতিয়া মন্দিৰাই নিজৰ অতীতক খুঁচৰিবলৈ আৰম্ভ কৰে। ছোৱালী কালত বিবাহ বৰ্হিভূত সম্পৰ্কৰে মন্দিৰা এটি সন্তানৰ মাতৃ হৈছিল। কিন্তু তেওঁ গম নোপোৱাকৈ সন্তানটিক তেওঁৰ ওচৰৰপৰা আঁতৰাই নিয়া হৈছিল। ঘটনাচক্ৰত পৰি সেই সন্তানটিৰ খবৰ জানিবলৈ মন্দিৰা অস্থিৰ হৈ উঠে আৰু এদিন সন্তানৰ সৈতে দেখাদেখি হয়। তাৰপিছত কি হয়! এই লৈয়ে কানীনৰ কাহিনী।৩
অভিনয় শিল্পী
তলৰ শিল্পী সকলে কানীনত অভিনয় কৰিছিল। ৪
- বাহাৰুল ইছলাম (আই জি পি অভিজিৎ বৰুৱা)
- জাহানাৰা বেগম (মন্দিৰা বৰুৱা)
- মিণ্টু বৰুৱা (মন্দিৰাৰ দেউতাক)
- জলি ভট্টাচাৰ্য (মন্দিৰা বৰুৱাৰ মাক)
- পূৰ্ণিমা পাঠক শইকীয়া (নাৰ্চ)
- ধনঞ্জয় দেৱনাথ (ডে বাবু)
- মনোজ গগৈ (এছ আই গগৈ)
- কাচভী শৰ্মা (ৰশ্মি)
- ৰাহুল গৌতম শৰ্মা (অভি)
- পাৰ্থ হাজৰিকা (ৰাজীৱ)
সংগীত
| ক্ৰমিক নং | গীতৰ শীৰ্ষক | গীতিকাৰ | কণ্ঠ |
|---|---|---|---|
| ১ | বুকু ফালি | তৰালি শৰ্মা | |
| ২ | শুই থকা আৱেগ | তৰালি শৰ্মা | |
| ৩ | মধুশালা | চুফিয়াৰা বেগম | |
| ৪ | কানীন | মিনিমি |
তথ্যসূত্ৰ
- ↑ মুক্তিৰ বাবে সাজু মঞ্জুল বৰুৱাৰ চিনেমা কানীন
- ↑ 2nd Guwahati International Film Festival, 2018 Successfully Concludes The Closing Ceremony and the Awards
- ↑ অংকন ৰাজকুমাৰ. (২৩ মাৰ্চ, ২০১৯). Kaaneen: An emotionally gripping tale from Assam. নৰ্থইষ্ট নাও
- ↑ www.imdb.com/title/tt8257434/fullcredits/?ref_=t
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কানীন (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৩৩৫৪৯ (২৬ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।