অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

লালৰেমচিয়ামী

লালৰেমচিয়ামী মাৰ (Lalremsiami Hmar; জন্ম: ৩০ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ যি ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে। ক্লাব পৰ্যায়ত তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ হৈ খেলে। ২০১৮ চনৰ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰা ১৮ জনীয়া দলৰ অংশ আছিল লালৰেমছিয়ামী।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৪৫৯ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

লালৰেমচিয়ামী মাৰ (Lalremsiami Hmar; জন্ম: ৩০ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ যি ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে। ক্লাব পৰ্যায়ত তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ হৈ খেলে।১ ২০১৮ চনৰ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰা ১৮ জনীয়া দলৰ অংশ আছিল লালৰেমছিয়ামী। ইয়াৰ পাছত অনুষ্ঠিত হোৱা এছিয়ান গেমছত তেওঁ ৰূপৰ পদক অৰ্জন কৰে আৰু এছিয়ান পদক অৰ্জন কৰা মিজোৰামৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়।

প্ৰাৰম্ভিক জীৱন

লালৰেমচিয়ামীৰ জন্ম মিজোৰামৰ আইজলৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ (৫০ মাইল) দূৰত্বৰ চহৰ কোলাচিবত কৃষিজীৱীৰ এটা পৰিয়ালত হৈছিল।২ তেওঁৰ পিতৃ লালথানচাংগা জোটে এগৰাকী কৃষক আৰু মাতৃ লালজাৰমাৱী এগৰাকী গৃহিণী। লালৰেমচিয়ামীক ১১ বছৰ বয়সত চেৰছিপৰ থেনজলত মিজোৰাম চৰকাৰে চলোৱা এখন হকী একাডেমীলৈ নিৰ্বাচিত কৰা হৈছিল।৩ ২০১৬ চনত তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় হকী একাডেমীত যোগদান কৰে।৪৫ সেই সময়ছোৱাত তেওঁৰ হিন্দী ভাষাত ব্যুৎপত্তি নাছিল আৰু পাছলৈ সতীৰ্থসকলৰ সহায়ত ভাষাটো শিকিছিল।৬ সতীৰ্থসকলৰ মাজৰ তেওঁক 'চিয়ামী' বুলি পৰিচিত, যি তেওঁৰ সম্পূৰ্ণ নামৰ এটা সংক্ষিপ্ত উপনাম।৬

কেৰিয়াৰ

২০১৬ চনত এছিয়া কাপৰ ১৮ বছৰ অনুৰ্ধ ভাৰতীয় দলটোত লালৰেমছিয়ামীক অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পাছৰ বছৰ সেইসময়ৰ কনিষ্ঠ দলৰ প্ৰশিক্ষক বলজিৎ সিং চাইনীয়ে জ্যেষ্ঠ শিবিৰলৈ তেওঁক নিৰ্বাচন কৰে।৭ তেওঁ এছিয়ান যুৱ অলিম্পিক গেমছৰ যোগ্যতা অৰ্জনকাৰী খেলত ১৮ অনুৰ্ধ দলক প্ৰতিনিধিত্ব কৰিছিল, য'ত দলটোৱে দ্বিতীয় স্থান লাভ কৰিছিল। লালৰেমচিয়ামীয়ে পাঁচখন খেলত সাতটা গ'ল কৰি প্ৰতিযোগিতাখন সমাপ্ত কৰিছিল।৮ ২০১৭ চনৰ এছিয়া কাপত স্বৰ্ণ জয় কৰা জ্যেষ্ঠ দলত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছিল।৯ ২০১৮ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰা দলটোত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু দ্বিতীয় স্থান লাভ কৰিছিল। তেওঁ খেলপথাৰত মুঠ ৩১ মিনিটত খেল ছিল আৰু দুটা গ'ল কৰিছিল, যাৰ ভিতৰত আছিল এক গুৰুত্বপূৰ্ণ চূড়ান্ত ৰাউণ্ড-ৰবিন মেচত সমতা অৰ্জন কৰা গ'ল। ফলস্বৰূপে, তেওঁক প্ৰতিযোগিতাখনৰ '২১ অনুৰ্ধ ৰাইজিং ষ্টাৰ এৱাৰ্ড' হিচাপে নিৰ্বাচন কৰা হৈছিল।৮

