অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ৰিতু ৰাণী

ৰিতু ৰাণী (Ritu Rani, জন্ম ২৯ ডিচেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলটোত 'হাফবেক' হিচাপে খেলে। ৰাণীয়ে দলটোক ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ত নেতৃত্ব দিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰিতু ৰাণী (Ritu Rani, জন্ম ২৯ ডিচেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলটোত 'হাফবেক' হিচাপে খেলে।১ ৰাণীয়ে দলটোক ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ত নেতৃত্ব দিছিল। লগতে তেওঁৰ অধিনায়কত্বত দলটোৱে ২০১৪-১৫ মহিলা এফআইএইচ হকী ৱৰ্ল্ড লীগ ছেমিফাইনেলত পঞ্চম স্থান লাভ কৰাৰ পিছতেই ৩৬ বছৰৰ পিছত মহিলাৰ দলটোৱে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।২

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

ৰিতু ৰাণীৰ জন্ম হৈছিল ১৯৯১ চনৰ ২৯ ডিচেম্বৰত হাৰিয়ানাত। তেওঁ হাৰিয়ানাৰ শ্বাহবাদ মাৰ্কন্দাৰ শ্ৰী গুৰু নানক দেৱ ছিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।৩ তেওঁ ৯ বছৰ বয়সত হাতত হকী তুলি লৈছিল আৰু শ্বাহবাদ মাৰ্কন্দাৰ শ্বাহবাদ হকী একাডেমীত প্ৰশিক্ষণ আৰম্ভ কৰিছিল।৪ ৰাণীয়ে ২০১৪ চনলৈকে ভাৰতীয় ৰেলৱেত চাকৰি কৰিছিল, পিছত তেওঁ এই চাকৰি বাদ দি হাৰিয়ানা আৰক্ষীত যোগদান কৰে।৫

কেৰিয়াৰ

ৰাণীয়ে ২০০৬ চনত ভাৰতীয় মহিলাৰ জ্যেষ্ঠ দলটোত আত্মপ্ৰকাশ কৰি দোহাৰ এছিয়ান গেমছত প্ৰথমখন খেল খেলিছিল। তেওঁ মাদ্ৰিদত ২০০৬ চনৰ বিশ্বকাপ খেলা ভাৰতীয় মহিলা হকী দলটোৰ অংশ আছিল, আৰু সেই সময়ত ১৪ বছৰীয়া খেলুৱৈ হিচাপে তেওঁ উক্ত দলৰ কনিষ্ঠতম সদস্য আছিল। ২০০৯ চনত ৰাছিয়াৰ কাজানত অনুষ্ঠিত দ্বিতীয় চেম্পিয়নছ চেলেঞ্জ প্ৰতিযোগিতা খনত ভাৰতে জয়লাভ কৰে, ৰাণীয়ে তেওঁৰ নামত আঠটা গ'ল দি শীৰ্ষ স্ক'ৰ হিচাপে খেল শেষ কৰিছিল।৪ ২০১১ চনত তেওঁ দলটোৰ অধিনায়ক হিচাপে নিযুক্ত হৈছিল। তেওঁৰ নেতৃত্বত, দলটোৱে ২০১৩ চনত কুয়ালালামপুৰত অনুষ্ঠিত এছিয়া কাপ আৰু দক্ষিণ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত ২০১৪ চনৰ এছিয়ান গেমছত তৃতীয় স্থান লাভ কৰিছিল।৬

২০১৫ চনৰ গ্ৰীষ্মকালত যেতিয়া ভাৰতে ২০১৪-১৫ বৰ্ষৰ মহিলা এফআইএইচ হকী বিশ্ব লীগৰ ৰাউণ্ড ২ আয়োজন কৰিছিল, ৰাণীয়ে দলটোক পৰৱৰ্তী পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ শীৰ্ষস্থানত ৰাখিছিল। তেওঁ এণ্টৱাৰ্পত অনুষ্ঠিত ৱৰ্ল্ড লীগ ছেমিফাইনেলতো দলটোক নেতৃত্ব দিছিল আৰু দলটোৱে শ্ৰেণীবিভাজন খেলত উচ্চ স্থানত থকা জাপানক পৰাস্ত কৰি পঞ্চম স্থানত আছিল।৭ ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলে এনেদৰে তেওঁৰ অধিনায়কত্বত ১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পিছত প্ৰথমবাৰৰ বাবে ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়।৮৯

বঁটা আৰু সন্মান

২০১৬ চনত ভাৰত চৰকাৰে ৰিতু ৰাণীক অৰ্জুন বঁটা প্ৰদান কৰি সন্মানিত কৰে।১০১১

তথ্যসূত্ৰ

  1. ↑ (10 April 2014). Eves' hockey is on the right track: Ritu Rani. Deccan Herald
  2. ↑ Ritu Rani. 2014 Commonwealth Games, Glasgow
  3. ↑ (8 December 2012). Interview with Ritu Rani: Must improve penalty corner conversions. Sportskeeda
  4. ↑ (4 August 2009). Hockey girls make Indian town of Shahbad famous. International Hockey Federation
  5. ↑ (6 October 2014). Ritu Rani: Need more jobs for women hockey players. Sportskeeda
  6. ↑ (27 September 2013). India win women's Asia Cup hockey bronze. Rediff.com
  7. ↑ Press Trust of India. (2015-07-06). On the verge of Olympic qualification, Indian women's hockey team arrive to grand welcome. Firstpost
  8. ↑ (2015-08-29). Chak De Moment For India. India Today
  9. ↑ Bose, Adrija. (2015-08-29). India Women's Hockey Team Bags Historic 2016 Rio Olympic Berth After 36 Years. Huffington Post
  10. ↑ National Sports Awards – 2016. pib.nic.in
  11. ↑ Arjuna Award for Rani, Raghunath recommended. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ফিল্ড হকী খেলুৱৈভাৰতীয় অলিম্পিক প্ৰতিযোগীঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিতু ৰাণী” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৪৯ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।