পেছাদাৰী ক্ৰীড়া
১০ প্ৰবন্ধ
-
ক্ৰিকেট
ক্ৰিকেট এবিধ 'বেট আৰু বলৰ খেল'। দুটা দলৰ ১১ জনকৈ সদস্যৰে এই খেল ক্ৰিকেট খেলপথাৰত খেলা হয়। খেলপথাৰৰ সোঁমাজত ২২ গজ দৈৰ্ঘ্যৰ এক আয়তাকাৰ ক্ষেত্ৰ থাকে, যাক পিট্চ বোলা হয়।
-
ফুটবল
ফুটবল (Football) এবিধ বহিঃক্ৰীড়া। ফুটবলৰ আন এটা নাম "চ'কাৰ" (soccer)। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। ফুটবলত প্ৰত্যক দলত ১১ জনকৈ আৰু তিনিজন অতিৰিক্ত খেলুৱৈ থাকে। ফুটবল নামটোৰ উৎপত্তি হৈছে "ফুট" আৰু "বল" শব্দ দুটাৰ পৰা। অৰ্থাৎ ভৰিৰে খেলা বল।
-
দবা খেল
দবা (Chess) হৈছে সাধাৰণতে দুজন খেলুৱৈৰ মাজত খেলা এক ব'ৰ্ডখেল। খেলুৱৈ দুজনৰ প্ৰতিজনৰে ওচৰত ১৬টাকৈ টুকুৰা বা গুটি থাকে। মুঠ ৩২টা টুকুৰাক সমানে ক'লা আৰু বগা ৰঙৰ দলত ভাগ কৰা থাকে। দবা ব'ৰ্ডখনত মুঠতে ৬৪টা বৰ্গ থাকে। খেলুৱৈ দুজনে এজনে আনজনৰ সৈন্য টুকুৰাৰ ওপৰত বিভিন্ন নিয়মৰ মাজেৰে আক্ৰমণ কৰে।
-
কাবাডী
কাবাডী ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় খেল। বৰ্তমানে কাবাডী আন্তৰ্জাতিকভাৱেও খেলা হয়। এই খেল সাধাৰণতে কিশোৰৰ পৰা প্ৰাপ্তবয়স্ক সকলো ল’ৰা-ছোৱালী, পুৰুষ মহিলা উভয়ে খেলিব পাৰে। কাবাডী বাংলাদেশৰ জাতীয় খেল। বাংলাদেশ স্বাধীন হোৱাৰ পিছত বাংলাদেশত কাবাডী ফেডাৰেশ্যন গঠিত হয়।
-
হকী
হকী (Hockey) এবিধ আউটডৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। হকী খেলৰ প্ৰত্যক দলত ১১জন খেলুৱৈ থাকে। এই খেলত হকী ষ্টিকৰ দ্বাৰা বিপক্ষৰ এলেকাত থকা লক্ষ্যস্থানত বল ভৰাবলৈ চেষ্টা কৰে। যিটো দলে অধিক সংখ্যক গ’ল দিয়ে সেই দলটোৱেই বিজয়ী হিচাপে মনোনীত হয়।
-
সমৰ কলা
সমৰ কলা (Martial Arts) শব্দটো বৰ্তমান বিশ্বৰ ক্ৰীড়া জগতত বিস্তৃতি লাভ কৰিছে। সমৰ কলা বা যুদ্ধ কলা বুলিলে প্ৰদৰ্শনীমূলক বা প্ৰতিযোগিতামূলক যুদ্ধ কলা বা সমৰ কৌশলক বুজায়।
-
হেণ্ডবল
হেণ্ডবল (handball) এক প্ৰকাৰৰ দলীয় খেল। এই খেলটো প্ৰায় ফুটবলৰ নিচিনাই, কিন্তু পাৰ্থক্য হ'ল হেণ্ডবলত হাতেদি বল আদানপ্ৰদান কৰা হয়। এই খেলত মুঠ ১২জন খেলুৱৈ থাকে আৰু ৭জন খেলুৱৈ খেলপথাৰত খেলে।
-
ৰছী টনা খেল
ৰছী টনা (tug of war) হৈছে এক খেল বিশেষ। য'ত দুই বিপৰীত পক্ষই সমুখা-সমুখিকৈ শক্তিৰ পৰীক্ষণত অৱতীৰ্ণ হয়। ইয়াত এডাল ৰছীৰ দুটা বিপৰীত মুৰত ধৰি নিজৰ পক্ষত ৰছীৰ সৰহ অংশ ৰখাৰ উদ্দেশ্যৰে দুটা দলৰ খেলুৱৈ সকলে পৰস্পৰক টানে।
-
ভলিবল
ভলিবল (Volleyball) অলিম্পিক খেলত দুই দলেৰেই ছয়জন কৰি খেলুৱৈ থাকে। নেট দি বিভক্ত কৰা কোৰ্টৰ দুই প্ৰান্তত খেলুৱৈসকল থাকে আৰু সিহঁতৰ উদ্দেশ্য থাকে প্ৰতিপক্ষ দলৰ সীমাৰ মাজত বলক ভূমিত স্পৰ্শ কৰাৰ মাধ্যমেৰে পয়ণ্ট অৰ্জন কৰা।
-
ডেকাথলন
ডেকাথলন (Decathlon) হৈছে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এক সংযুক্ত ক্ৰীড়া প্ৰতিযোগিতা। ১৯১২ চনৰ পৰা অলিম্পিকত ডেকাথলন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাত প্ৰতিজন প্ৰতিযোগীয়ে দহটাকৈ খেলত অংশগ্ৰহণ কৰিব লাগে।