অসমীয়া চলচ্চিত্ৰ
২৮০ প্ৰবন্ধ
-
যোগ-বিয়োগ
যোগ-বিয়োগ (Jog Biyog) ১৯৭১ চনত মুক্তি পোৱা এখন সঙ্গীত-মধুৰ অসমীয়া চলচ্চিত্ৰ। পৰিচালনা দ্বিবন বৰুৱাৰ। বৰুৱাই ছবিৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। প্ৰযোজনা কৰিছিল সুপ্ৰভা দেৱীয়ে। সঙ্গীত ৰমেন বৰুৱাৰ। শব্দগ্ৰহণ অনিল দাসগুপ্তৰ।
-
শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি
শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি (Sakuntala Aru Sankar Joseph Ali) ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খন নিপ বৰুৱাই পৰিচালনা কৰিছিল। মুল ভূমিকাত আছিল নিপন গোস্বামী আৰু মৃদুলা বৰুৱা।
-
শ্ৰীমতী মহিমাময়ী
শ্ৰীমতী মহিমাময়ী (Srimati Mohimamoyee) ১৯৭৯ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা আৰু প্ৰযোজনা পুলক গগৈৰ। এইখন তেওঁৰ দ্বিতীয় ছবি। কাহিনীৰ আধাৰ লক্ষ্মীনাথ ফুকনৰ একে নামৰ হাস্যৰসাত্মক চুটিগল্প এটা। ইয়াত হাস্যৰসৰ উপাদান আছিল যদিও ইয়াত কোনো স্থূলতা নাছিল। বাজেট আছিল ১,২৫,০০০ টকা।
-
শ্ৰীমন্ত শঙ্কৰদেৱ (চলচ্চিত্ৰ)
শ্ৰীমন্ত শঙ্কৰদেৱ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু সূৰ্য্য হাজৰিকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছিল পৰাণ বৰবৰুৱাই। ড॰ পূৰ্ণানন্দ শইকীয়াই "গুৰুচৰিত"ৰ সহায় লৈ ইয়াৰ কাহিনী ৰচনা কৰে।
-
সূৰ্যাস্ত (চলচ্চিত্ৰ)
সূৰ্যাস্ত হৈছে প্ৰদ্যুৎ কুমাৰ ডেকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৭ মে' ২০১৩ তাৰিখে মুক্তি পোৱা ছবিখনৰ প্ৰযোজনা কৰিছে আৰ বি প্ৰডাকচনে। ছবিখনৰ মূল বিষয়বস্তু হৈছে শিশুৰ মনস্তত্ত্ব। পিতৃ-মাতৃৰ কেৰিয়াৰৰ স্বাৰ্থত তেওঁলোকৰ মৰমৰ পৰা বঞ্চিত হোৱা এটি সন্তানৰ মানসিক জগতখনক সূৰ্যাস্তত দাঙি ধৰা হৈছে।
-
সৰাপাত (চলচ্চিত্ৰ)
সৰাপাত (Sarapat) ১৯৫৬ চনত মুক্তি পোৱা আৰু আনোৱাৰ হুছেইনৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। এইখন পৰিচালকগৰাকীৰ প্ৰথম ছবি। ছবিখন মুক্তি পোৱাৰ সময়ত পৰিচালকগৰাকীৰ বয়স হৈছিল ২১ বছৰ। ভাৰতত তেতিয়ালৈ ইমান কম বয়সতে ছবি পৰিচালনা কৰাৰ উদাহৰণ নাছিল। আনোৱাৰ ফিল্মচৰ বেনাৰত হুচেইনে ছবিখন প্ৰযোজনাও কৰিছিল।
-
হৃদয়ৰ প্ৰয়োজন
হৃদয়ৰ প্ৰয়োজন ( Hridoyor Prayojan ) ১৯৭২ চনত মুক্তিপ্ৰাপ্ত, গৌৰী বৰ্মন পৰিচালিত এখন ক’লা-বগা অসমীয়া বোলছবি। হোমেন বৰগোহাঞিৰ কাহিনীৰ আধাৰত পৰিচালক বৰ্মনে ছবিৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল। হৃদয়ৰ প্ৰয়োজনে চেঞ্চৰ বোৰ্ডৰ পৰা A-চাৰ্টিফিকেট লাভ কৰিছিল। A-চাৰ্টিফিকেট লাভ কৰা এইখন প্ৰথম অসমীয়া ছবি।
-
ৰ'দৰ চিঠি
