অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

গ্ৰীণ পাৰ্ক ষ্টেডিয়াম

গ্ৰীণ পাৰ্ক ষ্টেডিয়াম (Green Park Stadium) হৈছে ভাৰতৰ কানপুৰত অৱস্থিত ৩২,০০০ ক্ষমতাৰ ফ্লাডলাইট ক্ৰিকেট ষ্টেডিয়াম, আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট দলৰ ষ্টেডিয়াম। ষ্টেডিয়ামখন ক্ৰীড়া বিভাগ উত্তৰ প্ৰদেশৰ নিয়ন্ত্ৰণত আছে।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গ্ৰীণ পাৰ্ক ষ্টেডিয়াম (Green Park Stadium) হৈছে ভাৰতৰ কানপুৰত অৱস্থিত ৩২,০০০ ক্ষমতাৰ ফ্লাডলাইট ক্ৰিকেট ষ্টেডিয়াম,১ আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট দলৰ ষ্টেডিয়াম। ষ্টেডিয়ামখন ক্ৰীড়া বিভাগ উত্তৰ প্ৰদেশৰ নিয়ন্ত্ৰণত আছে। ই হৈছে উত্তৰ প্ৰদেশৰ এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম (লক্ষ্ণৌত আন এখন আছে) যিয়ে নিয়মীয়াকৈ টেষ্ট আৰু এদিনীয়া দুয়োটা প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল আয়োজন কৰে। ষ্টেডিয়ামখনে ভাৰতীয় দলৰ দ্বাৰা খেলা ৫০০ তম টেষ্টৰ আয়োজন কৰিছিল। ই ১৯ আৰু ৩১ মে ২০১৬, ১০ আৰু ১৩ মে ২০১৭ তাৰিখে চাৰিখন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেচ আয়োজন কৰিছিল। ১৯ আগষ্ট ২০১৭ তাৰিখলৈকে ২২খন টেষ্ট,১৪খন এদিনীয়া আৰু ১খন টি-২০ আয়োজন কৰিছে। ষ্টেডিয়াম গঙ্গা নদীৰ ওচৰত অৱস্থিত।

ইতিহাস

গ্ৰীণ পাৰ্ক ষ্টেডিয়ামৰ নাম মেডাম গ্ৰীণৰ নামেৰে ৰখা হৈছে যিয়ে ১৯৪০ ৰ দশকত ইয়াত ঘোঁৰা চালনাৰ অনুশীলন কৰিছিল। ই কানপুৰ চহৰৰ উত্তৰ-পূব অংশৰ চিভিল লাইনচ এলেকাত গংগা নদীৰ পাৰত অৱস্থিত, যি ষ্টেডিয়ামৰ ঠিক পিছফালে বৈ গৈছে। এইটো ভাৰতৰ একমাত্ৰ ষ্টেডিয়াম য'ত এটা ছাত্ৰ গেলেৰী উপলব্ধ। গ্ৰীণ পাৰ্কত পৃথিৱীৰ আটাইতকৈ ডাঙৰ হাতেৰে পৰিচালিত স্ক'ৰবোৰ্ড আছে। ইয়াত ভিডিঅ' স্ক্ৰীণো আছে যিবোৰ আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত ব্যৱহাৰ কৰা হয়। ১৯৫৯ চনৰ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম টেষ্ট জয় গ্ৰীণ পাৰ্কখেলপথাৰত হৈছিল। ইয়াত টাৰ্ফ উইকেটত খেলা এইখন প্ৰথমখন খেল আছিল।২

আন্তঃগাথনী

উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থাৰ অধীনত উত্তৰ প্ৰদেশ আৱাদ আৰু বিকাশ পৰিষদ (ইউ.পি. হাউচিং এণ্ড ডেভেলপমেণ্ট ব'ৰ্ড, নিৰ্মাণ বিভাগ, আৰু ইউ.পি. হাউচিং এণ্ড ডেভেলপমেণ্ট ব'ৰ্ড) দ্বাৰা ডাইৰেক্টৰেট পেভিলিয়ন, নতুন ড্ৰেছিং ৰুম আৰু ভি.আই.পি. পাভিলিয়ন নিৰ্মাণ কৰা হৈছিল।

এদিনীয়া ৰেকৰ্ড

  • খেলপথাৰখনে ১৯৮৭ চনৰ ক্ৰিকেট বিশ্বকাপ গ্ৰুপ বি ৰ এখন মেচ, ৱেষ্ট ইণ্ডিজ বনাম শ্ৰীলংকা আয়োজন কৰিছিল.
  • ই নেহৰু কাপ ১৯৮৯ ৰ এখন মেচ আয়োজন কৰিছিল, ইংলেণ্ড বনাম ভাৰত।
  • ই ১৯৯৩ চনৰ হিৰো কাপ, শ্ৰীলংকা বনাম ভাৰতৰ উদ্বোধনী খেলখন আয়োজন কৰিছিল।
  • ই উইলছ বিশ্ব শৃংখলা ১৯৯৪-০৫ মেচ, ৱেষ্ট ইণ্ডিজ বনাম ভাৰত আয়োজন কৰিছিল।
  • ভাৰতে শ্ৰীলংকাক ইনিংছ আৰু ১৪৪ ৰাণত পৰাস্ত কৰি ইয়াত তেওঁলোকৰ ১০০ তম টেষ্ট বিজয় পঞ্জীয়ন কৰে
  • ই ছেপ্টেম্বৰ ২০১৬ ত ভাৰতৰ ৫০০ তম টেষ্ট মেচ আয়োজন কৰিছিল, য'ত ভাৰতে নিউজিলেণ্ডক ১৯৭ ৰাণত পৰাস্ত কৰিছিল।
  • সৌৰভ গাংগুলীয়ে ২০ চনত জিম্বাবোৱেৰ বিৰুদ্ধে ৫টা উইকেট লাভ কৰিছিল।
  • ই ২০০২ চনৰ জানুৱাৰীত ইংলেণ্ডকো আয়োজন কৰিছিল যিটো ভাৰতে সহজে জিকিছিল। লগতে অধিনায়ক হিচাপে অনিল কুম্বলেৰ একমাত্ৰ খেল হিচাপে পৰিগণিত হৈছিল।
  • ই ২০১৭ চনৰ ২৯ অক্টোবৰত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ইয়াৰ প্ৰথম দিন/নিশাৰ এদিনীয়া খেল আয়োজন কৰিছিল আৰু ভাৰতে এই খেলখন ছয় ৰাণত জিকিছিল।
  • এই ষ্টেডিয়ামত এদিনীয়াত সৰ্বাধিক দলৰ মুঠ হৈছে ২৯ অক্টোবৰ ২০১৭ তাৰিখে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ দ্বাৰা ৩৩৭/৭।
  • ৰোহিত শৰ্মা কেৱল বেটছমেন যিয়ে এই খেলপথাৰত এদিনীয়াত দুটা শতক অৰ্জন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Archived copy
  2. ↑ www.rediff.com/cricket/2008/apr/10biks.htm

সম্পৰ্কিত শ্ৰেণী

ষ্টেডিয়ামউত্তৰ প্ৰদেশক্ৰিকেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীণ পাৰ্ক ষ্টেডিয়াম” প্ৰবন্ধৰ সংশোধন ৫৭০১৮৯ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।