অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

আকি কিটি

আকি কিটি (Aki Kiti) চুমি নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। অৰ্ধ-স্পৰ্শ যুঁজাৰু হিচাপে আকি কিটিৰ বিশেষত্ব হৈছে কেৱল ভৰিৰ তলুৱা ব্যৱহাৰ কৰি কিক বা গোৰ মাৰা আৰু অৱৰোধ কৰা। পৰম্পৰাগত খেল হিচাপে ইয়াৰ উৎপত্তিৰ সঠিককৈ জনা নাযায়।

হালনাগাদ: ২১ মাৰ্চ ২০২৪ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আকি কিটি (Aki Kiti) চুমি নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। অৰ্ধ-স্পৰ্শ যুঁজাৰু হিচাপে আকি কিটিৰ বিশেষত্ব হৈছে কেৱল ভৰিৰ তলুৱা ব্যৱহাৰ কৰি কিক বা গোৰ মাৰা আৰু অৱৰোধ কৰা। পৰম্পৰাগত খেল হিচাপে ইয়াৰ উৎপত্তিৰ সঠিককৈ জনা নাযায়। ভাৰতৰ নাগালেণ্ডৰ নাগা জনজাতি সমূহৰ অন্যতম চুমি নাগা সকলে এই ক্ৰীড়াৰ অনুশীলন কৰে। ইয়াক ভূমিত এটা বৃত্তাকাৰ ৰিঙৰ ভিতৰত সাধাৰণতে দুজন যুঁজাৰুৰ এই খেল খেলা হয়। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে হয় প্ৰতিপক্ষক আঁঠুৰ ওপৰৰ অংশ বা হাতেৰে ভূমি স্পৰ্শ কৰা বা মূল ৰিঙৰ বাহিৰত ওলাই যোৱা।

ইতিহাস

আকি কিটিৰ উৎপত্তি পাহাৰীয়া উত্তৰ-পূব ভাৰতৰ নাগালেণ্ডৰ চুমি নাগা জনজাতিৰ (বৰ্তমান খ্ৰীষ্টান ধৰ্মান্তৰিত) মাজত এক পৰম্পৰাগত খেল হিচাপে হৈছিল। হিংসাৰ আশ্ৰয় নোলোৱাকৈ জনজাতি আৰু জনজাতিসকলৰ মাজত ভুল শুদ্ধ বিচাৰ কৰা, সন্মান পুনৰুদ্ধাৰ কৰা বা "অংক নিষ্পত্তি" কৰাৰ উদ্দেশ্য পূৰণ কৰিবলৈ ক্ৰীড়া প্ৰতিযোগিতা হিচাপে আকি কিটি অনুষ্ঠিত কৰা হৈছিল। এই ক্ৰীড়া জনজাতীয় অনুষ্ঠান বা উৎসৱৰ সময়ত অনুশীলন কৰা হৈছিল।১ ১৯২২ চনত প্ৰকাশিত নৃতত্ত্ববিদজন হেনৰী হাটনৰ দ্য চেমা নাগাছ নামৰ কিতাপখনত আকি কিটিৰ বৰ্ণনা আছে।২ আকি কিটিৰ আক্ষৰিক অৰ্থ হৈছে "কিক ফাইটিং" বা "গোৰেৰে যুঁজ দিয়া।" ৩