ৰ'দৰ চিঠি (Scare Crow) ২০১৪ চনৰ ৭ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। বাহাৰুল ইছলামে পৰিচালনা কৰা এই ছবিখন দেশৰ বিভিন্ন ঠাইত সমাদৃত সীমাৰ সিপাৰে নাটখনৰ আলমত নিৰ্মাণ কৰা হৈছে। এই ছবিখন অল্টাৰনেটিভ চিনেমেটিক্সৰ হৈ ইক্ৰামূল মজিদে প্ৰযোজনা কৰিছে।
-
ৰণাংগন
ৰণাংগন (Rananggan) হৈছে ২০১৩ চনৰ ১৯ এপ্ৰিলত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ডি জে ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে মৃণাল দাসে আৰু পৰিচালনা কৰিছে প্ৰণৱ জ্যোতি ভৰালীয়ে। ইয়াত অভিনয় কৰিছে ৰবি শৰ্মা, পল্লৱী মেধি, হিৰণ্য ডেকা, ব্ৰজেন বৰা, প্ৰতুল ডেকা আদিয়ে।
-
অথেলো (চলচ্চিত্ৰ)
অথেলো হৈছে ২০১৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক আছিল হেমন্ত কুমাৰ দাস। মানবেন্দ্ৰ অধিকাৰীয়ে অৰ্থ ফিল্মছৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছিল। ৰঞ্জিত শৰ্মাই ৰচনা কৰা কাহিনীৰ আধাৰত নিৰ্মাণ হোৱা ছবিখনে ২০১৫ চনত "শ্ৰেষ্ঠ অসমীয়া ছবি"ৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল।
-
অবুজ বেদনা (চলচ্চিত্ৰ)
অবুজ বেদনা (Abuj Bedana) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, গুণসিন্ধু হাজৰিকা পৰিচালিত এখন ৰঙীন শিশু কথাছবি। এইখন অসমীয়া চিনেমা বছৰটোৰ শেষত ডিচেম্বৰ মাহত ছবি ঘৰত দেখিবলৈ পোৱা গৈছিল। অবুজ বেদনা পৰিচালকগৰাকীৰ পৰিচালিত একমাত্ৰ কথাছবি। মহাবাহু চিনে এণ্টাৰপ্ৰাইজেছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।
-
অভিমান
অভিমান (Abhiman) ১৯৯০ চনত মুক্তি পোৱা এম জে ফিল্মৰ বেনাৰত নিৰ্মিত মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা মাণিক ৰহমান আৰু জোনটি দৌলাৰ। সঙ্গীত পৰিচালনা প্ৰশান্ত বৰদলৈৰ।
-
আজান ফকীৰ চাহেব (চলচ্চিত্ৰ)
আজান ফকীৰ চাহেব হৈছে বাণী কলিতা পৰিচালিত আৰু আছিফ ইকবাল হুছেইন প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০৮ চনৰ ২৫ এপ্ৰিল তাৰিখে চলচ্চিত্ৰখন মুক্তি দিয়া হয়। বাগদাদৰ পৰা অসমলৈ অহা ছুফী সন্ত আজান ফকীৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি বোলছবিখন নিৰ্মাণ কৰা হয়।
-
ইটো সিটো বহুতো
ইটো সিটো বহুতো ( Ito Sito Bahuto) ২২ নৱেম্বৰ ১৯৬৩ চনত মুক্তি পোৱা প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি। ছবিৰ পৰিচালনা, চিত্ৰনাট্য আৰু সঙ্গীত ব্ৰজেন বৰুৱাৰ। জে পি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। এটা বিদেশী গল্পৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।
-
কেলেণ্ডাৰ (চলচ্চিত্ৰ)
