অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

বিশ্বকাপ ক্ৰিকেট ২০১৫

বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত মুঠ ১৪খন ষ্টেডিয়ামত ৪৯খন খেল অনুষ্ঠিত হৈছিল।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৬ ৭৭৪ শব্দ · ৪ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত মুঠ ১৪খন ষ্টেডিয়ামত ৪৯খন খেল অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়াৰ ৭খন ষ্টেডিয়ামত ২৬খন খেল আৰু নিউজিলেণ্ডৰ ৭খন ষ্টেডিয়ামত ২৩খন খেল অনুষ্ঠিত হৈছিল।১২ মেলব'ৰ্ণত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। ১৯৯২ চনৰ পাছত সেয়া দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হয়। ২০১১ চনৰ বিশ্বকাপৰ দৰে সেইবাৰো আই চি চিয়ে শচীন তেণ্ডুলকাৰক ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটৰ দূত (ambassador) হিচাপে ঘোষণা কৰে।৩

২০১১ চনত জয়লাভ কৰি ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল। পুল বি-ত স্থান পোৱা ভাৰতৰ প্ৰথমখন খেল ১৫ ফেব্ৰুৱাৰী তাৰিখে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হয়। টিকট মুকলিৰ ১২ মিনিটৰ ভিতৰতে এই খেলখনৰ টিকট বিক্ৰী শেষ হৈ যায়।৪

আয়োজক দেশ নিৰ্বাচন

২০০৬ চনৰ ৩০ এপ্ৰিলত ২০১১, ২০১৫ আৰু ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেট আয়োজক দেশৰ নাম ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ২০১১ চনৰ বিশ্বকাপ আয়োজনৰ অনুমতি বিচাৰিছিল আৰু ২০০৬ চনৰ ১ মাৰ্চৰ সময়সীমাৰ আগত এই অনুমতি বিচৰা মাত্ৰ তেওঁলোকেই আছিল।৫ কিন্তু এছীয় দেশকেইখনেও পাছত আগ্ৰহ দেখুৱাই অতিৰিক্ত সময় বিচাৰে। আয়োজক নিৰ্বাচনৰ বাবে হোৱা ভোটদানত এছীয় দেশকেইখন ৭-৪ ভোটত বিজয়ী হয়৬ আৰু ফলত ভাৰত, শ্ৰীলংকা, পাকিস্তান আৰু বাংলাদেশক ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰিব দিয়া হয়। অৱশ্যে ২০০৯ চনত পাকিস্তানত শ্ৰীলংকা ক্ৰিকেট দলৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত পাকিস্তান আয়োজক দেশৰ তালিকাৰপৰা বাদ পৰে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডক ২০১১ চনৰ সলনি ২০১৫ চনত আৰু ইংলেণ্ডক ২০১৯ চনত বিশ্বকাপ আয়োজন কৰিবলৈ অনুমোদন জনোৱা হয়।৭

প্ৰতিযোগিতাৰ ধৰণ

২০১১ চনৰ নিচিনাকৈ এইবাৰো মূল প্ৰতিযোগিতাখনত ১৪টা দলে অংশগ্ৰহ কৰে। আই চি চিৰ সহযোগী (associate and affiliate) সদস্য দেশসমূ্হকো প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ দিয়া হয়।৮

প্ৰতিযোগিতাৰ ধৰণটোও ২০১১ চনৰ সৈতে একে। প্ৰথম পৰ্যায়ত ১৪টা দলে ৭ দলীয়া ২টা গোটত বিভক্ত হৈ অংশগ্ৰহণ কৰে। প্ৰতি দলে নিজৰ গোটৰ আন ৬টা দলৰ বিৰুদ্ধে এখনকৈ খেলত অংশ লোৱাৰ পাছত প্ৰতি গোটৰ শীৰ্ষৰ ৪টা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব আৰু তাৰ পাছত নক আউট ব্যৱস্থাৰে কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ'ব॥

২০১৫ চনৰ ২৯ জানুৱাৰী তাৰিখে আই চি চিয়ে ঘোষণা কৰে যে যদি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলখন অমীমাংসিত হৈ ৰয় তেন্তে ছুপাৰ অ'ভাৰৰ ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থা ২০১৫ চনৰ বিশ্বকাপৰপৰা বলবৎ কৰা হয়।৯

যোগ্যতা অৰ্জন

কোৱালিফায়াৰত অংশগ্ৰহণ কৰা কিন্তু যোগ্যতা অৰ্জন নকৰা দেশ। }}
কোৱালিফায়াৰত অংশগ্ৰহণ কৰা কিন্তু যোগ্যতা অৰ্জন নকৰা দেশ। }}ছবি: Prateekmalviya20 · CC BY-SA 3.0

