কেনে বা নাগা মল্লযুঁজ নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল।১ ই কোৰিয়াৰ পৰম্পৰাগত ৰাষ্ট্ৰীয় ক্ৰীড়া চিৰিয়ামৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। খেলৰ উদ্দেশ্য হ'ল প্ৰতিপক্ষৰ শৰীৰৰ আঁঠুৰ ওপৰৰ যিকোনো অংশ ভূমিত স্পৰ্শ কৰোৱা। লোকক্ৰীড়া হিচাপে ইয়াৰ উৎপত্তি আৰু সৃষ্টিকৰ্তাৰ বিষয়ে সঠিককৈ জনা নাযায়।২৩
নাগাসকলৰ টেনি-মি সাম্প্ৰদায়িক গোটৰ অন্তৰ্ভুক্ত নাগালেণ্ডৰ আংগামি, চাখেচাং আৰু জেলিয়াংৰোং আৰু মণিপুৰৰ মাও, মাৰাম আৰু পুমাই সকলৰ মাজত কেনে মল্লযুঁজৰ প্ৰচলন আছে।৪ প্ৰতিজন কেনে মল্লযোদ্ধাই কঁকালত বান্ধি থোৱা ৰঙীন কাপোৰ পিন্ধে। দুয়োখন হাতেৰে বিপক্ষৰ কঁকাল বান্ধি থোৱা কাপোৰ ধৰি মল্লযোদ্ধাজনে আনজনক মাটিত পেলাই দিবলৈ চেষ্টা কৰে। প্ৰতিপক্ষ মল্লযুঁজাৰু জনৰ আঁঠুৰ ওপৰৰ শৰীৰৰ যিকোনো অংগ ভূমি স্পৰ্শ কৰা ইয়াৰ মূল লক্ষ্য।
ইতিহাস
কেনে মল্লযুঁজ নাগাসকলৰ আটাইতকৈ পুৰণি পৰম্পৰাগত খেলসমূহৰ ভিতৰত অন্যতম। এই শৈলীৰ মল্লযুদ্ধ নাগালেণ্ড অঞ্চলত কেইবা শতিকা ধৰি প্ৰচলিত আছিল। ইয়াৰ আধুনিক সংস্কৰণ বিংশ শতিকাৰ মাজভাগত বিকশিত কৰা হৈছিল।
১৯৩০ আৰু ১৯৪০ৰ দশকত কোহিমা আৰু ইম্ফালৰ মাজত ঘাইপথ নিৰ্মাণৰ ফলত বহুতো টেনি-মি গাওঁবাসীক কিছু উপাৰ্জনৰ বাবে পথ নিৰ্মাণত অংশগ্ৰহণ কৰিবলৈ একত্ৰিত হৈছিল। সেই সময়ত ব্ৰিটিছ শাসনক গৃহ কৰ পৰিশোধ কৰাটো তেওঁলোকৰ বাবে এক বোজা আছিল। সেয়েহে ধনৰ আশাত তেওঁলোকে ঘাইপথ নিৰ্মাণত যোগদান কৰিছিল। মধ্যাহ্নভোজনৰ বিৰতিৰ সময়ত শ্ৰমিকসকলৰ মাজত প্ৰায়ে অৱসৰ বিনোদনৰ বাবে মল্লযুদ্ধ অনুষ্ঠিত হৈছিল। প্ৰতিজন সংশ্লিষ্ট গাঁৱৰ নেতাই খেলসমূহত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকৰ শ্ৰেষ্ঠ মল্লযোদ্ধা বাছনি কৰিছিল।
১৯৬৫ চনত নাগালেণ্ড চৰকাৰে প্ৰথম আয়োজিত কুস্তি সভা আৰম্ভ কৰিছিল। পিছত ১৯৬৯ চনত নাগা কুস্তি বোৰ্ড গঠনৰ লগে লগে ইয়াক শক্তিশালী কৰা হয় আৰু ইয়াৰ অধীনত প্ৰথম নাগা কুস্তি চেম্পিয়নশ্বিপ ১৯৭১ চনৰ ২০ মে' তাৰিখে অনুষ্ঠিত কৰা হৈছিল।৫
নীতি-নিয়ম
পৰম্পৰাগতভাৱে খেলখন মাটিৰে ভৰা এটা বৃত্তাকাৰ আঙুঠিৰ ভিতৰত অনুষ্ঠিত হয়। আধুনিক খেলবোৰ কুস্তিৰ ৰিঙত অনুষ্ঠিত হয়। প্ৰতিযোগীসকলে তেওঁলোকৰ কঁকালত কাপোৰৰ ফিতা বা বেল্ট পিন্ধে। কঁকালত বন্ধা এই কাপোৰ বা বেল্টডাল ধৰি মল্লযুঁজ আৰম্ভ কৰা হয়।
খেলখনৰ আৰম্ভণিতে দুয়োজন প্ৰতিযোগীয়ে ইজনে সিজনক গ্ৰেপলিং স্থিতিত প্ৰতিজন মল্লযোদ্ধাই তেওঁলোকৰ হাতেৰে প্ৰতিপক্ষ খেলুৱৈৰ কঁকালত বন্ধা কাপোৰ বা বেল্ট ধৰি ৰাখে। মল্লযুঁজ ৰেফাৰীৰ হুইচেলৰ সৈতে আৰম্ভ হয়। ৰেফাৰী গৰাকীযে ৰিঙৰ ভিতৰত মল্লযোদ্ধাসকলৰ আচৰণ বিচাৰ আৰু নিয়ন্ত্ৰণ কৰিবলৈ কৰে। ৰেফাৰীযে তেওঁলোকৰ সুৰক্ষিতভাৱে মল্লযোদ্ধা হোৱাৰ সামৰ্থ্যৰ বিচাৰ, নক-ডাউন আৰু ফাউলৰ ঘোষণা কৰে।