কেলেণ্ডাৰ (calendar) ২০১৮ৰ ৯ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। এনাজৰী টকীজৰ বেনাৰত হিমজ্যোতি তালুকদাৰে ছবিখনৰ পৰিচালনা কৰিছে। ছবিখন প্ৰযোজনা কৰিছে হিমজ্যোতি তালুকদাৰ আৰু দিক্ষিত দাসে। ছবিখনত চৰিত্ৰসমূহত মলয়া গোস্বামী, অৰুণ নাথ, গুঞ্জন ভৰদ্বাজ আৰু ৰিমঝিম ডেকাই অভিনয় কৰিছে।
-
চাকনৈয়া (১৯৫৯ চলচ্চিত্ৰ)
চাকনৈয়া হ'ল শৈল বৰুৱাই পৰিচালনা কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ১৯৫৯ চনত মুক্তি লাভ কৰিছিল। বোলছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ দুৰ্গেশ্বৰ বৰঠাকুৰৰ। সংগীত পৰিচালনা মুকুল বৰুৱাৰ। কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত চলচ্চিত্ৰখনৰ শ্বুটিং হৈছিল আৰু সম্পাদনাৰ সকলো কাম কলকাতাতে কৰা হৈছিল।
-
জীৱন নদীৰ দুটি পাৰ
জীৱন নদীৰ দুটি পাৰ ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জে আৰ পি ফিল্ম্ছৰ বেনাৰত সবিতা বৰাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা মুন্না আহমেদৰ। সংগীত পৰিচালনা কৰে জুবিন গাৰ্গ আৰু দিগন্ত কলিতাই। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা আৰু প্ৰস্তুতি পৰাশৰে।
-
জুয়ে পোৰা সোণ
জুয়ে পোৰা সোণ (Juye Poora Xoon) হৈছে ২০০৪ চনৰ ৯ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ লিখাৰ লগতে পৰিচালনাৰ দায়িত্বও পালন কৰিছিল সঞ্জীৱ সভাপণ্ডিতে।
-
ডক্তৰ বেজবৰুৱা ২
ডক্তৰ বেজবৰুৱা ২ ( Dr. Bezbaruah 2 ) ৩ ফেব্ৰুৱাৰী ২০২৩-ত মুক্তি পোৱা অসমীয়া ভাষাৰ ছাচপেন্স থ্ৰিলাৰ ছবি। এইখন ১৯৬৯ চনত মুক্তি পোৱা ডক্তৰ বেজবৰুৱাৰ চিকুৱেল। ডক্তৰ বেজবৰুৱা ২ নিপন গোস্বামীয়ে পৰিচালনা কৰিছে। গোস্বামীয়ে পূৰ্বৰ ডক্তৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
তুমি যদি কোৱা
তুমি যদি কোৱা (Tumi Jodi Kuwa) এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ এই বোলছবিখনৰ পৰিচালনা আৰু সংলাপ চিম্পল গগৈৰ৷ এল এন ফিল্মছৰ বেনাৰত জিতুমণি টেৰণে এই বোলছবিৰ প্ৰযোজনা কৰে৷ এই বোলছবিত অভিনয় কৰা উল্লেখযোগ্য শিল্পীসকল হৈছে- প্ৰসেনজিত বৰা, জুপিতৰা ভূঞা, মুনমী কলিতা, ৰূপম শৰ্মা, প্ৰিন্স, ভাস্কৰ ৰঞ্জন,…
-
তুলা আৰু তেজা (চলচ্চিত্ৰ)
তুলা আৰু তেজা হৈছে ২০১২ চনৰ ১৩ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নিৰি প্ৰডাকচনৰ বেনাৰত জয়ন্ত খাউণ্ডে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে জোনমণি দেৱী খাউণ্ডে। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ "তুলা আৰু তেজা" নামৰ সাধুৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হয়।
-
দিকচৌ বনত পলাশ