মূল প্ৰবন্ধ: En:2011–13 ICC World Cricket League Championship, En:2014 Cricket World Cup Qualifier

আই চি চিৰ নিৰ্দেশনা মতে, আই চি চিৰ পূৰ্ণ সদস্য ১০খন দেশে পোনপটীয়াকৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে। ২০১১ চনৰ বিশ্বকাপৰ পাছতে সিদ্ধান্ত লোৱা হৈছিল যে পাছৰবাৰৰ বিশ্বকাপত মাত্ৰ পূৰ্ণ সদস্য দেশকেইখনেহে অংশগ্ৰহণ কৰিব।১০ আই চি চিৰ বহুকেইখন সহযোগী সদস্য্ দেশে, বিশেষকৈ ২০০৭ আৰু ২০১১ চনৰ বিশ্বকাপত ভাল প্ৰদৰ্শন আগবঢ়োৱা আয়াৰলেণ্ড ক্ৰিকেট দলে এই সিদ্ধান্তৰ ঘোৰ সমালোচনা কৰে। আই চি চি ক্ৰিকেট কমিটীয়ে এক যোগ্যতা অৰ্জনকাৰী পদ্ধতিৰ সমৰ্থন কৰাত,১১ ২০১১ চনৰ জুন মাহত আই চি চিয়ে নিজৰ সিদ্ধান্ত সলনি কৰি ২০১৫ চনৰ বিশ্বকাপত ৪খন সহযোগী সদস্য দেশৰ দলসহ ১৪টা দলৰ অংশগ্ৰহণৰ সুবিধা কৰে।১২

২০১১ চনৰ চেপ্তেম্বৰ মাহত আই চি চিৰ কাৰ্যকৰী বৈঠকত আই চি চিয়ে এক নতুন যোগ্যতা অৰ্জনকাৰী পদ্ধতিৰ সিদ্ধান্ত লয়। এই সিদ্ধান্ত আছিল যে ২০১১-১৩ চনৰ ৱৰ্ল্ড ক্ৰিকেট লীগ চেম্পিয়নশ্বিপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব। বাকী থকা ৬টা দলে ২০১১ আই চি চি ৱৰ্ল্ড ক্ৰিকেট লীগ ডিভিজন ২ৰ তৃতীয় আৰু চতুৰ্থ স্থানৰ দল দুটা আৰু ২০১৩ ৱৰ্ল্ড ক্ৰিকেট লীগ ডিভিজন ৩ৰ শীৰ্ষৰ দল দুটাৰ সৈতে মিলি এক ১০-দলীয়া বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত (World Cup Qualifier) অংশগ্ৰহণ কৰিব আৰু এই প্ৰতিযোগিতাৰ শীৰ্ষৰ দুটা দলে বিশ্বকাপ ২০১৫ত অংশগ্ৰহণ কৰিব।১৩১৪

২০১৩ চনৰ ৯ জুলাই তাৰিখে আয়াৰলেণ্ডে প্ৰথমখন দেশ হিচাপে ২০১৫ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে।১৫ ২০১৩ চনৰ ৪ অক্টোবৰ তাৰিখে আফগানিস্তানে লীগৰ দ্বিতীয় স্থান দখল কৰি পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰে।১৬

২০১৪ চনত অনুষ্ঠিত বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাৰ ফাইনেলত স্কটলেণ্ডে সংযুক্ত আৰৱ আমিৰাতক পৰাস্ত কৰে আৰু শীৰ্ষৰ দুটা দল হিচাপে দুয়োটা দলে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে।

দলযোগ্যতা অৰ্জন কৰা পদ্ধতিবিশ্বকাপত অংশগ্ৰহণআগৰবাৰ অংশগ্ৰহণপূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰেংকগ্ৰুপ
পূৰ্ণ সদস্য১০ বাৰ২০১১(১৯৭৯, ১৯৮৭, ১৯৯২)১A
৬ বাৰ২০১১ছেমি ফাইনেল (১৯৯২, ১৯৯৯, ২০০৭))২B
১০ বাৰ২০১১বিজয়ী (১৯৮৩, ২০১১)৩B
১০ বাৰ২০১১বিজয়ী ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭)৪A
১০ বাৰ২০১১বিজয়ী (১৯৯৬)৫A
১০ বাৰ২০১১বিজয়ী (১৯৯২)৬B
১০ বাৰ২০১১বিজয়ী (১৯৭৫, ১৯৭৯)৭B
৪ বাৰ২০১১ছুপাৰ ৮ (২০০৭)৮A
১০ বাৰ২০১১ছেমি ফাইনেল (১৯৭৫, ১৯৭৯, ১৯৯২, ১৯৯৯, ২০০৭, ২০১১)৯A
৮ বাৰ২০১১ছুপাৰ ৬ (১৯৯৯, ২০০৩)১০B
WCL চেম্পিয়নশ্বিপ২ বাৰ২০১১ছুপাৰ ৮ (২০০৭)১১B
০——১২A
১৭বিশ্বকাপ কোৱালিফায়াৰ২ বাৰ২০০৭গ্ৰুপ পৰ্যায় (১৯৯৯, ২০০৭)১৩A
১ বাৰ১৯৯৬গ্ৰুপ পৰ্যায় (১৯৯৬)১৪B

