খেল-ধেমালি
ক্ৰিকেট, ফুটবল, অলিম্পিক আৰু খেলুৱৈ · ১৮০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ক্ৰীড়াক্ষেত্ৰত পাৰিতোষিক লিংগ ব্যৱধান
ক্ৰীড়াত খেলুৱৈসকলৰ দৰমহাৰ লিংগ ব্যৱধান বিশ্বৰ বহু দেশত দেখা যায়। বিবিচিয়ে (BBC) কৰা গৱেষণা অনুসৰি "বৰ্তমান মুঠ ৮৩% খেলত পুৰুষ আৰু মহিলাক সমানে পুৰস্কৃত কৰা হয়"। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ক্ৰীড়াক্ষেত্ৰত মজুৰিৰ ব্যৱধান কমিছে বা নাইকিয়া হৈছে।
-
খেলনা
খেলনা হৈছে এনে এটা বস্তু যিটো মূলতঃ মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা হয়। সৰল উদাহৰণ হ'ল খেলনা ব্লক, ব'ৰ্ড গেম, আৰু পুতলা। খেলনাবোৰ প্ৰায়ে শিশুৰ ব্যৱহাৰৰ বাবে ডিজাইন কৰা হয় যদিও বহুতো বিশেষভাৱে প্ৰাপ্তবয়স্ক আৰু পোহনীয়া জন্তুৰ বাবে ডিজাইন কৰা হয়।
-
খেলা হবে
খেলা হবে বাংলাদেশ আৰু ভাৰতৰ বিশেষকৈ পশ্চিম বংগ আৰু অসমত বাংলা ভাষাৰ জনপ্ৰিয় ৰাজনৈতিক শ্লোগান। ইয়াৰ ইংৰাজী অনুবাদ হয় "দ্যা গেম ইজ অন।" এই শ্লোগানটো প্ৰথমে জনপ্ৰিয় কৰিছিল বাংলাদেশী ৰাজনীতিবিদ ছামিম ওছমানে।
-
গ' খেল
গ (囲碁, 围棋, 바둑, Go) হৈছে এটি প্ৰাচীন কৌশলভিত্তিক দুজন খেলুৱৈৰ ব'ৰ্ড গেম, যাৰ উৎপত্তি ২৫০০ বছৰ আগতে প্ৰাচীন চীনত হৈছিল। এই খেলত খেলুৱৈ দুজনৰ মাজত ব'ৰ্ডত ক’লা আৰু বগা গুটি স্থাপন কৰি অঞ্চল অধিকাৰ কৰাৰ বাবে প্ৰতিযোগিতা হয়।
-
গুৰজিৎ কৌৰ
গুৰজিৎ কৌৰ ( Gurjit Kaur; জন্ম: ২৫ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় মহিলা ফিল্ড হকী খেলুৱৈ। ডিফেণ্ডাৰৰ পজিচনত খেলে আৰু দলৰ নিৰ্দিষ্ট ড্ৰেগ ফ্লিকাৰো। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে, শেহতীয়াকৈ হকী বিশ্বকাপ ২০১৮ত।
-
ঘিলাখেল
ঘিলা খেল অসমৰ অতি প্ৰাচীন আৰু জনপ্ৰিয় খেল৷ মধ্যযুগৰ অসমৰ বহু পুথিত আৰু লোকগীতি সাহিত্যত ঘিলা খেলৰ বিৱৰণ পোৱা যায়৷ ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীতত ঘিলা খেলিবলৈ যোৱা আৰু ঘিলা খেলৰ অন্তত নৈত গা ধোৱাৰ উল্লেখ পোৱা যায়৷ শ্ৰীকৃষ্ণৰ শিশুকালৰ ক্ৰীড়া বৰ্ণনাতো ঘিলা খেলৰ বিষয়ে উল্লেখ কৰা আছে৷ অসমৰ জনজাতীয়…
-
