অসমৰ খেল-ধেমালি
১৮ প্ৰবন্ধ
-
কাবাডী
কাবাডী ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় খেল। বৰ্তমানে কাবাডী আন্তৰ্জাতিকভাৱেও খেলা হয়। এই খেল সাধাৰণতে কিশোৰৰ পৰা প্ৰাপ্তবয়স্ক সকলো ল’ৰা-ছোৱালী, পুৰুষ মহিলা উভয়ে খেলিব পাৰে। কাবাডী বাংলাদেশৰ জাতীয় খেল। বাংলাদেশ স্বাধীন হোৱাৰ পিছত বাংলাদেশত কাবাডী ফেডাৰেশ্যন গঠিত হয়।
-
কুকুৰা যুঁজ
কুকুৰা যুঁজ (Cockfight) অসমৰ এক পৰম্পৰাগত খেল। অসমৰ বহু অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয়তা দেখা যায়। বিশেষকৈ মাঘ বিহুৰ সময়ত এই খেল অসমৰ বহু ঠাইত সামূহিকভাৱে অনুষ্ঠিত কৰা হৈছিল। এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে।
-
ম'হ যুঁজ
ম'হ যুঁজ (Buffalo fight) মাঘ বিহুৰ সময়ত অসমত আয়োজন কৰা একপ্ৰকাৰৰ জীৱ-জন্তুকেন্দ্ৰিক খেল। এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল।
-
কণী যুঁজ
কণী যুঁজ (Egg tapping) বিশ্বৰ বিভিন্ন সংস্কৃতিৰ এক জনপ্ৰিয় খেল। অসমৰ লগতে বিশ্বৰ আন আন প্ৰান্তত, যেনে: হলেণ্ড, ৰোমানিয়া, ৰুঠেনিয়া, গ্ৰীচ আদিত এই খেল প্ৰচলিত।
-
বুলবুলি চৰাইৰ যুঁজ
বুলবুলি চৰাইৰ যুঁজ অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ত অনুষ্ঠিত হোৱা এক ঐতিহ্যবাহী খেল। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে।
-
ভটা-গুটি
ভটা গুটি বা টাং গুটি অসম তথা ভাৰতীয় উপমহাদেশত প্ৰচলিত এক পৰম্পৰাগত খেল। এই খেলক ঠাইভেদে গিলি দাণ্ডা, ভাটা খেল, দাণ্ডা খেল, ডাং গুটি আদি নামেৰেও জনা যায়। ভটা খেলৰ প্ৰধান সঁজুলি এডাল মাৰি আৰু এটা গুটি। মাৰি ডাল আৰ গুটিটো বাঁহ বা টান গছৰ ডালেৰে সজা হয়। এহাতমান দীঘল মাৰিডাল গোটা আৰু পোন।
-
দাৰিয়া কোৰ্ট খেল
দাৰিয়া কোৰ্ট খেল বা দাৰিয়া বান্ধা খেল( Dariya Bandha khel) সাধাৰণতে অসমৰ গাঁও অঞ্চলত খেলা দেখা যায়। নামনি অসম আৰু উজনি অসমত খেলৰ বিধৰ প্ৰচলন তুলনামূলকভাৱে কম দেখা যায়। ঠাই বিশেষে খেলৰ নাম আৰু নিয়মবোৰো বেলেগ বেলেগ দেখা যায়।
-
শিশুৰ খেল-ধেমালি
সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। শিশুসকলৰ মাজতো বহুতো খেল-ধেমালি দেখা যায়, শিশুৰ এই খেল-ধেমালিবোৰ স্বভাৱতেই গীত সমৃদ্ধ হয়। ঠাই বিশেষে শিশুৰ খেল-ধেমালিৰ লগত জড়িত গীতবোৰ সুকীয়া সুকীয়া।
-
অসমৰ পৰম্পৰাগত খেল-ধেমালি
সমগ্ৰ পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত থকা আমোদ-প্ৰমোদেই হ’ল নানা ধৰণৰ খেল-ধেমালি। সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। অসমৰো সকলো জাতি-জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো খেল-ধেমালি আছে।
-
কচুগুটি খেল
কচুগুটি খেল সাধাৰণতে দুটি সৰু ল’ৰা-ছোৱালীৰ মাজত খেলা হয়৷ কেতিয়াবা দুটাতকৈ বেছি ল’ৰা-ছোৱালীৰ মাজতো কচুগুটি খেল খেলা হয়৷ খেলুৱৈ বেছি হ’লে, খেলুৱৈসকল দুটা দলত ভাগ হৈ ল’ব লাগে৷ নামটো কচুগুটি যদিও প্ৰকৃততে কচুগুটি হাতত লোৱা নহয়৷ যিকোনো সৰু গুটি যেনে- তেঁতেলী গুটি, বগৰী গুটি বা সৰু শিলগুটি আদিৰেহে এই…
