পৰম্পৰাগত ক্ৰীড়া
২৬ প্ৰবন্ধ
-
কাবাডী
কাবাডী ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় খেল। বৰ্তমানে কাবাডী আন্তৰ্জাতিকভাৱেও খেলা হয়। এই খেল সাধাৰণতে কিশোৰৰ পৰা প্ৰাপ্তবয়স্ক সকলো ল’ৰা-ছোৱালী, পুৰুষ মহিলা উভয়ে খেলিব পাৰে। কাবাডী বাংলাদেশৰ জাতীয় খেল। বাংলাদেশ স্বাধীন হোৱাৰ পিছত বাংলাদেশত কাবাডী ফেডাৰেশ্যন গঠিত হয়।
-
কণী যুঁজ
কণী যুঁজ (Egg tapping) বিশ্বৰ বিভিন্ন সংস্কৃতিৰ এক জনপ্ৰিয় খেল। অসমৰ লগতে বিশ্বৰ আন আন প্ৰান্তত, যেনে: হলেণ্ড, ৰোমানিয়া, ৰুঠেনিয়া, গ্ৰীচ আদিত এই খেল প্ৰচলিত।
-
গতকা
গতকা (ਗੱਤਕਾ;; गतका; ) হৈছে মূলতঃ পাঞ্জাৱৰ শিখ আৰু অন্যান্য আনুষংগিক জনগোষ্ঠী, যেনে হিন্দকোৱানৰ সৈতে জড়িত যুদ্ধ কলাৰ এক প্ৰকাৰৰ খেল। ই লাঠি-যুদ্ধৰ এক শৈলী, কাঠৰ লাঠিৰে তৰোৱালৰ অনুকৰণ কৰা হয়।
-
ভটা-গুটি
ভটা গুটি বা টাং গুটি অসম তথা ভাৰতীয় উপমহাদেশত প্ৰচলিত এক পৰম্পৰাগত খেল। এই খেলক ঠাইভেদে গিলি দাণ্ডা, ভাটা খেল, দাণ্ডা খেল, ডাং গুটি আদি নামেৰেও জনা যায়। ভটা খেলৰ প্ৰধান সঁজুলি এডাল মাৰি আৰু এটা গুটি। মাৰি ডাল আৰ গুটিটো বাঁহ বা টান গছৰ ডালেৰে সজা হয়। এহাতমান দীঘল মাৰিডাল গোটা আৰু পোন।
-
লুকা-ভাকু
লুকা-ভাকু (Hide-and-seek) হৈছে এক জনপ্ৰিয় শিশুৰ খেল য’ত কমেও দুজন খেলুৱৈ (সাধাৰণতে কমেও তিনিজন) এক নিৰ্ধাৰিত পৰিৱেশত লুকাই থাকে, যাক এক বা তাতকৈ অধিক সন্ধানকাৰীয়ে বিচাৰিবলৈ যায়। খেলটো বাছনি কৰা এজন খেলুৱৈয়ে চকু বন্ধ কৰে আৰু এটা পূৰ্বনিৰ্ধাৰিত সংখ্যা গণনা কৰে। আনহাতে আন খেলুৱৈসকলে লুকাবলৈ যায়।
-
কড়ি খেল
কড়ি খেল অসম,নেপাল আৰু বাংলাদেশৰ এবিধ পৰম্পৰাগত গ্ৰামীণ খেল। অসমৰ লোকসকলে পৰম্পৰাগত ভাৱে বহাগ বিহুৰ সময়ত এই খেল খেলিছিল। কড়িখেল হৈছে একক বা দলীয়ভাৱে দুজনৰ পৰা দহজনলৈকে খেলিব পৰা একপ্ৰকাৰৰ প্ৰতিযোগিতামূলক খেল। এইখেলত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। ৰঙালী বিহুৰ সময়ত এই খেল এতিয়াও জনপ্ৰিয়।
-
খো-খো
