খেল-ধেমালি
ক্ৰিকেট, ফুটবল, অলিম্পিক আৰু খেলুৱৈ · ১৮০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অইল ইণ্ডিয়া এফ চি
অইল ইণ্ডিয়া ফুটবল ক্লাব অসমৰ দুলীয়াজানস্থিত এক আগশাৰীৰ প্ৰখ্যাত ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।অইল ইণ্ডিয়া এফ চিয়ে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ.
-
আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ
আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ (:ICC Men's T20 World Cup) (আই চি চি পুৰুষ বিশ্ব টি২০ আৰু পুৰুষ টি২০ বিশ্বকাপ হিচাপেও জনাজাত) হৈছে পুৰুষৰ টি২০ ক্ৰিকেটৰ আন্তৰ্জাতিক চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাৰ আয়োজক আন্তৰ্জাতিক ক্ৰিকেটৰ তদাৰককাৰী সংস্থা আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল (ICC)।
-
গ্ৰেণ্ড শ্লাম (টেনিছ)
গ্ৰেণ্ড শ্লাম (Grand Slam) টুৰ্ণামেণ্ট হৈছে বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চাৰিখন বাৰ্ষিক টেনিছ টুৰ্ণামেণ্ট বা ক্ৰীড়া প্ৰতিযোগিতা। এই টুৰ্ণামেণ্টসমূহক মেজৰ নামেৰেও জনা যায়। গ্ৰেণ্ড শ্লামসমূহত আটাইতকৈ বেছি ৰেংকিং পইণ্ট আৰু প্ৰাইজমানি প্ৰদান কৰা হয়।
-
পি. আৰ. শ্ৰীজেশ
পৰট্টু ৰবীন্দ্ৰন শ্ৰীজেশ (Parattu Raveendran Sreejesh) এজন ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ, ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ গ'লৰক্ষক তথা প্ৰাক্তন অধিনায়ক। হকী ইণ্ডিয়া লীগত তেওঁ উত্তৰ প্ৰদেশ ৱিজাৰ্ডছৰ হৈ খেলে।
-
ভটা-গুটি
ভটা গুটি বা টাং গুটি অসম তথা ভাৰতীয় উপমহাদেশত প্ৰচলিত এক পৰম্পৰাগত খেল। এই খেলক ঠাইভেদে গিলি দাণ্ডা, ভাটা খেল, দাণ্ডা খেল, ডাং গুটি আদি নামেৰেও জনা যায়। ভটা খেলৰ প্ৰধান সঁজুলি এডাল মাৰি আৰু এটা গুটি। মাৰি ডাল আৰ গুটিটো বাঁহ বা টান গছৰ ডালেৰে সজা হয়। এহাতমান দীঘল মাৰিডাল গোটা আৰু পোন।
-
ভিডিঅ' গেম
ভিডিঅ' গেমসমূহক সাধাৰণতে ইয়াৰ হাৰ্ডৱেৰ প্লেটফৰ্ম অনুসৰি শ্ৰেণীভুক্ত কৰা হয়, য'ত পৰম্পৰাগতভাৱে আৰ্কেড ভিডিঅ' গেম, কনছ'ল গেম, আৰু কম্পিউটাৰ গেম (যিটোৱে লেন গেম, অনলাইন গেম, আৰু ব্ৰাউজাৰ গেমক অন্তৰ্ভুক্ত কৰে) অন্তৰ্ভুক্ত কৰে।
-
হেণ্ডবল
হেণ্ডবল (handball) এক প্ৰকাৰৰ দলীয় খেল। এই খেলটো প্ৰায় ফুটবলৰ নিচিনাই, কিন্তু পাৰ্থক্য হ'ল হেণ্ডবলত হাতেদি বল আদানপ্ৰদান কৰা হয়। এই খেলত মুঠ ১২জন খেলুৱৈ থাকে আৰু ৭জন খেলুৱৈ খেলপথাৰত খেলে।
-
অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম
অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম (Assam Cricket Association Stadium), এচিএ ষ্টেডিয়াম বা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়।