-
কোমোৰা খেল
কোমোৰা খেল অসমৰ অতি পুৰণি খেল। কোনো খেলৰ সামগ্ৰী নোহোৱাকৈ এই খেল খেলা হয়। সচৰাচৰ এই খেল গৰু চৰাবলৈ যোৱা গৰখীয়াৰ ল’ৰাৰ জাকে সময় পাৰ কৰিবলৈ খেলিছিল। এই খেলত যথেষ্ট ধৈৰ্য আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হয়।
-
ঘিলাখেল
ঘিলা খেল অসমৰ অতি প্ৰাচীন আৰু জনপ্ৰিয় খেল৷ মধ্যযুগৰ অসমৰ বহু পুথিত আৰু লোকগীতি সাহিত্যত ঘিলা খেলৰ বিৱৰণ পোৱা যায়৷ ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীতত ঘিলা খেলিবলৈ যোৱা আৰু ঘিলা খেলৰ অন্তত নৈত গা ধোৱাৰ উল্লেখ পোৱা যায়৷ শ্ৰীকৃষ্ণৰ শিশুকালৰ ক্ৰীড়া বৰ্ণনাতো ঘিলা খেলৰ বিষয়ে উল্লেখ কৰা আছে৷ অসমৰ জনজাতীয়…
-
চৌ খেল
চৌ খেল অসমৰ এবিধ লোকখেল। কৈশোৰৰ পৰা প্ৰাক্ বৃদ্ধ বয়সলৈ অংশ ল'ব পৰা চৌ খেলত দুটা দল থাকে। প্ৰতিটো দলত কমেও পাঁচজন সদস্য থাকে।'চৌ খেল' খেল পথাৰত কৰ্ট সাজি লৈ খেলা এবিধ শাৰীৰিত ব্যায়াম যুক্ত খেল।
-
টাংগুটি খেল
টাংগুটি এসময়ৰ এবিধ বৰ জনপ্ৰিয় খেল৷ এই খেলত দুয়োপক্ষৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয়৷ দুইজনৰ পৰা ত্ৰিশজন খেলুৱৈলৈকে এই খেল খেলিব পাৰে৷ এই খেলত খেলৰ মাধ্যমেৰে দলীয় অনুশাসন, কৰ্মতৎপৰতা আদিৰ অনুশীলনো হয়৷ এই খেল খেলিবলৈ আহল-বহল ঠাইৰ লগতে যান-বাহন বা মানুহৰ আহ-যাহ নথকা বা কম আহ-যাহ থকা ঠাইৰ…
-
ঢোপ খেল
ঢোপ খেল ( Dhop Khel) অসমৰ এবিধ পৰম্পৰাগত খেল৷ এই খেল খেলিবলৈ খেলুৱৈসকল দুটি দলত বিভক্ত হ’ব লাগে৷ দুইটি দলত এঘাৰ জনকৈ মুঠ বাইছজন খেলুৱৈ থাকে৷ চাৰিখন পতাকাৰ দ্বাৰা সীমা নিৰ্ধাৰণ কৰা এটা ক্ষেত্ৰত খেল খেলখন খেলা হয়৷ খেল ক্ষেত্ৰখনৰ নিৰ্দিষ্ট জোখ আছে৷ খেলুৱৈসকলে পাল পাতি প্ৰতিপক্ষৰ ফালে বল দলিয়ায়৷…
-
পেঙলাখুটি খেল
অসমৰ কিছুমান ঠাইত ভোগালী বিহুৰ সময়ত খেল-ধেমালিৰ সময়ত পেঙলাখুটি খেল অনুস্থিত হয়। দুডাল নিফোঁপ বাঁহত ফুটা কৰি সৰু বাঁহৰ টুকুৰা ভৰাই ভৰিৰ বুঢ়া আৰু তৰ্জনী আঙুলিৰে চেপি ধৰা হয়। হাঁফলু, ঢাপ বা ওখ স্থানৰ পৰা পেঙত উঠি স্বাভাৱিক খোজকঢ়াৰ দৰে মানুহজন যাব পাৰে।
-
শেন যুঁজ
শেন যুঁজ বা শেন কনুৱাৰ যুঁজ অসমৰ পাৰম্পৰিক খেল সমূহৰ ভিতৰত অন্যতম। ইয়াত শেন চৰাই আৰু কনুৱা চৰাইৰ যুঁজক আমোদজনক ৰূপত উপস্থাপন কৰা হয়। এই খেল চুতীয়া আৰু আহোম যুগত ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। শেন যুঁজ ঠাই ভেদে শেন খেল, শেনৰ খেল, শেন মেলা ইত্যাদি অনেক নামেৰে জনাজাত।
-
হৈ গুদু খেল
হৈ গুদু বা অঞ্চল বিশেষে ৰাণীৰ দু খেল অসমৰ এক অসমৰ পৰম্পৰাগত আৰু এসময়ৰ অতি জনপ্ৰিয় খেল৷ হৈ গুদু আৰু ৰাণীৰ দু খেল প্ৰায় একেধৰণেই খেলা হয়; মাত্ৰ সামান্য এটা পাৰ্থক্য আছে৷ সাধাৰণ হৈ গুদু খেলত আটাইবোৰ খেলুৱৈ বৃত্তৰ মাজত সোমাই থাকে আৰু প্ৰতিপক্ষই বৃত্তৰ চাৰিওকাষে ঘূৰি ঘূৰি চুবলৈ চেষ্টা কৰে৷ আনহাতে…