ক্ৰীড়া সমাৰোহ
৭ প্ৰবন্ধ
-
এছিয়ান গেমছ
এছিয়ান গেমছ (Asian Games), যাক এছিয়াড বুলিও জনা যায়, হৈছে সমগ্ৰ এছিয়াৰ খেলুৱৈসকলৰ মাজত প্ৰতি চাৰি বছৰত অনুষ্ঠিত হোৱা এক মহাদেশীয় বহু-ক্ৰীড়া প্ৰতিযোগিতা। ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত প্ৰথমখন খেলৰ পৰা ১৯৭৮ চনৰ খেললৈকে এছিয়ান গেমছ ফেডাৰেশ্যনে (এজিএফ) এই খেলসমূহ নিয়ন্ত্ৰণ কৰিছিল।
-
দক্ষিণ এছিয় ক্ৰীড়া
দক্ষিণ এছিয় ক্ৰীড়া (South Asian Games, SA Games) দ্বি-বাৰ্ষিকভিত্তিত প্ৰবৰ্তিত বহু-ক্ৰীড়া প্ৰতিযোগিতা হিচাপে দক্ষিণ এছিয়াৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰিবলৈ অনুষ্ঠিত কৰা হয়। কিন্তু মাজে মাজে অনিয়মিতভাবে অনুষ্ঠিত হোৱা দেখা যায়। ১৯৮৩ চনত দক্ষিণ এছিয় ক্ৰীড়া সংস্থা গঠন কৰা হয়।
-
বৰদলৈ ট্ৰফী
বৰদলৈ ট্ৰফী অথবা ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক সন্মানীয় আগশাৰীৰ ফুটবল প্ৰতিযোগিতা। গুৱাহাটী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত এই ফুটবল প্ৰতিযোগিতাখন প্ৰতি বছৰে গুৱাহাটীত অনুষ্ঠিত হয়।
-
গ্ৰেণ্ড শ্লাম (টেনিছ)
গ্ৰেণ্ড শ্লাম (Grand Slam) টুৰ্ণামেণ্ট হৈছে বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চাৰিখন বাৰ্ষিক টেনিছ টুৰ্ণামেণ্ট বা ক্ৰীড়া প্ৰতিযোগিতা। এই টুৰ্ণামেণ্টসমূহক মেজৰ নামেৰেও জনা যায়। গ্ৰেণ্ড শ্লামসমূহত আটাইতকৈ বেছি ৰেংকিং পইণ্ট আৰু প্ৰাইজমানি প্ৰদান কৰা হয়।
-
উৱেফা চেম্পিয়ন্ছ লীগ
উৱেফা চেম্পিয়ন্ছ লীগ (UEFA Champions League, চমুকৈ চেম্পিয়ন্ছ লীগ, পূৰ্বৰ নাম ইউৰোপীয়ান চেম্পিয়ন ক্লাবছ্ কাপ বা ইউৰোপীয়ান কাপ) হৈছে ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছে (UEFA) ১৯৫৫ চনৰপৰা ইউৰোপৰ শীৰ্ষস্থানীয় ফুটবল ক্লাবসমূহৰ মাজত আয়োজন কৰি অহা এক বাৰ্ষিক মহাদেশীয় ক্লাব ফুটবল…
-
দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬
দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬ (Officially the XII South Asian Games), অসম আৰু মেঘালয়ৰ ৰাজধানী গুৱাহাটী আৰু ছিলঙত ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া এক বৃহৎ বহু-ক্ৰীড়া প্ৰতিযোগিতা দক্ষিণ এছিয় ক্ৰীড়াৰ শেহতীয়া সংস্কৰণ।
-
বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ
বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ (World Indigenous Games) হৈছে বিশ্বৰ বিভিন্ন পৰম্পৰাগত খেলৰ এক প্ৰতিযোগিতা তথা প্ৰদৰ্শনীমূলক সমাৰোহ। এই সমাৰোহত বিভিন্ন অঞ্চলৰ স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ২০১৫ চনৰ অক্টোবৰ মাহত ক্ৰীড়া সমাৰোহখন প্ৰথমবাৰৰ বাবে নদিনীয়া কাৰ্যসূচীৰে ব্ৰাজিলৰ পালমাছত অনুষ্ঠিত হয়।