-
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১৩
২০১৩ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, সংক্ষেপে আই পি এল ৬ বা আই পি এল ২০১৩ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ দ্বাৰা ২০০৭ চনত প্ৰতিষ্ঠাপিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ বৰ্ষ। ২০১৩ চনৰ ৩ এপ্ৰিলত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ মে'লৈকে চলিব আৰু এইবাৰ মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে।
-
উৱেফা চেম্পিয়ন্ছ লীগ
উৱেফা চেম্পিয়ন্ছ লীগ (UEFA Champions League, চমুকৈ চেম্পিয়ন্ছ লীগ, পূৰ্বৰ নাম ইউৰোপীয়ান চেম্পিয়ন ক্লাবছ্ কাপ বা ইউৰোপীয়ান কাপ) হৈছে ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছে (UEFA) ১৯৫৫ চনৰপৰা ইউৰোপৰ শীৰ্ষস্থানীয় ফুটবল ক্লাবসমূহৰ মাজত আয়োজন কৰি অহা এক বাৰ্ষিক মহাদেশীয় ক্লাব ফুটবল…
-
এথলেটিকছ
এথলেটিকছ হৈছে প্ৰতিযোগিতামূলক দৌৰ, জাম্প আৰু নিক্ষেপ কৰা ক্ৰীড়া অনুষ্ঠানৰ এটা গোট। এথলেটিকছ প্ৰতিযোগিতাসমূহৰ আটাইতকৈ সাধাৰণ প্ৰকাৰসমূহ হ'ল ট্ৰেক এণ্ড ফিল্ড, ৰোড ৰান, ক্ৰছ-কাণ্টি দৌৰ আৰু ৰেচৱাকিং।
-
কড়ি খেল
কড়ি খেল অসম,নেপাল আৰু বাংলাদেশৰ এবিধ পৰম্পৰাগত গ্ৰামীণ খেল। অসমৰ লোকসকলে পৰম্পৰাগত ভাৱে বহাগ বিহুৰ সময়ত এই খেল খেলিছিল। কড়িখেল হৈছে একক বা দলীয়ভাৱে দুজনৰ পৰা দহজনলৈকে খেলিব পৰা একপ্ৰকাৰৰ প্ৰতিযোগিতামূলক খেল। এইখেলত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। ৰঙালী বিহুৰ সময়ত এই খেল এতিয়াও জনপ্ৰিয়।
-
খো-খো
খো-খো (खो-खो) এক পৰম্পৰাগত ভাৰতীয় ক্ৰীড়া। প্ৰাচীন ভাৰতৰ পৰা আৰম্ভ হোৱা আটাইতকৈ পুৰণি আউটড'ৰ ক্ৰীড়াসমূহৰ ভিতৰত খো-খো অন্যতম। ভাৰতীয় উপমহাদেশৰ কাবাডীৰ পিছতেই খেলুৱৈক চুব লগীয়া খেলৰ ই দ্বিতীয় জনপ্ৰিয় পৰম্পৰাগত খেল।
-
জল্লিকট্টু
জল্লিকট্টু বা চল্লিকট্টু (Jallikattu; சல்லிகட்டு) তামিলসকলৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া, য’ত এটি ষাঁড় গৰুক তাৰ শিঙত ধৰি পৰাস্ত কৰিব লাগে। এই খেল তামিলনাডুৰ এক প্ৰাচীন উৎসৱ পোঙ্গল উৎসৱ উপলক্ষে আয়োজন কৰা হয়। জল্লিকট্টু শব্দটো আহিছে চল্লি (মুদ্ৰা) আৰু কট্টু (উপহাৰ)ৰ পৰা।
-
দাৰিয়া কোৰ্ট খেল
দাৰিয়া কোৰ্ট খেল বা দাৰিয়া বান্ধা খেল( Dariya Bandha khel) সাধাৰণতে অসমৰ গাঁও অঞ্চলত খেলা দেখা যায়। নামনি অসম আৰু উজনি অসমত খেলৰ বিধৰ প্ৰচলন তুলনামূলকভাৱে কম দেখা যায়। ঠাই বিশেষে খেলৰ নাম আৰু নিয়মবোৰো বেলেগ বেলেগ দেখা যায়।
-
নাও খেল
