ষ্টেডিয়াম
১২ প্ৰবন্ধ
-
ইডেন গাৰ্ডেন ষ্টেডিয়াম
ইডেন গাৰ্ডেন ষ্টেডিয়াম(Eden Gardens Stadium) হৈছে ভাৰতৰ কলকাতাৰ এখন ক্ৰিকেট খেলপথাৰ। ১৮৬৪ চনত স্থাপিত, ই হৈছে নৱনিৰ্মিত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ পিছত ভাৰতৰ আটাইতকৈ পুৰণি আৰু দ্বিতীয় সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়াম আৰু মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডৰ পিছত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ…
-
নেহৰু ষ্টেডিয়াম, গুৱাহাটী
নেহৰু ষ্টেডিয়াম (Nehru Stadium) অসমৰ গুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। ইয়াত মূলতঃ ফুটবল আৰু ক্ৰিকেট খেলা হয়। ষ্টেডিয়ামখন ১৯৬২ চনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই নিৰ্মাণ কৰিছিল। মুঠ ২৫,০০০ দৰ্শকে ষ্টেডিয়ামখনত খেল উপভোগ কৰিব পাৰে।
-
ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম
ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (Indira Gandhi Athletic Stadium, সৰুসজাই ষ্টেডিয়াম নামেৰেও পৰিচিত) অসমৰ গুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। বৰ্তমান এই ষ্টেডিয়ামখন মূলতঃ এথলেটিক্ছ আৰু ফুটবল খেলৰ বাবে ব্যৱহৃত হৈ আছে। ষ্টেডিয়ামখনত মুঠ ৩৫,০০০ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰে।
-
অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম
অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম (Assam Cricket Association Stadium), এচিএ ষ্টেডিয়াম বা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়।
-
নুৰুল আমিন ষ্টেডিয়াম
নুৰুল আমিন ষ্টেডিয়াম (Nurul Amin Stadium) বা Nowgong Sports Club Ground হৈছে অসমৰ নগাঁও জিলাত অৱস্থিত এখনি বহুমুখী ষ্টেডিয়াম৷ এইখন ষ্টেডিয়াম প্ৰধানকৈ ফুটবল, ক্ৰিকেট আৰু আন কিছুমান খেলৰ বাবে ব্যৱহাৰ কৰা হয়৷ প্ৰতি বছৰৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত এইখন ষ্টেডিয়ামত প্ৰখ্যাত স্বাধীনতা দিৱস কাপ ফুটবল…
-
সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম
সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম (Satindra Mohan Dev Stadium) হৈছে এখন বহুমুখী ষ্টেডিয়াম৷ ষ্টেডিয়ামখন অসমৰ শিলচৰত অৱস্থিত৷ পূৰ্বতে ইয়াক জিলা ক্ৰীড়া সন্থা ষ্টেডিয়াম বুলি জনা গৈছিল৷ আভ্যন্তৰীন ব্যৱস্থা আৰু আন্তঃগাঁঠনিৰ ব্যাপক উন্নতি সাধন কৰাৰ পাছত ইয়াক সন্তোষ মোহন দেৱৰ পিতৃৰ নামেৰে নামকৰণ কৰা হয়৷…
-
গ্ৰীণ পাৰ্ক ষ্টেডিয়াম
গ্ৰীণ পাৰ্ক ষ্টেডিয়াম (Green Park Stadium) হৈছে ভাৰতৰ কানপুৰত অৱস্থিত ৩২,০০০ ক্ষমতাৰ ফ্লাডলাইট ক্ৰিকেট ষ্টেডিয়াম, আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট দলৰ ষ্টেডিয়াম। ষ্টেডিয়ামখন ক্ৰীড়া বিভাগ উত্তৰ প্ৰদেশৰ নিয়ন্ত্ৰণত আছে।
-
জৱাহৰলাল নেহৰু ষ্টেডিয়াম (নতুন দিল্লী)
জৱাহৰলাল নেহৰু ষ্টেডিয়াম (Jawaharlal Nehru Stadium) হৈছে ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন ক্ৰীড়া ষ্টেডিয়াম। ইয়াক ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ কৰা হৈছে।
-
শ্ৰী কান্তিৰাভা ষ্টেডিয়াম
শ্ৰী কান্তিৰাভা ষ্টেডিয়াম ৰাজ্যৰ প্ৰধান বহুমুখী ষ্টেডিয়াম। ইয়াক মূলতঃ ফুটবল খেলাৰ বাবে ব্যৱহাৰ কৰা হয়। বেংগালুৰুৰ সম্পাংগী ৰামা নগৰাৰ সমীপত অৱস্থিত এই ষ্টেডিয়াম।
-
জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম (কোচি)
জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, (Jawaharlal Nehru International Stadium (Kochi)) যাক স্থানীয়ভাৱে কালুৰ ষ্টেডিয়াম বুলি জনা যায়, ই হৈছে কেৰালাৰ কোচিৰ এক বহুমুখী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম। ষ্টেডিয়াম খনৰ ক্ষমতা হৈছে ৬০,৫০০।
-
নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম
নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম (Netaji Subhas Chandra Bose Stadium হৈছে অসমৰ হাইলাকান্দিত থকা এখন বহুমুখী ষ্টেডিয়াম৷ ইয়াৰ বিশেষকৈ ফুটবল আৰু ক্ৰিকেট খেল অনুষ্ঠিত হয়৷ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ জনপ্ৰিয় নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে এইখনি ষ্টেডিয়াম নামকৰণ কৰা হৈছে৷ প্ৰধানকৈ ফুটবল খেলৰ…
-
যোৰহাট ষ্টেডিয়াম
যোৰহাট ষ্টেডিয়াম (Jorhat Stadium) হৈছে অসমৰ আটাইতকৈ পুৰণি বহুমুখী ষ্টেডিয়াম। ই অসমৰ যোৰহাট চহৰত অৱস্থিত। ষ্টেডিয়াম খনত অত্যাধুনিক পকী গেলেৰীৰ লগতে মৃণ্ময় গেলেৰীও আছে। এই ষ্টেডিয়ামখন ১৯৫০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পুৰণি মৃণ্ময় গেলেৰী সমূহৰ ডিজাইন স্বৰ্গীয় অবনী মোহন চৌধুৰীয়ে কৰিছিল।