ক্ৰীড়া সংস্থা
৫ প্ৰবন্ধ
-
ফিফা
Fédération Internationale de Football Association বা আন্তৰ্জাতিক ফুটবল সংস্থা (ফিফা,; ইংৰাজী: International Federation of Association Football) ফুটবল, ফুটছাল আৰু বীচ্চ ছকাৰৰ আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰী সংস্থা। ২০৯টা ৰাষ্ট্ৰীয় সন্থা ইয়াৰ সদস্য। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জুৰিখত অৱস্থিত।
-
অসম ক্ৰিকেট সন্থা
অসম ক্ৰিকেট সন্থা হ'ল অসম ক্ৰিকেট দলৰ ক্ৰিকেট কাৰ্য্যকলাপৰ পৰিচালনা কমিটী। ই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই)ৰ শাখাভুক্ত। সন্থাৰ কাৰ্য্যালয় গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অৱস্থিত।
-
ভাৰতীয় অলিম্পিক সংঘ
ভাৰতীয় অলিম্পিক সংঘ হৈছে ভাৰতৰ এনে এটা সংস্থা যি বৰ্তমান ভাৰতৰ পৰা অলিম্পিক গেমছ, এছিয়ান গেমছ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ ক্ৰীড়াবিদ নিৰ্বাচন আৰু প্ৰেৰণ কৰাৰ লগতে এই প্ৰতিযোগিতাত ক্ৰীড়াবিদ সকলক পৰিচালনা কৰে।
-
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (International Cricket Council; চমুকৈ আই.চি.চি) হৈছে ক্ৰিকেটৰ বিশ্বব্যাপী শাসক সংস্থা। ১৯০৯ চনত অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিয়ে ইয়াক ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স হিচাপে প্ৰতিষ্ঠা কৰিছিল।
-
অসম ফুটবল সন্থা
অসম ফুটবল সন্থা ভাৰতৰ ৩৬খন ৰাজ্যিক ফুটবল সন্থাৰ অন্যতম যি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অন্তৰ্গত। অসম ফুটবল সন্থাই অসমৰ ফুটবলক পৰিচালনা কৰে। ই অসমৰ ৰাজ্যিক পুৰুষ আৰু মহিলা উভয় ফুটবল দলসমূহক নিয়ন্ত্ৰণ কৰে তথা এই দলসমূহক তৈয়াৰ কৰি সন্তোষ ট্ৰফী আৰু ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপলৈ…