অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬ (Officially the XII South Asian Games), অসম আৰু মেঘালয়ৰ ৰাজধানী গুৱাহাটী আৰু ছিলঙত ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া এক বৃহৎ বহু-ক্ৰীড়া প্ৰতিযোগিতা দক্ষিণ এছিয় ক্ৰীড়াৰ শেহতীয়া সংস্কৰণ।

হালনাগাদ: ১২ জানুৱাৰী ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬ (Officially the XII South Asian Games), অসম আৰু মেঘালয়ৰ ৰাজধানী গুৱাহাটী আৰু ছিলঙত ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া এক বৃহৎ বহু-ক্ৰীড়া প্ৰতিযোগিতা দক্ষিণ এছিয় ক্ৰীড়াৰ শেহতীয়া সংস্কৰণ। ১ উক্ত প্ৰতিযোগিতাৰ ২৩টা বিভিন্ন খেলৰ ২২৮টা ভাগত অংশগ্ৰহণ কৰিবলৈ সৰ্বমুঠ ২,৬৭২ জন ক্ৰীড়াবিদৰ আগমন ঘটিব।২ এই প্ৰতিযোগিতা ২০১২ চনত নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া আছিল। কিন্তু ভাৰতীয় অলিম্পিক সংস্থাৰ নিলম্বন আৰু দিল্লীৰ নিৰ্বাচনৰ বাবে ২০১৫ চনলৈ পিছুৱাই দিয়া হয়। পিছলৈ আকৌ ২০১৬ চনৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হয়। ৩ প্ৰতিযোগিতা খনৰ উদ্ভোধনী অনুষ্ঠান ৫ ফেব্ৰুৱাৰী, ২০১৬ গুৱাহাটীত অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানৰ মূখ্য অতিথী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল।৪ প্ৰতিযোগিতাত ভাৰতে সৰ্বোচ্চ ১৮৮টা স্বৰ্ণ পদক সহ মুঠ ৩০৮টা পদক জয়লাভেৰে শীৰ্ষস্থান অধিকাৰ কৰে।৫

শুভংকৰ আৰু ল'গ'

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়াৰ শুভংকৰ এটা গঁড়ৰ পোৱালি তীখৰ ২০১৫ চনৰ ১৯ ডিচেম্বৰত ৰাজহুৱাকৈ উন্মোচন কৰা হয়। তীখৰে শান্তি, উন্নতি আৰু দক্ষিণ এছিয়াৰ সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই ফুৰে।৬৭ শান্তি, উন্নতি আৰু সমৃদ্ধিৰ বাবে ক্ৰীড়া(Play for Peace, Progress and Prosperity) এই প্ৰতিযোগিতাৰ আনুষ্ঠানিক মূলমন্ত্ৰ।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি এই পৃথিৱী এক ক্ৰীড়াঙ্গন ক্ৰীড়া হʼল শান্তিৰ প্ৰাঙ্গণ... দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়াৰ সংগীত হিচাপে গ্ৰহণ কৰা হৈছে।৮

অংশগ্ৰহণকাৰী দেশসমূহ

অংশগ্ৰহণকাৰী দেশসমূহ
অংশগ্ৰহণকাৰী দেশসমূহছবি: FilRB · CC BY-SA 3.0

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়াত ৮ খন দেশে অংশগ্ৰহণ কৰিব।

পদক তালিকা

চাবি:

ক্ৰমৰাষ্ট্ৰস্বৰ্ণপদকৰূপৰ পদকব্ৰঞ্জৰ পদকসৰ্বমুঠ পদক
১১৮৮৯০৩০৩০৮
২২৫৬৩৯৮১৮৬
৩১২৩৭৫৭১০৬
৪৭৯১৯৩৫
৫৪১৫৫৬৭৫
৬৩২৩৩৪৬০
৭০২১৩
৮০১১৫১৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (25 October 2015). South Asian Games to held from Feb 5-16 in Guwahati, Shillong. Zee News
  2. ↑ (30 December 2015). Sri Lanka to field 484 athletes in 23 disciplines. Daily news
  3. ↑ (8 July 2015). South Asian Games to be postponed further. Times of India
  4. ↑ South Asian Games budget up because of terror threat
  5. ↑ At South Asian Games, it wasn’t just the gold that glittered
  6. ↑ LOGO & MASCOT launch in Shillong - The Lantern Festival · Facebook. www.facebook.com
  7. ↑ LOGO and MASCOT of 12th South Asian Games, 2016 Launched At Guwahati. pib.nic.in
  8. ↑ South Asian Games 2016. www.southasiangames2016.com

সম্পৰ্কিত শ্ৰেণী

ক্ৰীড়া সমাৰোহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬” প্ৰবন্ধৰ সংশোধন ৫৬৯১৪৮ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।