ভাৰতৰ ফিল্ড হকী খেলুৱৈ
১১ প্ৰবন্ধ
-
ধ্যান চান্দ
মেজৰ ধ্যান চান্দ (Dhyan Chand, ২৯ আগষ্ট ১৯০৫ – ৩ ডিচেম্বৰ ১৯৭৯) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আছিল। তেওঁক ভাৰতীয় ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়।
-
মনপ্ৰীত সিং (হকী খেলুৱৈ)
মনপ্ৰীত সিং সান্ধু (Manpreet Singh Sandhu; জন্ম ২৬ জুন ১৯৯২) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ২০১৭ চনৰ মে' মাহৰ পৰা ভাৰতৰ পুৰুষ ৰাষ্ট্ৰীয় ফিল্ড হকী দলৰ অধিনায়কৰ দায়িত্ব নিৰ্বাহ কৰিছে। তেওঁ নেতৃত্বত টকিঅ' ২০২০ অলিম্পিকত ভাৰতীয় ফিল্ড হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ হাফবেক হিচাপে খেলে।
-
চৰদাৰা সিং
চৰদাৰা সিং বা চৰদাৰ সিং (জন্ম: ১৫ জুলাই ১৯৮৬) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ফিল্ড হকীৰ চেণ্টাৰ হাফ অৱস্থানত খেলে।
-
পি. আৰ. শ্ৰীজেশ
পৰট্টু ৰবীন্দ্ৰন শ্ৰীজেশ (Parattu Raveendran Sreejesh) এজন ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ, ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ গ'লৰক্ষক তথা প্ৰাক্তন অধিনায়ক। হকী ইণ্ডিয়া লীগত তেওঁ উত্তৰ প্ৰদেশ ৱিজাৰ্ডছৰ হৈ খেলে।
-
বলবীৰ সিং
বলবীৰ সিং দচাংঝ (৩১ ডিচেম্বৰ ১৯২৩ – ২৫ মে' ২০২০) এগৰাকী ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ। ১৯৪৮ চনৰ লণ্ডন অলিম্পিক, ১৯৫২ চনৰ হেলছিংকী অলিম্পিক আৰু ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকত ভাৰতে সোণৰ পদক লাভ কৰাত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
-
পোখৰাম্বাম সুশীলা চানু
পোখৰাম্বাম সুশীলা চানু (Pukhrambam Sushila Chanu) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ হকী খেলুৱৈ। তেওঁ বৰ্তমান ভাৰতৰ জুনিয়ৰ মহিলা হকী দলৰ অধিনায়িকা। তেওঁ মণিপুৰৰ ইম্ফলৰ নিবাসী।
-
ৰাণী ৰামপাল
ৰাণী ৰামপাল (Rani Rampal; জন্ম ৪ ডিচেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ। মাত্ৰ ১৫ বছৰ বয়সত তেওঁ ২০১০ চনৰ মহিলা বিশ্বকাপ হকীত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় দলৰ কনিষ্ঠতম খেলুৱৈ আছিল।
-
অনুৰাধা থোকচোম
অনুