অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

অলিম্পিকত মালদ্বীপ

১৯৮৮ চনত মালদ্বীপে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল।তাৰ পিছত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈ পঠিয়াইছে যদিও শীতকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰা নাই।

হালনাগাদ: ১০ জানুৱাৰী ২০২৫ ৭৩৪ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

১৯৮৮ চনত মালদ্বীপে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল।তাৰ পিছত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈ পঠিয়াইছে যদিও শীতকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰা নাই।

১৯৮৫ চনত মালদ্বীপৰ বাবে ৰাষ্ট্ৰীয় অলিম্পিক সমিতি গঠন কৰা হয় আৰু সেই বছৰতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ দ্বাৰা স্বীকৃতি দিয়া হয়। ১৯৮৮ চনত দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত মালদ্বীপে প্ৰথমবাৰৰ বাবে অলিম্পিকত প্ৰৱেশ কৰিছিল পুৰুষৰ ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৪০০ মিটাৰ স্প্ৰিণ্ট, পুৰুষৰ মাৰাথন আৰু পুৰুষৰ ৪ × ১০০ মিটাৰ ৰিলেত সাতগৰাকী খেলুৱৈৰ সৈতে। ২০২৪ চনলৈকে মালদ্বীপে অলিম্পিকত কোনো পদক লাভ কৰা নাই।

১৯৮৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিক

অলিম্পিকৰ চিহ্ন
অলিম্পিকৰ চিহ্নছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0

১৯৮৮ চনত দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত মালদ্বীপ দলে ৭ গৰাকী খেলুৱৈয়ে এথলেটিকছত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইছমাইল আছিফ ৱাহিদে ১০০ আৰু ২০০ মিটাৰ দৌৰত অংশ লৈছিল যদিও পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িব নোৱাৰিলে। আহমেদ শ্বাগীফে ৪০০ মিটাৰ দৌৰত ৫০.৬১ ছেকেণ্ড সময়েৰে দৌৰি সামগ্ৰিকভাৱে ৬৭ নম্বৰ স্থান দখল কৰি ছেমি ফাইনেললৈ আগবাঢ়িব নোৱাৰিলে। পুৰুষৰ মাৰাথনত অংশগ্ৰহণ কৰে দুগৰাকী স্প্ৰিণ্টাৰ আব্দুল হাজী আব্দুল লাথিফ আৰু হুছেইন হালিমে। দুয়োগৰাকী খেলুৱৈয়ে দৌৰ সমাপ্ত কৰিব নোৱাৰিলে। পুৰুষৰ ৪ × ১০০ মিটাৰ ৰিলে দলত ইছমাইল আছিফ ৱাহিদ, ইব্ৰাহিম মানিক, আব্দুল ৰাজজাক আবুবাকুৰ আৰু মহম্মদ হানিম উপস্থিত থাকে। প্ৰথমখন হিটত ৪৪.৩১ ছেকেণ্ড সময়েৰে অন্ত পেলাই হিটত সপ্তম আৰু শেষ স্থান দখল কৰে। এইটো পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়ি যাবলৈ যথেষ্ট দ্ৰুত নাছিল।১

১৯৯২ চনৰ গ্ৰীষ্মকালীন অলিম্পিক

১৯৯২ চনত স্পেইনৰ বাৰ্চিলোনাত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকলৈ মালদ্বীপ দলে ৭ গৰাকী খেলুৱৈক প্ৰেৰণ কৰে। আহমেদ শ্বাগীফ, মহম্মদ আমিৰ, হুছেইন ৰিয়াজ, হুছেইন হালিম আৰু আমিনাথ ৰিষ্ঠাই ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত অংশগ্ৰহণ কৰিছিল আৰু আহমেদ ইমথিয়াজ আৰু মহম্মদ ৰছিদে এই গেমছত সাঁতোৰত দেশক প্ৰতিনিধিত্ব কৰিছিল।২