দিকচৌ বনত পলাশ (Dikchow Banat Palaax) হৈছে ২০১৬ চনৰ ১৮ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে সঞ্জীৱ সভাপণ্ডিতে আৰু প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতে আৰু কেনভাস্ক'পৰ বেনাৰত সহঃ প্ৰযোজক উৎপল কুমাৰ দাসে।
-
নতুন পৃথিৱী
নতুন পৃথিৱী (Natun Prithibi) আনোৱাৰ ফিল্মচৰ বেনাৰত নিৰ্মিত আৰু আনোৱাৰ হুছেইন পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া কথাছবি। আনোৱাৰ ফিল্মচৰ দ্বাৰা নিৰ্মিত এয়া দ্বিতীয় ছবি। ১৯৫৮ চনত ছবিখনে মুক্তি পাইছিল। কাহিনীটোৱো আনোৱাৰ হুচেইনে ৰচনা কৰিছিল। সংলাপ লিখিছিল পদ্ম বৰকটকী আৰু সৰ্বানন্দই।
-
পত্নী (চলচ্চিত্ৰ)
পত্নী (Patni) ২০০৩ চনত মুক্তি পোৱা পুলক গগৈ পৰিচালিত আৰু পি জি ফিল্মছ (পুলক গগৈ ফিল্মছ) প্ৰযোজিত এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। ছবিৰ সংগীত অতুল মেধিৰ। মূল ভুমিকাত অভিনয় কৰিছে জয়ন্ত ভাগৱতী আৰু পাকিজা বেগমে।
-
পানী (১৯৯৫ চলচ্চিত্ৰ)
পানী (Paani) ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। নবাৰুণ ফিল্মচৰ (অসম) বেনাৰত আৰু নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল প্ৰফুল্ল শইকীয়াই। প্ৰফুল্ল শইকীয়া প্ৰথম কাৰ্বি ছবি ‘জিৰচঙ’ৰ পৰিচালক আছিল। ছবিখনৰ গীতৰ কথাংশ আৰু সঙ্গীত আছিল ভূপেন হাজৰিকাৰ।
-
পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ)
পাপ আৰু প্ৰায়শ্চিত্ত (Paap aru Praischitta) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। সংগীত জীতেন বৰুৱাৰ। ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।
-
পুৱতি নিশাৰ সপোন
পুৱতি নিশাৰ সপোন (Puwati Nishar Sapon) ১৯৫৯ত মুক্তি পোৱা এখন অসমীয়া কথাছবি। ফণী শৰ্মাই ছবিখন পৰিচালনা কৰাৰ উপৰিও কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ৰূপজ্যোতি প্ৰডাকচনৰ বেনাৰত গামা প্ৰসাদ আগৰৱালাই ছবিখন প্ৰযোজনা কৰিছিল।
-
পৰিণাম
পৰিণাম ( Parinam ) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। বিজয় ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল প্ৰবীণ বৰা।
-
বসুন্ধৰা (চলচ্চিত্ৰ)
বসুন্ধৰা (The Earth) হৈছে, ২০১০ চনৰ ১৫ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। সুৰভি এন্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত আৰু হীৰেন বৰা পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া ইত্যাদি।
-
বাঁকৰ পুতেক
বাঁকৰ পুতেক ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। ছবিখনৰ প্ৰযোজক অমল বৰুৱা আৰু পৰিচালক চন্দ্ৰ মুদৈ। প্ৰচলিত জন বিশ্বাসৰ ওপৰত ভিত্তি কৰি এই ছবিখনৰ কাহিনী ভাগ আগবাঢ়িছে।