খো-খো (खो-खो) এক পৰম্পৰাগত ভাৰতীয় ক্ৰীড়া। প্ৰাচীন ভাৰতৰ পৰা আৰম্ভ হোৱা আটাইতকৈ পুৰণি আউটড'ৰ ক্ৰীড়াসমূহৰ ভিতৰত খো-খো অন্যতম। ভাৰতীয় উপমহাদেশৰ কাবাডীৰ পিছতেই খেলুৱৈক চুব লগীয়া খেলৰ ই দ্বিতীয় জনপ্ৰিয় পৰম্পৰাগত খেল।
-
জল্লিকট্টু
জল্লিকট্টু বা চল্লিকট্টু (Jallikattu; சல்லிகட்டு) তামিলসকলৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া, য’ত এটি ষাঁড় গৰুক তাৰ শিঙত ধৰি পৰাস্ত কৰিব লাগে। এই খেল তামিলনাডুৰ এক প্ৰাচীন উৎসৱ পোঙ্গল উৎসৱ উপলক্ষে আয়োজন কৰা হয়। জল্লিকট্টু শব্দটো আহিছে চল্লি (মুদ্ৰা) আৰু কট্টু (উপহাৰ)ৰ পৰা।
-
নাও খেল
নাও খেল ( Nao khel) অসমৰ এক পৰম্পৰাগত পানীত খেলা খেল৷ নাৱত উঠি কেইবাজনো খেলুৱৈয়ে জাত জাত বঠা বাই নিজৰ নিজৰ নাও আগুৱাই নি লক্ষ্যস্থান প্ৰাপ্ত কৰাতেই এই খেলৰ সামৰণি৷ ভাৰতৰ কেৰালা ৰাজ্যত কৃষি উৎসৱ অ’নামৰ লগত সংগতি ৰাখি এই খেল বছৰি খেলা হয়৷ অসমত সাধাৰণতে ভাদ-আহিন মাহত বছৰেকীয়া বানপানী শুকাবলৈ ধৰোঁতে…
-
ভাল্লাম কালি
ভাল্লাম কালি (Vallam Kali) ভাৰতৰ কেৰালাত প্ৰচলিত পৰম্পৰাগত নাও খেল। আক্ষৰিক ভাবে ভাল্লাম কালি মানে নাও খেল। এইটো মুখ্যতঃ বসন্তত কৃষিভিত্তিক উৎসৱ ওনামৰ সময়ত পতা কৰা হয়। ভাল্লাম কালিত বহু প্ৰকাৰৰ বৈঠাযুক্ত দীঘল নৌকা আৰু 'সাপৰ নাও'ৰ নাওখেলৰ প্ৰতিযোগিতা অন্তৰ্ভুক্ত আছে।
-
শিশুৰ খেল-ধেমালি
সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। শিশুসকলৰ মাজতো বহুতো খেল-ধেমালি দেখা যায়, শিশুৰ এই খেল-ধেমালিবোৰ স্বভাৱতেই গীত সমৃদ্ধ হয়। ঠাই বিশেষে শিশুৰ খেল-ধেমালিৰ লগত জড়িত গীতবোৰ সুকীয়া সুকীয়া।
-
ৰছী টনা খেল
ৰছী টনা (tug of war) হৈছে এক খেল বিশেষ। য'ত দুই বিপৰীত পক্ষই সমুখা-সমুখিকৈ শক্তিৰ পৰীক্ষণত অৱতীৰ্ণ হয়। ইয়াত এডাল ৰছীৰ দুটা বিপৰীত মুৰত ধৰি নিজৰ পক্ষত ৰছীৰ সৰহ অংশ ৰখাৰ উদ্দেশ্যৰে দুটা দলৰ খেলুৱৈ সকলে পৰস্পৰক টানে।
-
এল্লে
এল্লে হৈছে শ্ৰীলংকাৰ জনপ্ৰিয় বেট-এণ্ড-বল খেল যিটো লেহেমীয়া পিটচ চফ্টবলৰ স্থানীয় নাম হিচাপেও ব্যৱহাৰ কৰা হয়। এই খেলখন প্ৰায়ে গ্ৰাম্য গাঁও আৰু চহৰ অঞ্চলত খেলা হয়। আধুনিক বিশ্বত জনপ্ৰিয় ক্ৰীড়াসমূহৰ ভিতৰত এল্লে খেলৰ সৈতে চফ্টবলৰ সাদৃশ্য আটাইতকৈ বেছি দেখা যায়।