নাও খেল ( Nao khel) অসমৰ এক পৰম্পৰাগত পানীত খেলা খেল৷ নাৱত উঠি কেইবাজনো খেলুৱৈয়ে জাত জাত বঠা বাই নিজৰ নিজৰ নাও আগুৱাই নি লক্ষ্যস্থান প্ৰাপ্ত কৰাতেই এই খেলৰ সামৰণি৷ ভাৰতৰ কেৰালা ৰাজ্যত কৃষি উৎসৱ অ’নামৰ লগত সংগতি ৰাখি এই খেল বছৰি খেলা হয়৷ অসমত সাধাৰণতে ভাদ-আহিন মাহত বছৰেকীয়া বানপানী শুকাবলৈ ধৰোঁতে…
-
বাংলাদেশ ৰাষ্ট্ৰীয় ফুটবল দল
বাংলাদেশ ৰাষ্ট্ৰীয় ফুটবল দল হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবলত বাংলাদেশক প্ৰতিনিধিত্ব কৰা পুৰুষৰ জাতীয় দল, যাৰ কাৰ্য্যকলাপ বাংলাদেশৰ ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থা বাংলাদেশ ফুটবল ফেডাৰেচনৰ দ্বাৰা পৰিচালিত হয়।
-
ভাল্লাম কালি
ভাল্লাম কালি (Vallam Kali) ভাৰতৰ কেৰালাত প্ৰচলিত পৰম্পৰাগত নাও খেল। আক্ষৰিক ভাবে ভাল্লাম কালি মানে নাও খেল। এইটো মুখ্যতঃ বসন্তত কৃষিভিত্তিক উৎসৱ ওনামৰ সময়ত পতা কৰা হয়। ভাল্লাম কালিত বহু প্ৰকাৰৰ বৈঠাযুক্ত দীঘল নৌকা আৰু 'সাপৰ নাও'ৰ নাওখেলৰ প্ৰতিযোগিতা অন্তৰ্ভুক্ত আছে।
-
ভাৰতীয় জাতীয় ফুটবল দল
ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দল হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবলত ভাৰতক প্ৰতিনিধিত্ব কৰা পুৰুষৰ জাতীয় দল, যাৰ কাৰ্যকলাপ ভাৰতৰ ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থা অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ দ্বাৰা পৰিচালিত হয়।
-
মহিলা টি-২০ বিশ্বকাপ
আইচিচি মহিলা টি-২০ বিশ্বকাপ (ICC Women's T20 World Cup) হৈছে ক্ৰিকেট খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটৰ এক দ্বিবাৰ্ষিক বিশ্বকাপ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি)ৰ দ্বাৰা আয়োজন কৰা হয়। ইয়াৰ প্ৰথম সংস্কৰণ ২০০৯ চনত ইংলেণ্ডত অনুষ্ঠিত হৈছিল।
-
শিশুৰ খেল-ধেমালি
সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। শিশুসকলৰ মাজতো বহুতো খেল-ধেমালি দেখা যায়, শিশুৰ এই খেল-ধেমালিবোৰ স্বভাৱতেই গীত সমৃদ্ধ হয়। ঠাই বিশেষে শিশুৰ খেল-ধেমালিৰ লগত জড়িত গীতবোৰ সুকীয়া সুকীয়া।
-
ৰছী টনা খেল
ৰছী টনা (tug of war) হৈছে এক খেল বিশেষ। য'ত দুই বিপৰীত পক্ষই সমুখা-সমুখিকৈ শক্তিৰ পৰীক্ষণত অৱতীৰ্ণ হয়। ইয়াত এডাল ৰছীৰ দুটা বিপৰীত মুৰত ধৰি নিজৰ পক্ষত ৰছীৰ সৰহ অংশ ৰখাৰ উদ্দেশ্যৰে দুটা দলৰ খেলুৱৈ সকলে পৰস্পৰক টানে।
-
অনুৰাধা থোকচোম
অনুৰাধা থোকচোম (Anuradha Thokchom, জন্ম: ২ ফেব্ৰুৱাৰী ১৯৮৯, ভাৰতৰ মণিপুৰৰ টৌবুলত) ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলৰ সদস্য। মণিপুৰৰ টৌবুলত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা অনুৰাধাই কম বয়সতে হকী খেলিবলৈ আৰম্ভ কৰে আৰু ২০০৬ চনৰ মহিলা হকী চেম্পিয়নছ ট্ৰফীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে।
