অলিম্পিক
৭ প্ৰবন্ধ
-
অলিম্পিক
আধুনিক অলিম্পিক (les Jeux olympiques; Olympics Games) হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠানসমূহৰ এটা। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দুটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে।
-
গ্ৰীষ্মকালীন অলিম্পিক ২০২০ত ভাৰত
ভাৰতে জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰে। ২০২০ চনৰ ২৪ জুলাইৰ পৰা ৯ আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া ক্ৰীড়া সমাৰোহখন ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ পিছুৱাই দিয়া হৈছিল।
-
অলিম্পিকত ভাৰত
ভাৰতে পোনপ্ৰথমবাৰৰ বাবে ১৯০০ চনত অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল। অকলশৰীয়াকৈ এথলীট নৰ্মান প্ৰিচাৰ্ডে এথলেটিকছত জয় কৰা দুটা ৰূপৰ পদকৰ সৈতে ভাৰত অলিম্পিকত পদক জয় কৰা প্ৰথম এছিয়ান ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল।
-
আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা
আন্তৰ্জাতিক অলিম্পিক কমিটি (International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়।
-
অলিম্পিকত চীন
এছিয়া মহাদেশৰ সৰ্ববৃৰত্ দেশ চীন। জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল যদিও অলিম্পিক খেলত চীনৰ অংশগ্ৰহণ তুলনামূলকভাৱে শেহতীয়াকৈ হৈছে। ১৯৮৪ চনত আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক গেমছলৈ চীনৰ জনসাধাৰণে প্ৰথম সম্পূৰ্ণ এথলেটিক প্ৰতিনিধি দল প্ৰেৰণ কৰে।
-
অলিম্পিকত জাপান
১৯১২ চনত জাপানে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল, আৰু তেতিয়াৰ পৰাই প্ৰায় প্ৰতিখন খেলতে অংশগ্ৰহণ কৰি আহিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৮ চনৰ গেমছলৈ জাপানক আমন্ত্ৰণ জনোৱা হোৱা নাছিল, আৰু ১৯৮০ চনত মস্কোত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক জাপানে বৰ্জন কৰিছিল।
-
গ্ৰীষ্মকালীন অলিম্পিক ২০২৪ত ভাৰত
২০২৪ চনৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে অংশগ্ৰহণ কৰে। ১৯২০ চনৰ পৰা গ্ৰীষ্মকালীন অলিম্পিকৰ প্ৰতিটো সংস্কৰণতে ভাৰতীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰি আহিছে আৰু এয়া গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ ২৬ সংখ্যক অংশগ্ৰহণ।