পুৰস্কাৰৰ ধন

ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিলে প্ৰতিযোগিতাখনৰ কাৰণে সৰ্বমুঠ ১০ নিযুত ডলাৰ পুৰস্কাৰৰ ধন (প্ৰাইজ মানি) ঘোষণা কৰে। এই ধন ২০১১ চনৰ বিশ্বকাপতকৈ ২০% বেছি। এই ধন তলত দিয়া তালিকা অনুসৰি বিতৰণ কৰা হ'ব।১৮

প্ৰদৰ্শনপুৰস্কাৰৰ ধন (US$)সৰ্বমুঠ
বিজয়ী$৩,৯৭৫,০০০$৩,৯৭৫,০০০
ৰাণাৰ-আপ$১,৭৫০,০০০$১,৭৫০,০০০
ছেমি ফাইনেলত পৰাজিত$৬০০,০০০$১,২০০,০০০
কোৱাৰ্টাৰ ফাইনেলত পৰাজিত$৩০০,০০০$১,২০০,০০০
গ্ৰুপ পৰ্যায়ৰ খেলত জয়ী (প্ৰতিখন)$৪৫,০০০$১,৮৯০,০০০
গ্ৰুপ পৰ্যায়ত বিদায় লোৱা দল$৩৫,০০০$২১০,০০০
সৰ্বমুঠ$১০,২২৫,০০০

অৰ্থাৎ প্ৰতিযোগিতাৰ বিজয়ী দলে যদি গ্ৰুপ পৰ্য্যায়ৰ প্ৰতিখন খেলত জয়লাভ কৰে তেন্তে তেওঁলোকে মুঠ $৪,২৪৫,০০০ লাভ কৰিব আৰু গ্ৰুপ পৰ্যায়ত এখনো খেলত জয়লাভ নকৰাকৈ বিদায় লোৱা দলে $৩৫,০০০ লাভ কৰিব।

খেলপথাৰ সমূহ

ছিডনীমেলব'ৰ্ণএডিলেইডব্ৰিচবে'নপাৰ্থ
ছিডনী ক্ৰিকেট খেলপথাৰমেলব'ৰ্ণ ক্ৰিকেট খেলপথাৰএডিলেইড অ'ভেলদ্য গব্বাWACA খেলপথাৰ
ক্ষমতা: ৪৮,০০০ক্ষমতা: ১,০০,০২৪ক্ষমতা: ৫৩,৫০০ক্ষমতা: ৪২,০০০ক্ষমতা: ২৪,৫০০
Ashes 2010-11 Sydney Test final wicket.jpgMCG (Melbourne Cricket Ground).jpgCompleted Adelaide Oval 2014 - cropped and rotated.jpgAustralia vs South Africa.jpg3rd Test, Perth, 15Dec2006.jpg
হ'বাৰ্টকেনবেৰা
বেলেৰিভ অ'ভেলমানুকা অ'ভেল
ক্ষমতা: ২০,০০০ক্ষমতা: ১৩,৫৫০
Bellerive oval hobart.jpgManuka Oval.JPG
অকলেণ্ডখ্ৰাইষ্টচাৰ্চ
ইডেন পাৰ্কহেগলী অ'ভেল
ক্ষমতা: ৫০,০০০ক্ষমতা: ২০,০০০
হেমিল্টননেপিয়েৰৱেলিংটননেলছনডুনেদিন
ছেদ্দন পাৰ্কমেকলিন পাৰ্কৱেলিংটন ৰিজিয়নেল খেলপথাৰছেক্সটন অ'ভেলইউনিভাৰ্চিটি অ'ভেল
ক্ষমতা: ১২,০০০ক্ষমতা: ২২,৫০০ক্ষমতা: ৩৭,০০০ক্ষমতা: ৫,০০০ক্ষমতা: ৬,০০০

গ্ৰুপ পৰ্য্যায়

প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ত মুঠ ৪২খন খেল অনুষ্ঠিত হয়। পুল এ-ত নিউজিলেণ্ডে আৰু পুল বি-ত ভাৰতে নিজৰ আটাইকেইখন খেলত জয়লাভ কৰি নিজ নিজ পুলৰ শীৰ্ষস্থান অধিকাৰ কৰে। প্ৰতি পুলৰ শীৰ্ষৰ ৪টা দল হিচাপে পুল এ-ৰ পৰা নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, বাংলাদেশ আৰু পুল বি-ৰ পৰা ভাৰত, দক্ষিণ আফ্ৰিকা, পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