চীনা দি
চীনা দি (চীনা খোজ পদ্ধতি বা চীনা মুষ্টি; বা চীনাাডি, কেতিয়াবা চিনা আতি / চাইনা পুদি; আৰু চীনা আদি বুলি জনা যায়) হৈছে চীন-প্ৰভাবিত শ্ৰীলংকাৰ যোদ্ধা কলা।
-
জব্বাৰৰ বলীখেল
জব্বাৰৰ বলীখেল বা বলী খেল এক বিশেষ ধৰণৰ কুস্তি খেল। ই বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলত অতি জনপ্ৰিয়। চট্টগ্ৰামৰ লালদিঘী খেলপথাৰত প্ৰতিবছৰে ব’হাগৰ ১২ তাৰিখে অনুষ্ঠিত হয়। এই খেলাত অংশগ্ৰহণকাৰীসকলক বলী বোলা হয়। চট্টগ্ৰামৰ আঞ্চলিক ভাষাত ই কুস্তি বলীখেল নামে পৰিচিত।
-
জাচিগি (খেল)
জাচিগি দক্ষিণ কোৰিয়াৰ খেল য’ত এটা দীঘল লাঠি আৰু দুডাল চুটি লাঠি ব্যৱহাৰ কৰা হয়। প্ৰথমে মাটিত এটা ঘূৰণীয়া গাঁত খান্দি, বাহিৰৰ ফালে এটা বৃত্ত অংকন কৰা হয়।
-
জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম (কোচি)
জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, (Jawaharlal Nehru International Stadium (Kochi)) যাক স্থানীয়ভাৱে কালুৰ ষ্টেডিয়াম বুলি জনা যায়, ই হৈছে কেৰালাৰ কোচিৰ এক বহুমুখী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম। ষ্টেডিয়াম খনৰ ক্ষমতা হৈছে ৬০,৫০০।
-
টাংগুটি খেল
টাংগুটি এসময়ৰ এবিধ বৰ জনপ্ৰিয় খেল৷ এই খেলত দুয়োপক্ষৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয়৷ দুইজনৰ পৰা ত্ৰিশজন খেলুৱৈলৈকে এই খেল খেলিব পাৰে৷ এই খেলত খেলৰ মাধ্যমেৰে দলীয় অনুশাসন, কৰ্মতৎপৰতা আদিৰ অনুশীলনো হয়৷ এই খেল খেলিবলৈ আহল-বহল ঠাইৰ লগতে যান-বাহন বা মানুহৰ আহ-যাহ নথকা বা কম আহ-যাহ থকা ঠাইৰ…
-
টেনিকোইট
টেনিকোইট (ইংৰাজী: Tennikoit), যাক ৰিং টেনিছ বা টেনিক’ইট বুলিও কোৱা হয়, টেনিছ শৈলীৰ ক’ৰ্টত খেলা এখন ক্ৰীড়া। এই খেলত দুজন বা চাৰিজন খেলুৱৈয়ে জালৰ ওপৰেৰে এটা বৃত্তাকাৰ ৰবৰৰ আঙঠি নিক্ষেপ কৰি খেলে।
-
ডাণ্ডি বিয়ো (খেল)
ডাণ্ডি বিয়ো নেপালত খেলা এবিধ খেল, যিটো ২০১৭ চনৰ ২৩ মে'লৈকে যেতিয়া ভলীবলক ৰাষ্ট্ৰীয় খেল হিচাপে ঘোষণা কৰা হৈছিল, বাস্তৱিক ৰাষ্ট্ৰীয় খেল হিচাপে গণ্য কৰা হৈছিল। দণ্ডি বিয়ো প্ৰায় ২ ফুট (৬১ চে.মি.) দীঘল লাঠি (ডাণ্ডি) আৰু প্ৰায় ৬ ইঞ্চি (১৫ চে.মি.) দীঘল কাঠৰ পিন (বিয়ো)ৰে খেলা হয়।
