খেল-ধেমালি
ক্ৰিকেট, ফুটবল, অলিম্পিক আৰু খেলুৱৈ · ১৮০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গ্ৰীণ পাৰ্ক ষ্টেডিয়াম
গ্ৰীণ পাৰ্ক ষ্টেডিয়াম (Green Park Stadium) হৈছে ভাৰতৰ কানপুৰত অৱস্থিত ৩২,০০০ ক্ষমতাৰ ফ্লাডলাইট ক্ৰিকেট ষ্টেডিয়াম, আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট দলৰ ষ্টেডিয়াম। ষ্টেডিয়ামখন ক্ৰীড়া বিভাগ উত্তৰ প্ৰদেশৰ নিয়ন্ত্ৰণত আছে।
-
চাফ চেম্পিয়নশ্বিপ
দক্ষিণ এচিয় ফুটবল ফেডাৰেচন চেম্পিয়নশ্বিপ, সাধাৰণতে চাফ কাপ (পূৰ্বতে দক্ষিণ এচিয় এছ'চিয়েচন অৱ ৰিজিঅ'নেল কো-অপাৰেচন গোল্ড কাপ আৰু দক্ষিণ এচিয় ফুটবল ফেডাৰেচন গোল্ড কাপ নামেৰে জনাজাত), হৈছে পুৰুষৰ ৰাষ্ট্ৰীয় ফুটবল দলসমূহৰ মূল আন্তঃৰাষ্ট্ৰীয় এছ'চিয়েচন ফুটবল প্ৰতিযোগিতা দক্ষিণ এচিয় ফুটবল ফেডাৰেচন…
-
জুৱা খেল
জুৱা হৈছে লাভ আৰু লোকচানৰ মাজত ওলমি থকা এবিধ খেল। জুৱাত মূলতঃ নিৰ্দিষ্ট পৰিমাণৰ ধন বা বস্তু (যিবোৰক পুৰস্কাৰ হিচাপে গণ্য কৰা হয়) জড়িত হৈ থাকে। তাৰ পিছত দুয়োটা পক্ষই এটা নিৰ্দিষ্ট বিষয়ত সহমতত উপনীত হয় আৰু জয় বা পৰাজয় নিৰ্ণয় কৰে।
-
জৱাহৰলাল নেহৰু ষ্টেডিয়াম (নতুন দিল্লী)
জৱাহৰলাল নেহৰু ষ্টেডিয়াম (Jawaharlal Nehru Stadium) হৈছে ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন ক্ৰীড়া ষ্টেডিয়াম। ইয়াক ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ কৰা হৈছে।
-
টিপ-কেট (খেল)
টিপ-কেট (বা মেকুৰী, মেকুৰী আৰু কুকুৰ, ৱান-এ-কেট, ভোদা, বা গাহৰিৰ পোৱালি বুলিও কোৱা হয়) বেছবলৰ বেট বা ঝাড়ুৰ হেণ্ডেলৰ দৰে ডাঙৰ লাঠিৰে এডাল সৰু, সাধাৰণতে ৩ৰ পৰা ৬ ইঞ্চি (৮ৰ পৰা ১৫ চে.মি.)তকৈ বেছি নহয়, কাঠৰ টুকুৰাৰ সৈতে খেলা হয়।
-
দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬
দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬ (Officially the XII South Asian Games), অসম আৰু মেঘালয়ৰ ৰাজধানী গুৱাহাটী আৰু ছিলঙত ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া এক বৃহৎ বহু-ক্ৰীড়া প্ৰতিযোগিতা দক্ষিণ এছিয় ক্ৰীড়াৰ শেহতীয়া সংস্কৰণ।
-
ফিফাত দেশসমূহৰ সংকেতৰ তালিকা
ফিফা (FIFA)ত অংশগ্ৰহণ কৰা সদস্য বা অ-সদস্য দেশসমূহৰ বাবে তিনিটা আখৰৰ দেশীয় সংকেত (country code বা trigramme / trigram)থাকে| These are the official codes used by FIFA and its continental confederations (AFC, CAF, CONCACAF, CONMEBOL, OFC and UEFA) as name abbreviations of countries and dependent…