লালৰেমচিয়ামীক ২০১৮ চনৰ বিশ্বকাপৰ বাবে ১৮ বছৰ বয়সত ভাৰতৰ কনিষ্ঠতম খেলুৱৈ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছিল।২ লীগ খেলসমূহত শক্তিশালী প্ৰদৰ্শনৰ পাছত লালৰেমচিয়ামীয়ে ইটালীৰ বিৰুদ্ধে ক্ৰছ অ'ভাৰ মেচত প্ৰতিযোগিতাখনৰ প্ৰথম আৰু একমাত্ৰ গ'লটো কৰে।১০ ভাৰতে ৩-০ ৰ জয়ৰ পাছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।১১ কোৱাৰ্টাৰ ফাইনেলত আয়াৰলেণ্ডৰ মুখামুখি হৈ তেওঁৰ দলটো পেনাল্টি শ্বুট আউটত পৰাজিত হয়১২ আৰু অষ্টম স্থানত থাকে।১৩

বিশ্বকাপৰ পিছত হোৱা জাকাৰ্টা এছিয়ান গেমছত লালৰেমচিয়ামীয়ে চাৰিটা গ'ল কৰিছিল। প্ৰথমটো গ'ল ইণ্ডোনেছিয়াৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলৰ ২৪ মিনিটত আহিছিল য'ত তেওঁৰ দলে ৮-০ ত জয়লাভ কৰিছিল।১৪ পৰৱৰ্তী খেলখনত কাজাখস্তানৰ বিৰুদ্ধে ২১-০ গ'লৰ বিজয়ত তেওঁ হেট্ৰিক অৰ্জন কৰে; জয়ৰ ব্যৱধানটো প্ৰতিযোগিতাখনৰ ভাৰতৰ দ্বিতীয় শ্ৰেষ্ঠ আছিল।১৫ ভাল প্ৰদৰ্শনৰ পিছত তেওঁৰ দল ফাইনেলত জাপানৰ হাতত ১-২ ব্যৱধানত পৰাজিত হয় আৰু ৰূপৰ পদকৰ লাভ কৰে।১৬ ইয়াৰ ফলত লালৰেমছিয়ামী এছিয়ান গেমছৰ পদক অৰ্জন কৰা মিজোৰামৰ প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত হয়।১৭ সেই বছৰ বুয়েনছ আইৰিছ যুৱ অলিম্পিকত অনুষ্ঠিত ফাইভ-এ-চাইড ইভেণ্টত তেওঁ ভাৰতক ৰূপৰ পদক অৰ্জন কৰাত সহায় কৰে, যিটো যুৱ অলিম্পিকৰ ইতিহাসত ভাৰতীয় হকী দলৰ প্ৰথম পদক আছিল।১৮ লালৰেমচিয়ামীয়ে প্ৰতিযোগিতাখনত নটা গ'ল কৰিছিল, যাৰ ভিতৰত আছিল অষ্ট্ৰিয়া,১৯ উৰুগুৱে২০ আৰু ভানুৱাটুৰ২১ প্ৰত্যেকৰ বিৰুদ্ধে কৰা দুটাকৈ গ'ল।

২০১৯ চনৰ জানুৱাৰীত ভাৰতৰ স্পেইন ভ্ৰমণৰ সময়ত স্পেইনৰ বিৰুদ্ধে ৫-২ ব্যৱধানতৰ জয় লাভ কৰাত লালৰেমচিয়ামীয়ে স্পেইনৰ বিৰুদ্ধে ২টা গ'ল দিছিল।২২ ২০২১ চনৰ জুন মাহত ঘোষণা কৰা ২০২০ টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় দলত তেওঁ অন্তৰ্ভুক্ত কৰা হয়।২৩ তেওঁ মিজোৰামৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ হিচাপে এই অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰে।২৪ ২০২০ টকিঅ' অলিম্পিকত তেওঁৰ দলটোৱে চতুৰ্থ স্থান লাভ কৰে, যি আছিল অলিম্পিকত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন; আৰু এফআইএইচ বিশ্ব ৰেংকিংত অষ্টম স্থান লাভ কৰে, যি তেওঁলোকৰ এতিয়ালৈকে সৰ্ব্বোচ্চ স্থান।২৫