-
গুটিদাৰা
গুটিদাৰা (বাংলা: গুটিদাড়া) বাংলাদেশৰ এটা পৰম্পৰাগত গ্ৰাম্য খেল। এই খেল বিশেষকৈ ব্ৰাহ্মণবাড়িয়া জিলাৰ বেছিভাগ গাঁৱৰ পথাৰত শীতকালৰ পূৰ্বে ধান চপোৱাৰ পিছত ৰাতিপুৱা সময়ত খেলা হয়।
-
গুৱানিউ
গুৱানিউ (সৰলীকৃত চীনা: 掼牛; পৰম্পৰাগত চীনা: 摜牛; পিনইন: guan niú), চীনা শৈলীৰ ম’হ যুঁজ বুলিও জনাজাত, চীনৰ ঝেজিয়াং প্ৰদেশৰ জিয়াক্সিংত অনুষ্ঠিত হোৱা ম’হৰ মল্লযুঁজৰ এটা প্ৰকাৰ। ইয়াক হুই ম’হ যুঁজ বুলিও কোৱা হয়, কিয়নো ইয়াৰ উৎপত্তি হুই জনগোষ্ঠীৰ মাজত হৈছিল।
-
গোল্লাছুট
গোল্লাছুট (গোলাখুট বুলিও কোৱা হয়; অৰ্থ: বৃত্ত দৌৰ) বাংলাদেশৰ কিশোৰ-কিশোৰীসকলৰ মাজত অন্যতম জনপ্ৰিয় খেল। গ্ৰাম্য অঞ্চলৰ উপৰি এই খেল চহৰৰ পৰিৱেশতো বহুলভাৱে খেলা হয়। বিশেষকৈ ঢাকা, ময়মনসিং, ফৰিদপুৰ, মাদাৰীপুৰ, বৰিশাল, খুলনা, আৰু পাবনাত ইয়াৰ জনপ্ৰিয়তা আছে।
-
ঘিলাখেল
ঘিলা খেল অসমৰ অতি প্ৰাচীন আৰু জনপ্ৰিয় খেল৷ মধ্যযুগৰ অসমৰ বহু পুথিত আৰু লোকগীতি সাহিত্যত ঘিলা খেলৰ বিৱৰণ পোৱা যায়৷ ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীতত ঘিলা খেলিবলৈ যোৱা আৰু ঘিলা খেলৰ অন্তত নৈত গা ধোৱাৰ উল্লেখ পোৱা যায়৷ শ্ৰীকৃষ্ণৰ শিশুকালৰ ক্ৰীড়া বৰ্ণনাতো ঘিলা খেলৰ বিষয়ে উল্লেখ কৰা আছে৷ অসমৰ জনজাতীয়…
-
চীনা দি
চীনা দি (চীনা খোজ পদ্ধতি বা চীনা মুষ্টি; বা চীনাাডি, কেতিয়াবা চিনা আতি / চাইনা পুদি; আৰু চীনা আদি বুলি জনা যায়) হৈছে চীন-প্ৰভাবিত শ্ৰীলংকাৰ যোদ্ধা কলা।
-
চৌ খেল
চৌ খেল অসমৰ এবিধ লোকখেল। কৈশোৰৰ পৰা প্ৰাক্ বৃদ্ধ বয়সলৈ অংশ ল'ব পৰা চৌ খেলত দুটা দল থাকে। প্ৰতিটো দলত কমেও পাঁচজন সদস্য থাকে।'চৌ খেল' খেল পথাৰত কৰ্ট সাজি লৈ খেলা এবিধ শাৰীৰিত ব্যায়াম যুক্ত খেল।
-
টেনিকোইট
টেনিকোইট (ইংৰাজী: Tennikoit), যাক ৰিং টেনিছ বা টেনিক’ইট বুলিও কোৱা হয়, টেনিছ শৈলীৰ ক’ৰ্টত খেলা এখন ক্ৰীড়া। এই খেলত দুজন বা চাৰিজন খেলুৱৈয়ে জালৰ ওপৰেৰে এটা বৃত্তাকাৰ ৰবৰৰ আঙঠি নিক্ষেপ কৰি খেলে।