১৯৯৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিক

১৯৯৬ চনত আমেৰিকাৰ আটলান্টাত অনুষ্ঠিত হোৱা গেমছত মালদ্বীপৰ প্ৰতিনিধি দলত পাঁচজন ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ আৰু এজন সাঁতোৰবিদ আছিল। পুৰুষৰ ৪০০ মিটাৰ, ৮০০ মিটাৰ আৰু ১৫০০ মিটাৰ দৌৰত স্প্ৰিণ্টাৰ মহম্মদ আমিৰ, নাছিৰ ইছমাইল আৰু হুছেইন ৰিয়াজে অংশগ্ৰহণ কৰে। আহমেদ শ্বাগীফৰ সৈতে তিনিওজনে পুৰুষৰ মাৰাথনত অংশগ্ৰহণ কৰি শেষ স্থান দখল কৰি পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িব নোৱাৰিলে। ১৯৯৬ চনৰ খেলখনত মালদ্বীপক প্ৰতিনিধিত্ব কৰা একমাত্ৰ মহিলা খেলুৱৈ আছিল ইয়াজনী নাছিদা। মহিলাৰ ৮০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি হিটত শেষ স্থান দখল কৰি পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। সাঁতোৰত মুছা নাজিমে পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইলত মালদ্বীপক প্ৰতিনিধিত্ব কৰিছিল।৩

২০০০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক

২০০০ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত মালদ্বীপে দুজন খেলুৱৈ আৰু দুজন সাঁতোৰবিদৰ প্ৰতিনিধি দল প্ৰেৰণ কৰে। ক্ৰমে পুৰুষৰ ৮০০ মিটাৰ আৰু মহিলাৰ ১০০ মিটাৰ দৌৰত স্প্ৰিণ্টাৰ নাছিৰ ইছমাইল আৰু ছামহা আহমেদে প্ৰতিদ্বন্দ্বিতা কৰে। ইফালে সাঁতোৰবিদ হাছান মুবাহ আৰু ফৰিহা ফাতিমাথে পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল আৰু মহিলাৰ ৫০ মিটাৰ ফ্ৰীষ্টাইলত অংশগ্ৰহণ কৰে।৪

২০০৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিক

২০০৪ চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকলৈ মালদ্বীপে দুগৰাকী খেলুৱৈ আৰু দুগৰাকী সাঁতোৰবিদৰ প্ৰতিনিধি দল প্ৰেৰণ কৰে। পুৰুষৰ ১০০ মিটাৰ আৰু মহিলাৰ ৪০০ মিটাৰ দৌৰত ক্ৰমে খেলুৱৈ চুলতান ছাইদ আৰু শ্বিফানা আলীয়ে অংশগ্ৰহণ কৰে। শ্বিফানাই ৪০০ মিটাৰ দৌৰত ১ মিনিট ০০.৯২ ছেকেণ্ড সময় লৈ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িব। সাঁতোৰত হাছান মুবাহে পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইলত অলিম্পিকত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰে। আমিনাথ ৰৌয়া হুছেইনে মহিলাৰ ৫০ মিটাৰ ফ্ৰীষ্টাইলত অংশগ্ৰহণ কৰিছিল।৫

২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিক

২০০৮ চনত চীনৰ বেইজিঙত অনুষ্ঠিত হোৱা খেলত মালদ্বীপক প্ৰতিনিধিত্ব কৰিছিল দুগৰাকী স্প্ৰিণ্টাৰ আৰু দুগৰাকী সাঁতোৰবিদে। পুৰুষৰ ১০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰা স্প্ৰিণ্টাৰ আলী শ্বৰীফে ১১.১১ ছেকেণ্ড সময়েৰে খেলখন শেষ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। মহিলাৰ ৮০০ মিটাৰ দৌৰত মালদ্বীপ দলক প্ৰতিনিধিত্ব কৰে ঐশ্বত ৰীশাই। সাঁতোৰবিদ ইব্ৰাহিম শ্বামিল আৰু আমিনাথ ৰৌয়া হুছেইনে ক্ৰমে পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল আৰু মহিলাৰ ৫০ মিটাৰ ফ্ৰীষ্টাইলত অংশগ্ৰহণ কৰে।৬