-
বিশ্বকাপ ক্ৰিকেট ২০১৫
বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত মুঠ ১৪খন ষ্টেডিয়ামত ৪৯খন খেল অনুষ্ঠিত হৈছিল।
-
বিশ্বকাপ ক্ৰিকেট ২০২৩
বিশ্বকাপ ক্ৰিকেট ২০২৩ হৈছে ২০২৩ চনত ভাৰতত আয়োজিত হোৱা এক ক্ৰীড়া প্ৰতিযোগিতা। ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়। ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ বাৰৰ বাবে আয়োজন কৰে।
-
মক্কাৰ বলী খেল
মক্কাৰ বলী খেল বাংলাদেশত প্ৰচলিত এক বিশেষ ধৰণৰ মল্লযুঁজ, যিখন প্ৰতি বছৰে বাংলা বৰ্ষৰ প্ৰথম মাহ বৈশাখৰ ৭ তাৰিখে চিটাগং সাতকনীয়া উপজিলাৰ অন্তৰ্গত মাদৰ্শা ইউনিয়নত অনুষ্ঠিত হয়। এই খেলত অংশগ্ৰহণকাৰীসকলক "বলী" বুলি কোৱা হয়। চট্টগ্ৰামৰ আঞ্চলিক ভাষাত ইয়াক বলী খেলা বুলি জনা যায়।
-
মাঞ্জা
মাঞ্জা (বা মাঞ্জা) হৈছে মূলতঃ দক্ষিণ এছিয়াৰ দেশসমূহত যুঁজাৰু চিলা উৰুৱাবলৈ ব্যৱহাৰ কৰা এবিধ ৰছী। কপাহৰ ৰছীত গুড়ি কাঁচ বা তেনেধৰণৰ ঘৰ্ষণকাৰী বস্তুৰে আৱৰণ দি ইয়াক তৈয়াৰ কৰা হয়। চিলিত ইয়াক হিলো কুৰাডো (নিমজ কৰা সূতা) বুলি কোৱা হয়।
-
লাঠি খেল
লাঠি খেল হৈছে বঙালীৰ পৰম্পৰাগত মাৰ্চিয়েল আৰ্টচ্, ই বাংলাদেশত প্ৰচলিত একপ্ৰকাৰৰ লাঠি যুঁজ। এজন অনুশীলনকাৰীক লাঠিয়াল বুলি জনা যায়। লাঠি খেলাৰ উৎপত্তি ভাৰত উপমহাদেশৰ বংগ অঞ্চলৰপৰা হৈছিল।
-
লালৰেমচিয়ামী
লালৰেমচিয়ামী মাৰ (Lalremsiami Hmar; জন্ম: ৩০ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ যি ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে। ক্লাব পৰ্যায়ত তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ হৈ খেলে। ২০১৮ চনৰ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰা ১৮ জনীয়া দলৰ অংশ আছিল লালৰেমছিয়ামী।
-
হুৱেন লেংলন
হুৱেন লেংলন হৈছে মণিপুৰৰ ভাৰতীয় যুদ্ধ কলা। মৈতৈ ভাষাত হুয়েনৰ অৰ্থ যুদ্ধ, আনহাতে লেংলন বা লেংলংৰ অৰ্থ জাল, জ্ঞান বা শিল্প হ’ব পাৰে। হুয়েন লেংলন দুটা মূল উপাদানৰে গঠিত: থাং-টা (সশস্ত্ৰ যুদ্ধ) আৰু শ্বাৰিট ছাৰ্ক (নিৰস্ত্ৰ যুদ্ধ)। হুইন লেংলনৰ প্ৰধান অস্ত্ৰ হ’ল থাং (তৰোৱাল) আৰু টা (চালী)।
-
২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপ
২০২৬ আইচিচি মহিলা টি-২০ বিশ্বকাপ হ’ল আইচিচি মহিলা টি-২০ বিশ্বকাপৰ দশম সংস্কৰণ। এই প্ৰতিযোগিতাখন ২০২৬ চনৰ ১২ জুনৰ পৰা ৫ জুলাইলৈ ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ দ্বাৰা ইংলেণ্ডত আয়োজন কৰা হৈছে। ইয়াৰ পূৰ্বে ইংলেণ্ডে ২০০৯ চনত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল।