-
ডেকাথলন
ডেকাথলন (Decathlon) হৈছে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এক সংযুক্ত ক্ৰীড়া প্ৰতিযোগিতা। ১৯১২ চনৰ পৰা অলিম্পিকত ডেকাথলন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাত প্ৰতিজন প্ৰতিযোগীয়ে দহটাকৈ খেলত অংশগ্ৰহণ কৰিব লাগে।
-
ঢোপ খেল
ঢোপ খেল ( Dhop Khel) অসমৰ এবিধ পৰম্পৰাগত খেল৷ এই খেল খেলিবলৈ খেলুৱৈসকল দুটি দলত বিভক্ত হ’ব লাগে৷ দুইটি দলত এঘাৰ জনকৈ মুঠ বাইছজন খেলুৱৈ থাকে৷ চাৰিখন পতাকাৰ দ্বাৰা সীমা নিৰ্ধাৰণ কৰা এটা ক্ষেত্ৰত খেল খেলখন খেলা হয়৷ খেল ক্ষেত্ৰখনৰ নিৰ্দিষ্ট জোখ আছে৷ খেলুৱৈসকলে পাল পাতি প্ৰতিপক্ষৰ ফালে বল দলিয়ায়৷…
-
ত্ৰিপুৰী খেল আৰু ক্ৰীড়া
ত্ৰিপুৰী সম্প্ৰদায়ৰ নিজস্ব পৰম্পৰাগত ক্ৰীড়া আছে, যাক ককবৰক (ত্ৰিপুৰী) ভাষাত থ্ৱংমুং বুলি কোৱা হয়। শেহতীয়া বছৰসমূহত আধুনিক খেল আৰু ক্ৰীড়াৰ প্ৰতি অধিক লোক আকৰ্ষিত হোৱাৰ ফলত এই পৰম্পৰাগত ক্ৰীড়াসমূহ ক্ৰমে পৰিত্যক্ত হৈ আহিছে, কিন্তু কিছুমান খেল এতিয়াও খেলা হয় আৰু গ্ৰাম্য ত্ৰিপুৰাত অধিক পছন্দ কৰা…
-
দিল্লী গলফ ক্লাব
দিল্লী গলফ ক্লাব (DGC) ভাৰতৰ দিল্লীত অৱস্থিত এটা প্ৰখ্যাত গলফ ক্লাব। সদস্যপদ পোৱাটো অতি কঠিন, নতুন সদস্যৰ বাবে ৫০ বছৰৰো অধিক অপেক্ষাৰ সময়। ই দিল্লীৰ শীৰ্ষ পৰ্যটনস্থলী যেনে ইণ্ডিয়া গেট, হুমায়ুনৰ সমাধিক্ষেত্ৰ, দিল্লী চিৰিয়াখানা আৰু লোধি উদ্যানৰ ওচৰত।
-
ধনলক্ষ্মী পূজাৰী
ধনলক্ষ্মী পূজাৰী (জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কাবাডী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় কাবাডী দলৰ হৈ আৰু ঘৰুৱা প্ৰতিযোগিতাত কৰ্ণাটকৰ হৈ খেলে। তেওঁ এগৰাকী অলৰাউণ্ডাৰ। কাবাডীত তেওঁ ৰেইড আৰু ডিফেন্স দুয়োটা ক্ষেত্ৰতে দক্ষতা দেখুৱাইছে আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিছে।
-
নাদম
নাদম মংগোলিয়া আৰু টুভাত উদযাপিত এক পৰম্পৰাগত উৎসৱ। ইয়াত মংগোলীয় মল্লযুঁজ, ঘোঁৰা দৌৰ, ধনুৰ্বিদৰ বৈশিষ্ট্য আছে। এই উৎসৱটোক স্থানীয়ভাৱে "এৰিন গুৰভান নাদম" (эрийн гурван наадам, আক্ষৰিক অৰ্থত 'পুৰুষৰ তিনিটা খেল') বুলিও কোৱা হয়, আৰু গৰমৰ মাজভাগত অনুষ্ঠিত হয়।