নীতি-নিয়ম

আকি কিটিত কেৱল ভৰিৰ তলুৱা ব্যৱহাৰ কৰিব পাৰি। প্ৰতিপক্ষক আঘাত কৰিবলৈ আৰু অৱৰোধ কৰিবলৈ কেৱল ভৰি ব্যৱহাৰ কৰা অনুমতি আছে। ইয়াক ভূমিত চিহ্নিত ৰিঙৰ ভিতৰত খেলা হয়। অৰ্ধ-স্পৰ্শ খেলৰ উদ্দেশ্য হ'ল হয় প্ৰতিপক্ষক তেওঁৰ আঁঠুৰ ওপৰৰ অংশ ভূমিত স্পৰ্শ কৰা বা ৰিঙৰ পৰা বাহিৰ কৰি দিয়া। সন্মুখৰ কিক বা গোৰ দিয়া সন্মুখৰ কিকবোৰ প্ৰতিপক্ষৰ কঁকাল, কান্ধ বা বুকুলৈ নিক্ষেপিত কৰা হয়। এই ক্ৰীড়াৰ বাবে কোনো নিৰ্দিষ্ট প্ৰশিক্ষণ পাঠ্যক্ৰম নাই। যুঁজাৰুসকলৰ বাবে মনোবল, শক্তি আৰু নমনীয়তা প্ৰাপ্ত কৰাত সহায় কৰিব পৰা যিকোনো ব্যায়াম প্ৰশিক্ষণ ব্যৱস্থাৰ অংশ।১ সাধাৰণতে এয়া দুই ব্যক্তিৰ খেল কিন্তু এজন খেলৰ বিশেষজ্ঞই বিচাৰিলে দুজন কনিষ্ঠক প্ৰত্যাহ্বান জনাব পাৰে। প্ৰতিপক্ষ খেলুৱৈ ভূমিত বাগৰি পৰাৰ পিছত গোৰ মাৰা নিষেধ। খেলখন আঙুলিৰে মাটি স্পৰ্শ কৰিলেও পৰাজিত হোৱা নিয়ম।৩

বৰ্তমান স্থিতি

২০১৪ চনত প্ৰচাৰ-প্ৰসাৰ আৰু ইয়াক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যৰে আফুয়েমি আকিকিটি এছ'চিয়েচন গঠন কৰা হৈছিল। তেওঁলোকে খেলখনক এথলেটিকছ হিচাপে শ্ৰেণীবদ্ধ কৰিছিল। তেতিয়াৰে পৰা নৱেম্বৰ মাহত অনুষ্ঠিত পুঘোবোটোত বাৰ্ষিক থুউনি উৎসৱত থুউনি আকিকিটি চেম্পিয়নশ্বিপ প্ৰতিযোগিতা প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা হৈছে। ইয়াক তিনি ৰাউণ্ডৰ সৈতে তিনিৰ পৰা চাৰি মিনিটৰ বাবে খেলা হয়। হাত ব্যৱহাৰ কৰাটো এটা ফাউল হিচাপে গণ্য কৰা হয়। ২০১৮ চনত সংগঠনটোৱে কিচামাত হৰ্ণবিল উৎসৱ আকি কিটি প্ৰদৰ্শন কৰিছিল।৪২

জনপ্ৰিয় মাধ্যমত

২০০৮ চনত বিবিচি থ্ৰী ৰিয়েলিটি টিভি শ্ব' লাষ্ট মেন ষ্টেণ্ডিংৰ চিৰিজ ১-ত চতুৰ্থ খণ্ডত আকি কিটিক প্ৰদৰ্শন কৰা হৈছিল। চুমি কিক ফাইটিং শীৰ্ষক খণ্ডটোত যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছয়জন খেলুৱৈয়ে জনজাতীয় চেম্পিয়নৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি অন্তিমজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল।৫৬

তথ্যসূত্ৰ

  1. ↑ Crudelli, Chris. (October 2008). The Way of the Warrior. Dorling Kindersley Limited. পৃ. 23. ISBN 978-1-4053-3750-2
  2. ↑ NT Online. (5 December 2018). Akikiti: The last man standing. Nagaland Today
  3. ↑ Kohima Bureau. (8 December 2017). Way of the Hornbill: Tribes represent the Naga lore in a single event. Eastern Mirror Nagaland
  4. ↑ Correspondent Kohima. (6 December 2018). Sumimartial art demonstration. Nagaland Post
  5. ↑ (24 May 2008). Sumi Kick Fighting. BBC
  6. ↑ Newsome, Brad. (26 January 2012). Last Man Standing: Nagaland India, Saturday, January 27. The Sydney Morning Herald

সম্পৰ্কিত শ্ৰেণী

ভাৰতত ক্ৰীড়ানাগালেণ্ড

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকি কিটি” প্ৰবন্ধৰ সংশোধন ৪১৩৩৫৩ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।