-
ৰিতু ৰাণী
ৰিতু ৰাণী (Ritu Rani, জন্ম ২৯ ডিচেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলটোত 'হাফবেক' হিচাপে খেলে। ৰাণীয়ে দলটোক ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ত নেতৃত্ব দিছিল।
-
অলিম্পিকত উত্তৰ কোৰিয়া
এছিয়া মহাদেশৰ অন্য়তম শক্তিশালী দেশ উত্তৰ কোৰিয়াই ১৯৬৪ চনত প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল।উত্তৰ কোৰিয়াৰ বাবে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি হৈছে কোৰিয়াৰ গণতান্ত্ৰিক গণৰাজ্যৰ অলিম্পিক কমিটি। এই সমিতি ১৯৫৩ চনত গঠন কৰা হৈছিল আৰু ১৯৫৭ চনত ইয়াক স্বীকৃতি দিয়া হৈছিল।
-
অলিম্পিকত পাকিস্তান
পাকিস্তানে ১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। দেশখনত ১৯৪৮ চনত পাকিস্তান অলিম্পিক এছ’চিয়েচন গঠন হোৱাৰ বিপৰীতে ১৯৬২ চনত পাকিস্তান স্প’ৰ্টছ ব’ৰ্ড গঠন কৰা হয়।
-
অলিম্পিকত মালদ্বীপ
১৯৮৮ চনত মালদ্বীপে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল।তাৰ পিছত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈ পঠিয়াইছে যদিও শীতকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰা নাই।
-
অলিম্পিকত হংকং
১৯৫২ চনত হংকঙে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল। ১৯৯৬ চনলৈকে ই ব্ৰিটিছ উপনিবেশিক দেশ হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ১৯৯৭ চনত এই ভূখণ্ড হস্তান্তৰ কৰাৰ পিছত ২০০০ চনৰ পৰা বিশেষ প্ৰশাসনিক অঞ্চল (SAR) হিচাপে মৰ্যাদা লৈ "হংকং, চীন" হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
-
আকি কিটি
আকি কিটি (Aki Kiti) চুমি নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। অৰ্ধ-স্পৰ্শ যুঁজাৰু হিচাপে আকি কিটিৰ বিশেষত্ব হৈছে কেৱল ভৰিৰ তলুৱা ব্যৱহাৰ কৰি কিক বা গোৰ মাৰা আৰু অৱৰোধ কৰা। পৰম্পৰাগত খেল হিচাপে ইয়াৰ উৎপত্তিৰ সঠিককৈ জনা নাযায়।
-
ইউৱান কিনয়ুৱে
ইউৱান কিনয়ুৱে (জন্ম ২১ ডিচেম্বৰ ১৯৯৬) এগৰাকী চীনা ভলীবল খেলুৱৈ। তেওঁ চীনৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক। ক্লাব পৰ্যায়ত তেওঁ ভাকিফ বেংক এছ.কে.-ৰ হৈ খেলে। ২.০৩ মিটাৰ উচ্চতাৰে ইউৱান চীনৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ ইতিহাসত আটাইতকৈ ওখ খেলুৱৈ।
-
ইৰানৰ ক্ৰীড়া