এটা মেচ তিনিখন ফাইট ফৰ্মেটৰ সৰ্বশ্ৰেষ্ঠ খেলত প্ৰতিদ্বন্দ্বিতা কৰা হয়। ইয়াৰে দুখন যুঁজ জিকা মল্লযোদ্ধাজনে প্ৰথমে মেচখন জিকে। কেনে মল্লযুঁজত কোনো ওজনভিত্তিক শ্ৰেণীবিভাজন নাই।
প্ৰতিযোগিতা
নাগা কুস্তি চেম্পিয়নশ্বিপ
নাগালেণ্ড কুস্তি সংস্থাৰ দ্বাৰা আয়োজিত নাগা কুস্তি চেম্পিয়নশ্বিপ দ্বিবাৰ্ষিকভাৱে অনুষ্ঠিত হয়। কেৱল আংগামি, চাখেচাং আৰু জেলিয়াংছ এনডব্লিউএৰ সৈতে সংযুক্ত সকলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। মণিপুৰ চৰকাৰে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ কেৱল মণিপুৰৰ নাগাসকলক অনুমতি প্ৰদান কৰিছে। ভেনুজু দাওহুও ২৮তম নাগা কুস্তি চেম্পিয়নশ্বিপ, ২০২২ ৰ চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছিল।৬
নাগা অপেন ৰেছলিং চেম্পিয়নশ্বিপ
নাগা অপেন ৰেছলিং চেম্পিয়নশ্বিপ ১৯৯৭ চনৰ পৰা দ্বিবাৰ্ষিকভাৱে অনুষ্ঠিত হৈ আহিছে। ইয়াৰ অধীনত নাগালেণ্ড কুস্তি সংস্থাৰ অ-অনুমোদিত সদস্যসকলৰ যিকোনো লোকে অংশগ্ৰহণ কৰিব পাৰে। ভেনুজু দাহুওৱে ১৩তম নাগা অপেন ৰেছলিং চেম্পিয়নশ্বিপ ২০২১ৰ খিতাপ দখল কৰিছিল।৭
হৰ্ণবিল আন্তৰ্জাতিক কুস্তি চেম্পিয়নশ্বিপ
হৰ্ণবিল উৎসৱ উদযাপনৰ অংশ হিচাপে নাগালেণ্ড কুস্তি সংস্থাই ২০০৭ চনৰ পৰা প্ৰতি বছৰে হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় কুস্তি চেম্পিয়নশ্বিপ আয়োজিত কৰি আহিছে। ভেকুথ' চোহোৱে ১৩তম হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় কুস্তি চেম্পিয়নশ্বিপ ২০১৯ ৰ খিতাপ দখল কৰিছিল।৮
তথ্যসূত্ৰ
- ↑ (16 September 2017). Nagaland Governor calls to preserve Naga indigenous games. The Shillong Times
- ↑ (9 March 2020). Humble beginnings of the Naga Traditional Wrestling. Nagaland Post
- ↑ (22 September 2020). Wrestling for peace. The Statesman (India)
- ↑ Yhokha, Vibi. (10 March 2017). Naga wrestling: the embrace of brothers. The Hindu
- ↑ (13 February 2020). Naga Wrestling: The highest grossing sport in Nagaland. The Morung Express
- ↑ (1 March 2022). Venüzo Dawhuo retains Naga Wrestling Meet title. Nagaland Post
- ↑ (10 April 2021). Venuzo Dawhuo wins Naga Wrestling Championship 2021. The Morung Express
- ↑ (4 December 2020). Vekutho Soho wins International Hornbill Naga Wrestling Championship. Eastern Mirror
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেনে (মল্লযুঁজ)” প্ৰবন্ধৰ সংশোধন ৫১৬৯৪০ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।