২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিক

২০১২ চনত যুক্তৰাজ্যৰ লণ্ডনত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকলৈ মালদ্বীপ দলে পাঁচগৰাকী খেলুৱৈক প্ৰেৰণ কৰে। ক্ৰমে পুৰুষৰ ১০০ মিটাৰ আৰু মহিলাৰ ১০০ মিটাৰত স্প্ৰিণ্টাৰ আজনিম আহমেদ আৰু আফা ইছমাইলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আজনিমে ১০.৭৯ ছেকেণ্ড সময়েৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। বেডমিণ্টন ইভেণ্টত মালদ্বীপক প্ৰতিনিধিত্ব কৰে মহম্মদ আজফান ৰছিদে। আহমেদ হুছাম আৰু আমিনাথ শ্বাজনে সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৭

২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিক

২০১৬ চনত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত খেলত মালদ্বীপক প্ৰতিনিধিত্ব কৰিছিল দুগৰাকী স্প্ৰিণ্টাৰ আৰু দুগৰাকী সাঁতোৰবিদে। পুৰুষৰ ১০০ মিটাৰ দৌৰৰ প্ৰথম হিটত প্ৰথম স্থান দখল কৰি হাছান ছাইদে দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়ি যায় য’ত শেষ স্থান দখল কৰাৰ পিছত বাহিৰ হয়। স্প্ৰিণ্টাৰ আফা ইছমাইলে মহিলাৰ ২০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ অৰ্জন কৰে। সাঁতোৰবিদ নিশ্বৱান ইব্ৰাহিম আৰু আমিনাথ শ্বাজনে ক্ৰমে পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল আৰু মহিলাৰ ১০০ মিটাৰ ফ্ৰীষ্টাইলত অংশগ্ৰহণ কৰে।৮

২০২০ গ্ৰীষ্মকালীন অলিম্পিক

২০২০ চনত জাপানৰ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে মালদ্বীপে চাৰিজন খেলুৱৈৰ প্ৰতিনিধি দল প্ৰেৰণ কৰে। ক’ভিড-১৯ মহামাৰীৰ বাবে এই খেলখন ২০২১ চনৰ জুলাইলৈ পলম হৈছিল। পুৰুষৰ ১০০ মিটাৰ দৌৰত স্প্ৰিণ্টাৰ হাছান ছাইদে প্ৰতিদ্বন্দ্বিতা কৰে। মহিলা একক শাখাত অংশ লৈছিল ফাতিমথ নবাহা আব্দুল ৰজ্জাকে। ক্ৰমে পুৰুষৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল আৰু মহিলাৰ ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ’কত সাঁতোৰবিদ মুবাল আজ্জাম ইব্ৰাহিম আৰু আইশাথ সাজিনাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। কোনো খেলুৱৈয়ে নিজৰ ব্যক্তিগত ইভেণ্টৰ প্ৰথম ৰাউণ্ডৰ পৰা পাৰ হোৱা নাছিল।৯

পদকৰ তালিকা

লগতে চাওক: All-time Olympic Games medal table

অলিম্পিকখেলুৱৈসোণৰূপব্ৰঞ্জমুঠস্থান
৭0000–
৭0000–
৬0000–
৪0000–
৪0000–
৪0000–
৫0000–
৪0000–
৪0000–
৫0000–
ভৱিয্যতৰ অলিম্পিক
মুঠ0000–

তথ্যসূত্ৰ

  1. ↑ Olympedia – Maldives at the 1988 Summer Olympics. Olympedia
  2. ↑ Olympedia – Maldives at the 1992 Summer Olympics. Olympedia
  3. ↑ Olympedia – Maldives at the 1996 Summer Olympics. Olympedia
  4. ↑ Olympedia – Maldives at the 2000 Summer Olympics. Olympedia
  5. ↑ Olympedia – Maldives at the 2004 Summer Olympics. Olympedia
  6. ↑ Olympedia – Maldives at the 2008 Summer Olympics. Olympedia
  7. ↑ Olympedia – Maldives at the 2012 Summer Olympics. Olympedia
  8. ↑ Olympedia – Maldives at the 2016 Summer Olympics. Olympedia
  9. ↑ Olympedia – Maldives at the 2020 Summer Olympics. Olympedia

সম্পৰ্কিত শ্ৰেণী

খেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলিম্পিকত মালদ্বীপ” প্ৰবন্ধৰ সংশোধন ৪৬২৯৯৭ (১০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।