ইৰানত ক্ৰীড়া ইৰাণৰ বহু খেল পৰম্পৰাগত আৰু আধুনিক দুয়োটা। উদাহৰণস্বৰূপে, ১৯৭৪ চনত পশ্চিম এছিয়াৰ প্ৰথমখন চহৰ আছিল তেহৰাণ যিয়ে এছিয়ান গেমছ আয়োজন কৰিছিল আৰু আজিও আন্তঃৰাষ্ট্ৰীয় বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন আৰু অংশগ্ৰহণ অব্যাহত আছে।
-
এম্পে (খেল)
এম্পে স্কুলীয়া বয়সৰ ল’ৰা-ছোৱালীয়ে খেলা এটা সহজ কিন্তু শক্তিচালিত খেল। ইয়াৰ উৎপত্তি ঘানাৰ পৰা হৈছিল আৰু ই আন চুবুৰীয়া দেশতো খেলিছিল। ইয়াক দুজন বা তাতকৈ অধিক লোকে খেলে আৰু ইয়াৰ বাবে কোনো সঁজুলিৰ প্ৰয়োজন নহয়।
-
এলনাজ ৰেকাবি
এলনাজ ৰেকাবি ( Elnaz Rekabi) এগৰাকী ইৰাণী মহিলা প্ৰফেছনেল শৈলাৰোহণকাৰী বা পৰ্বতাৰোহী খেলুৱৈ। ২০২১ চনৰ আই এফ এছ চি ক্লাইম্বিং বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি মহিলাৰ সংযুক্ত ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
এল্লে
এল্লে হৈছে শ্ৰীলংকাৰ জনপ্ৰিয় বেট-এণ্ড-বল খেল যিটো লেহেমীয়া পিটচ চফ্টবলৰ স্থানীয় নাম হিচাপেও ব্যৱহাৰ কৰা হয়। এই খেলখন প্ৰায়ে গ্ৰাম্য গাঁও আৰু চহৰ অঞ্চলত খেলা হয়। আধুনিক বিশ্বত জনপ্ৰিয় ক্ৰীড়াসমূহৰ ভিতৰত এল্লে খেলৰ সৈতে চফ্টবলৰ সাদৃশ্য আটাইতকৈ বেছি দেখা যায়।
-
কচুগুটি খেল
কচুগুটি খেল সাধাৰণতে দুটি সৰু ল’ৰা-ছোৱালীৰ মাজত খেলা হয়৷ কেতিয়াবা দুটাতকৈ বেছি ল’ৰা-ছোৱালীৰ মাজতো কচুগুটি খেল খেলা হয়৷ খেলুৱৈ বেছি হ’লে, খেলুৱৈসকল দুটা দলত ভাগ হৈ ল’ব লাগে৷ নামটো কচুগুটি যদিও প্ৰকৃততে কচুগুটি হাতত লোৱা নহয়৷ যিকোনো সৰু গুটি যেনে- তেঁতেলী গুটি, বগৰী গুটি বা সৰু শিলগুটি আদিৰেহে এই…
-
কেনে (মল্লযুঁজ)
কেনে বা নাগা মল্লযুঁজ নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। ই কোৰিয়াৰ পৰম্পৰাগত ৰাষ্ট্ৰীয় ক্ৰীড়া চিৰিয়ামৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। খেলৰ উদ্দেশ্য হ'ল প্ৰতিপক্ষৰ শৰীৰৰ আঁঠুৰ ওপৰৰ যিকোনো অংশ ভূমিত স্পৰ্শ কৰোৱা।
-
কোমোৰা খেল
কোমোৰা খেল অসমৰ অতি পুৰণি খেল। কোনো খেলৰ সামগ্ৰী নোহোৱাকৈ এই খেল খেলা হয়। সচৰাচৰ এই খেল গৰু চৰাবলৈ যোৱা গৰখীয়াৰ ল’ৰাৰ জাকে সময় পাৰ কৰিবলৈ খেলিছিল। এই খেলত যথেষ্ট ধৈৰ্য আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হয়।
-
ক্ষমতা অনুসৰি ষ্টেডিয়ামৰ তালিকা
নিম্নলিখিতবোৰ হৈছে উল্লেখযোগ্য ক্ৰীড়া ষ্টেডিয়ামৰ এখন তালিকা, যিবোৰৰ ধাৰণ ক্ষমতাৰ ওপৰত নিৰ্দেশ কৰা হয়, যি সাধাৰণতে তেওঁলোকে স্থান দিব পৰা সৰ্বাধিক দৰ্শকৰ সংখ্যা বুজায়।