পুল এ





















পুল বি





















নক্‌-আউট পৰ্ব

পৰিসংখ্যা

মূল প্ৰবন্ধ: En:List of 2015 Cricket World Cup statistics

সৰ্বাধিক ৰাণ

খেলুৱৈদলখেলইনিংছৰাণগড়SRHS১০০৫০৪৬
কুমাৰ ছাংগাক্কাৰা৭৭৫৪১১০৮.২০১০৫.৮৭১২৪৪০৫৭৭
ব্ৰেণ্ডন টেইলৰ৬৬৪৩৩৭২.১৬১০৬.৯১১৩৮২১৪৩১২
এ বি ডিভিলিয়াৰ্ছ৭৬৪১৭৮৩.৪০১৪৪.২৯১৬২*১২৩৫২০
তিলকৰত্নে দিলশ্বান৭৭৩৯৫৬৫.৮৩৯৬.৫৭১৬১*২১৪৬৩
শিখৰ ধৱন৭৭৩৬৭৫২.৪২৮৯.৯৫১৩৭২১৪২৮
অন্তিম সম্পাদনা: ১৯ মাৰ্চ ২০১৫১৯

সৰ্বাধিক উইকেট

খেলুৱৈদলখেলইনিংছউইকেটগড়ইক'BBISR
মহম্মদ শ্বামি৬৬১৭১৩.২৯৪.৪৩৪/৩৫১৮.০০
মিচ্চেল ষ্টাৰ্ক৫৫১৬৮.৫০৩.৬৭৬/২৮১৩.৮০
ট্ৰেণ্ট ব'ল্ট৬৬১৫১৫.৬০৪.১৭৫/২৭২২.৪৯
ইমৰাণ তাহিৰ৭৭১৫১৮.৮৬৪.২০৫/৪৫২৬.৯০
জশ্ব ডেভী৬৬১৫২০.৭৩৬.২২৪/৬৮২০.০০
অন্তিম সম্পাদনা: ১৯ মাৰ্চ ২০১৫২০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ICC Cricket World Cup 2015 Launched
  2. ↑ ICC Cricket World Cup 2015 Schedule
  3. ↑ "Sachin Tendulkar Named As 2015 Cricket World Cup Ambassador", "Affairscloud", 22 December 2014
  4. ↑ World Cup 2015: Tickets of India-Pakistan clash sold out in 12 minutes
  5. ↑ (30 April 2006). Asia to host 2011 World Cup. ESPNcricinfo. ESPN Sports Media
  6. ↑ (2 May 2005). Asia promises spectacular World Cup. Dawn
  7. ↑ (30 April 2006). England lands Cricket World Cup
  8. ↑ Nayar, K.R. (29 June 2011). International Cricket Council approves 14-team cup. Gulf News
  9. ↑ (29 January 2015). OUTCOMES FROM ICC BOARD AND COMMITTEE MEETINGS. ICC
  10. ↑ ICC news: ICC confirms 10 teams for next two World Cups. ESPNcricinfo. ESPN Sports Media
  11. ↑ Irish handed further World Cup boost after ICC meeting
  12. ↑ (28 June 2011). ICC annual conference: Associates included in 2015 World Cup. ESPNcricinfo. ESPN Sports Media
  13. ↑ (12 September 2011). Results of the ICC Chief Executives' Committee meeting in London
  14. ↑ (11 October 2011). ICC spells out 2015 WC qualification plan. ESPNcricinfo. ESPN Sports Media
  15. ↑ (9 July 2013). Ireland become first team to qualify for the 2015 Cricket World Cup. Independent.ie. Independent News & Media
  16. ↑ (4 October 2013). Afghanistan celebrates cricket World Cup qualification. BBC News. British Broadcasting Corporation
  17. ↑ Scotland Win World Cup Qualifier. Cricket World Media
  18. ↑ ICC raises prize pool for World Cup. Cricket Australia
  19. ↑ type=tournament Records / ICC Cricket World Cup, 2014/15 / Most runs. ESPNcricinfo. ESPN Sports Media
  20. ↑ type=tournament Records / ICC Cricket World Cup, 2014/15 / Most wickets. ESPNcricinfo. ESPN Sports Media

সম্পৰ্কিত শ্ৰেণী

ক্ৰিকেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বকাপ ক্ৰিকেট ২০১৫” প্ৰবন্ধৰ সংশোধন ৫৮৩১১৭ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।