-
নেপালত ক্ৰিকেট
নেপালত ক্ৰিকেট (Cricket in Nepal) অন্যতম জনপ্ৰিয় আৰু বহুলভাৱে অনুসৰণ কৰা খেল যিয়ে বছৰ বছৰ ধৰি জনপ্ৰিয়তা অৰ্জন কৰি আহিছে। নেপালৰ ক্ৰিকেট দলৰ সামান্য সফলতাৰ লগতে চুবুৰীয়া দেশ ভাৰতৰ ছ’চিয়েল মিডিয়া আৰু টেলিভিছন প্ৰভাৱৰ ফলত দেশখনত তাৎপৰ্যপূৰ্ণভাৱে ক্ৰিকেট খেল বৃদ্ধি পোৱাৰ পাছত ২০১০ চনৰ মাজভাগত…
-
নেপালৰ ক্ৰীড়া
নেপালৰ ক্ৰীড়া নেপালৰ ক্ৰীড়াৰ ভিতৰত পৰম্পৰাগত নেপাল আৰু আধুনিক আন্তঃৰাষ্ট্ৰীয় দুয়োটা খেলেই অন্তৰ্ভুক্ত। যদিও কোনো সঠিক তথ্য নাই, তথাপি ফুটবল, ক্ৰিকেট আৰু ভলীবল নেপালৰ আটাইতকৈ জনপ্ৰিয় খেল। ২০১৭ চনৰ ২৩ মে'ত ভলীবলক নেপালৰ ৰাষ্ট্ৰীয় খেল হিচাপে ঘোষণা কৰা হয়।
-
পইজন (খেল)
পইজন শিশুৰ পৰম্পৰাগত খেল, ই টেগ বা লুকাভাকু খেলৰ এটা ভিন্ন ৰূপ। ১৯০৯ চনত জেচি এইচ বেনক্ৰফ্টৰ গেমছ ফৰ দ্য প্লেগ্ৰাউণ্ড... নামৰ কিতাপখনত ইয়াৰ বৰ্ণনা এনেদৰে কৰা হৈছে। খেলত শিশোৱে মজিয়া বা মাটিত অংকন কৰা বহুত সৰু "বিষ" নাম দিয়া এটা বৃত্তৰ চাৰিওফালে হাত দুখন জোকাৰি জোকাৰি এটা আঙুঠি গঠন কৰে।
-
পিথু
পিথু হৈছে ভাৰতীয় উপমহাদেশৰ এটা লোকখেল। এই খেলৰ সৈতে এটা বল আৰু সমতল শিলৰ টুকুৰাৰে তৈয়াৰ কৰা এটা স্তূপ অন্তৰ্ভুক্ত থাকে। সাধাৰণতে ঘৰৰ বাহিৰৰ এক ডাঙৰ এলেকাত দুটা দলৰ মাজত এই খেল খেলা হয়। গাওঁসমূহত বৰ্তমানো এই খেলৰ প্ৰচলন আছে। বৰ্তমানলৈ, পিথু বা লাগোৰী বিশ্বৰ কমেও ৩০খন ৰাষ্ট্ৰই খেলিছে।
-
পেৰালিকাটুমা
পেৰালিকাটুমা (Peralikatuma) হৈছে শ্ৰীলংকাৰ এটা দুজনীয়া বিমূৰ্ত কৌশলভিত্তিক ব'ৰ্ড খেল। এই খেলখন ড্ৰাফ্টছ (চেকাৰ্ছ) আৰু এলকুৱেৰকৰ সৈতে সম্পৰ্কিত, কাৰণ খেলুৱৈসকলে প্ৰতিপক্ষৰ গুটি ধৰি পেলাবলৈ সিহঁতৰ ওপৰেৰে জাঁপ মাৰে।
-
প্ৰিয়ংকা ইংলে
প্ৰিয়ংকা হনুমন্ত ইংলে (ইংৰাজী: Priyanka Hanumant Ingle; জন্ম: ৩ অক্টোবৰ ২০০০) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় খো খো খেলুৱৈ। তেওঁ ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় খো খো দলৰ এগৰাকী অলৰাউণ্ডাৰ হিচাপে খেলে।