তথ্যসূত্ৰ

  1. ↑ Hockey India names 33 players for junior women's national camp. The Hans India
  2. ↑ Mizo girl Siami lets her hockey stick do all the talking. The Times of India
  3. ↑ Zothansanga, John. (19 August 2018). Asian Games 2018: The making of Lalremsiami, Indian hockey's brightest prospect. The Indian Express
  4. ↑ India hockey team-ah Mizo nula Lalremsiami. Inkhel.com
  5. ↑ 'As long as they're talking about hockey I can catch up'. ESPN
  6. ↑ (22 March 2018). CWG 2018: Hockey helps Mizo girl Lalremsiami learn hindi. mykhel.com
  7. ↑ Veerappa, Manuja. (25 March 2018). Mizo girl Siami lets her hockey stick do all the talking. The Times of India
  8. ↑ Ninan, Susan. (22 May 2018). 'As long as they're talking about hockey I can catch up'. ESPN
  9. ↑ (7 July 2018). Hockey India names 18-member Indian Women's Hockey Team for the 18th Asian Games. The Statesman
  10. ↑ Sen, Debayan. (1 August 2018). Lalremsiami takes big steps as India march on. ESPN
  11. ↑ (31 July 2018). Hockey WC: Lalremsiami, Vandana help India enter last eight. ESPN
  12. ↑ (2 August 2018). Hockey Women's World Cup: Ireland beat India in shootout to reach semi-finals. BBC Sport
  13. ↑ (3 August 2018). Women's Hockey World Cup: Indian Women Lose To Ireland In Quarter-Finals Via Shoot Off. NDTV. Press Trust Of India
  14. ↑ (19 August 2018). Asian Games 2018: Indian women's hockey team thrash Indonesia 8-0 in opener. The Indian Express. Press Trust of India
  15. ↑ Ganesan, Uthra. (21 August 2018). Asiad hockey: Indian women's team mauls Kazakhstan 21-0. Sportstarlive
  16. ↑ Ganesan, Uthra. (31 August 2018). Asian Games: India women claim silver in hockey after 1-2 loss to Japan. The Hindu
  17. ↑ (2 September 2018). Lalremsiami first Mizo sportsperson to win an Asiad medal. Northeast Now
  18. ↑ (15 October 2018). Maiden Youth Olympic silver medals for Indian hockey teams. The Tribune. Press Trust of India
  19. ↑ (8 October 2018). India women beat Austria 4-2 in Youth Olympics hockey. The Times of India. Press Trust of India
  20. ↑ (8 October 2018). Youth Olympics hockey 5s: Lalremsiami scores a brace as India beat Uruguay 2-1. Scroll.in
  21. ↑ Youth Olympics: Indian women's hockey team thrash Vanuatu 16-0. Rediff.com. Press Trust of India
  22. ↑ (29 January 2019). Hockey: Lalremsiami brace helps India defeat Spain 5-2. Scroll.in
  23. ↑ (17 June 2021). Hockey India Announces Women's squad for Tokyo Olympic Games 2020. Hockey India
  24. ↑ (20 June 2021). Selection in Olympic team was my late father's dream: Lalremsiami. The Times of India. Press Trust of India
  25. ↑ (7 August 2021). Indian Hockey Teams achieve best-ever FIH World Rankings; Men's Team rise to 3rd and Women's Team to 8th. Hockey India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ফিল্ড হকী খেলুৱৈভাৰতীয় অলিম্পিক প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালৰেমচিয়ামী” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৯৬ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।