ভাৰতত ক্ৰীড়া
৫ প্ৰবন্ধ
-
ভটা-গুটি
ভটা গুটি বা টাং গুটি অসম তথা ভাৰতীয় উপমহাদেশত প্ৰচলিত এক পৰম্পৰাগত খেল। এই খেলক ঠাইভেদে গিলি দাণ্ডা, ভাটা খেল, দাণ্ডা খেল, ডাং গুটি আদি নামেৰেও জনা যায়। ভটা খেলৰ প্ৰধান সঁজুলি এডাল মাৰি আৰু এটা গুটি। মাৰি ডাল আৰ গুটিটো বাঁহ বা টান গছৰ ডালেৰে সজা হয়। এহাতমান দীঘল মাৰিডাল গোটা আৰু পোন।
-
ইষ্ট বেংগল ফুটবল ক্লাবৰ ছিজনৰ তালিকা
ইষ্ট বেংগল ফুটবল ক্লাব হৈছে কলকাতাত অৱস্থিত ভাৰতৰ পেচাদাৰী ফুটবল সংস্থান। ১৯২০ চনত কলকাতাত এই ক্লাবটো গঠন কৰা হৈছিল। এই ক্লাবটোৱে তিনিবাৰকৈ লীগ চেম্পিয়নশ্বীপ আৰু সাতবাৰকৈ ফেডাৰেশ্বন কাপৰ বিজয়ী দলৰ সন্মান লাভ কৰিছে।
-
কলকাতা ডাৰ্বি
কলকাতা ডাৰ্বি (Kolkata derby) বুলিলে ভাৰতৰ দুটা আগশাৰীৰ তথা চিৰবৈৰী ফুটবল ক্লাব মোহন বাগান আৰু ইষ্ট বেংগলৰ মাজত হোৱা ফুটবল খেল সমূহক বুজোৱা হয়। বঙালী ভাষাত এই খেল সমূহক বড় মেটচ বোলা হয়। বৰ্তমান এটা বছৰত অতি কমেও এই দুটা ক্লাব ৪ বাৰ ফুটবল খেলপথাৰত মুখামুখি হয়।
-
আকি কিটি
আকি কিটি (Aki Kiti) চুমি নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। অৰ্ধ-স্পৰ্শ যুঁজাৰু হিচাপে আকি কিটিৰ বিশেষত্ব হৈছে কেৱল ভৰিৰ তলুৱা ব্যৱহাৰ কৰি কিক বা গোৰ মাৰা আৰু অৱৰোধ কৰা। পৰম্পৰাগত খেল হিচাপে ইয়াৰ উৎপত্তিৰ সঠিককৈ জনা নাযায়।
-
কেনে (মল্লযুঁজ)
কেনে বা নাগা মল্লযুঁজ নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। ই কোৰিয়াৰ পৰম্পৰাগত ৰাষ্ট্ৰীয় ক্ৰীড়া চিৰিয়ামৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। খেলৰ উদ্দেশ্য হ'ল প্ৰতিপক্ষৰ শৰীৰৰ আঁঠুৰ ওপৰৰ যিকোনো অংশ ভূমিত স্পৰ্শ কৰোৱা।