-
পৰম্পৰাগত ক্ৰীড়া আৰু খেল
পৰম্পৰাগত ক্ৰীড়া আৰু খেল (ইংৰাজী: Traditional sports and games; চমুকৈ TSG) হৈছে এনে কিছুমান শাৰীৰিক কাৰ্যকলাপ যিবোৰ সভ্যতা আৰম্ভ হোৱাৰ পূৰ্বে, আনকি প্ৰাক-ঐতিহাসিক কালৰে পৰাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে খেলি আহিছে। আধুনিক পশ্চিমীয়া ক্ৰীড়াৰ আগমণৰ বহু আগৰে পৰাই এই খেলসমূহ প্ৰচলিত আছিল।
-
বল বেডমিণ্টন
বল বেডমিণ্টন (ইংৰাজী: Ball Badminton) ভাৰতৰ স্থানীয় এক খেল। ই এটা ৰেকেট ক্ৰীড়া খেল, ঊলৰপৰা তৈয়াৰী হালধীয়া বল এটাৰে খেলা হয়, নিৰ্দিষ্ট মাত্ৰাৰ (১২ বাই ২৪ মিটাৰ) জালেৰে ভাগ কৰা ক'ৰ্টত। ১৮৫৬ চনতে ভাৰতৰ তামিলনাডুৰ থাঞ্জাৱুৰ জিলাৰ ৰাজধানী তাঞ্জোৰত ৰাজ পৰিয়ালে এই খেল খেলিছিল।
-
বাঘচাল
বাঘচাল হৈছে নেপালত উৎপত্তি হোৱা এটা কৌশলগত, দুজন খেলুৱৈৰ ব'ৰ্ড খেল।ক খেলখন অসমতাপূৰ্ণ, এজন খেলুৱৈয়ে চাৰিটা বাঘ নিয়ন্ত্ৰণ কৰে আৰু আনজনে বিশটা ছাগলীলৈকে নিয়ন্ত্ৰণ কৰে। বাঘে ছাগলীক ‘চিকাৰ’ কৰে। আনহাতে ছাগলীবোৰে বাঘৰ গতিবিধি বাধা দিবলৈ চেষ্টা কৰে। দক্ষিণ ভাৰততো এই খেল দেখা যায়, ফলকখন যদিও বেলেগ।
-
বিশ্ব দবা চেম্পিয়নশ্বিপৰ তালিকা
সময়ৰ লগে লগে বিশ্ব দবা চেম্পিয়নশ্বিপৰ ৰূপ সলনি হৈ আহিছে। দবাৰ বিশ্ব চেম্পিয়নৰ ধাৰণা পূৰ্বৰে পৰা আছিল আৰু কেইখনমান প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা ফলাফলৰ ভিত্তিত বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈজনক বাছি উলিওৱা হৈছিল। ১৮৮৬ চনলৈকে বিশ্ব চেম্পিয়ন নিৰ্ণয় কৰিবলৈ নিৰ্দিষ্ট প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।
-
বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ
বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ (World Indigenous Games) হৈছে বিশ্বৰ বিভিন্ন পৰম্পৰাগত খেলৰ এক প্ৰতিযোগিতা তথা প্ৰদৰ্শনীমূলক সমাৰোহ। এই সমাৰোহত বিভিন্ন অঞ্চলৰ স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ২০১৫ চনৰ অক্টোবৰ মাহত ক্ৰীড়া সমাৰোহখন প্ৰথমবাৰৰ বাবে নদিনীয়া কাৰ্যসূচীৰে ব্ৰাজিলৰ পালমাছত অনুষ্ঠিত হয়।