-
অসম ফুটবল সন্থা
অসম ফুটবল সন্থা ভাৰতৰ ৩৬খন ৰাজ্যিক ফুটবল সন্থাৰ অন্যতম যি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অন্তৰ্গত। অসম ফুটবল সন্থাই অসমৰ ফুটবলক পৰিচালনা কৰে। ই অসমৰ ৰাজ্যিক পুৰুষ আৰু মহিলা উভয় ফুটবল দলসমূহক নিয়ন্ত্ৰণ কৰে তথা এই দলসমূহক তৈয়াৰ কৰি সন্তোষ ট্ৰফী আৰু ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপলৈ…
-
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব, বা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছচি, (চমুকৈ এ এছ ই বি এছচি নামেৰে পৰিচিত) হৈছে অসমৰ গুৱাহাটীৰ এটি অন্যতম আগশাৰীৰ ফুটবল ক্লাব। এই ক্লাবে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ.
-
অসমৰ পৰম্পৰাগত খেল-ধেমালি
সমগ্ৰ পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত থকা আমোদ-প্ৰমোদেই হ’ল নানা ধৰণৰ খেল-ধেমালি। সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। অসমৰো সকলো জাতি-জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো খেল-ধেমালি আছে।
-
আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা
আন্তৰ্জাতিক অলিম্পিক কমিটি (International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়।
-
ইউ এছ অ'পেন (টেনিছ)
<small>ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ হৈছে নিউয়ৰ্কৰ কুইন্স চহৰত প্ৰতি বছৰে অনুষ্ঠিত হোৱা হাৰ্ডক’ৰ্ট অৰ্থাৎ কঠিন খেলপথাৰত আয়োজন কৰা টেনিছ প্ৰতিযোগিতা। ১৯৮৭ চনৰ পৰা ইউ এছ অ’পেন কালক্ৰমিকভাৱে বছৰৰ চতুৰ্থ আৰু অন্তিম গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা।
-
ইভান কলিতা (অশ্বাৰোহী)
ইভান আলেকজেন্দ্ৰোভিচ কলিতা (Иван Александрович Калита; ১৪ জানুৱাৰী ১৯২৭ – ২৯ মাৰ্চ ১৯৯৬) এজন ছোভিয়েট অশ্বাৰোহী আৰু অলিম্পিক স্বৰ্ণপদক বিজয়ী আছিল। ১৯৭২ চনৰ মিউনিখত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ দলীয় ড্ৰেছেজত স্বৰ্ণ পদক লাভ কৰিছিল।
-
ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ তালিকা
২০১৯ চনলৈকে ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে মাত্ৰ ৭টা ক্ৰিকেট দল। ৱেষ্ট ইণ্ডিজ, ভাৰত, অষ্ট্ৰেলিয়া, পাকিস্তান আৰু শ্ৰীলংকা ক্ৰিকেট দলে ১৯৭৫ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আয়োজন কৰা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তিমখন খেলত জয়লাভ কৰি ট্ৰফী জয় কৰাৰ ক্ষমতা প্ৰদৰ্শন…