-
পেৰালিকাটুমা
পেৰালিকাটুমা (Peralikatuma) হৈছে শ্ৰীলংকাৰ এটা দুজনীয়া বিমূৰ্ত কৌশলভিত্তিক ব'ৰ্ড খেল। এই খেলখন ড্ৰাফ্টছ (চেকাৰ্ছ) আৰু এলকুৱেৰকৰ সৈতে সম্পৰ্কিত, কাৰণ খেলুৱৈসকলে প্ৰতিপক্ষৰ গুটি ধৰি পেলাবলৈ সিহঁতৰ ওপৰেৰে জাঁপ মাৰে।
-
বাঘ বন্দী
বাঘ বন্দী হৈছে দুই খেলুৱৈৰ বিমূৰ্ত কৌশল বোৰ্ডৰ খেল। এইটো এটা চিকাৰধৰ্মী খেল। ই খেলৰ বাবে এখন আলকুৱেৰ্ক বোৰ্ডৰ প্ৰয়োজন হয়। বাঘ বন্দী খেলটো বিশেষভাৱে বাঘ ৰখা খেল, বাঘৰ খেল বা ঠাই বিশেষে বিভিন্ন নামেৰে জনা যায়।
-
লাংডি
লাংডি (হিন্দী: लंगड़ी (লংগড়ী বা লংড়ী)। কেতিয়াবা লাংডী বা লাংদি বুলি লিখা হয়। ) হৈছে দক্ষিণ এছিয়াৰ এটা পৰম্পৰাগত মৈদানী ক্ৰীড়া, য’ত টেগ (খেল) আৰু হপস্কচৰ উপাদানৰ সংমিশ্ৰণ দেখা যায়। প্ৰথমে পাণ্ডিয়ান বংশৰ সময়ত এই খেল খেলা হৈছিল আৰু তেতিয়া ইয়াক নন্দিয়াত্তম (Nondiyaattam) বুলি কোৱা হৈছিল।
-
লাটুম
লাটুম হৈছে ভাৰত আৰু বাংলাদেশৰ এক পৰম্পৰাগত খেল, য’ত সূতা বা ৰচী পেচাই হঠাতে টান মাৰিলে ই ঘূৰিবলৈ আৰম্ভ কৰে। ইয়াৰ মাজত এটা লৌহ দণ্ড দিয়া থাকে, সেই দণ্ডৰ ওপৰতে লাটুমটো ঘূৰণি খায়। লাটুম সাধাৰণতে গোলাকাৰ গঠনৰ হয় আৰু অধিকাংশ ক্ষেত্ৰত কাঠেৰে নিৰ্মিত।
-
সাপ আৰু জখলা
সাপ আৰু জখলা হৈছে দুজন বা তাতকৈ অধিক খেলুৱৈৰ বাবে এখন বৰ্ড গেম যিটো আজি বিশ্বব্যাপী ক্লাছিক হিচাপে গণ্য কৰা হয়। প্ৰাচীন ভাৰতত মোক্ষ পতম ("মুক্তি পাঠ") নামেৰে এই খেলৰ উৎপত্তি হৈছিল আৰু ১৮৯০ চনত ইয়াক যুক্তৰাজ্যলৈ অনা হৈছিল। ইয়াক সংখ্যাযুক্ত, গ্ৰীডযুক্ত বৰ্গক্ষেত্ৰৰ সৈতে গেম বৰ্ডত খেলা হয়।
-
ৰজা চোৰ মন্ত্ৰী সৈনিক
ৰজা চোৰ মন্ত্ৰী সৈনিক (Raja Chor Mantri Sipahi) হৈছে এক প্ৰকাৰৰ কাল্পনিক ভূমিকা পালন কৰা খেল যিটো এসময়ত ভাৰতৰ এক জনপ্ৰিয় খেল আছিল। ইয়াত চাৰিজন খেলুৱৈ অন্তৰ্ভুক্ত হৈ থাকে- প্ৰতিজন খেলুৱৈয়ে ৰজা, মন্ত্ৰী, চোৰ বা সৈনিকৰ ভূমিকা গ্ৰহণ কৰে আৰু মন্ত্ৰীয়ে চোৰৰ পৰিচয় অনুমান কৰিব লাগে।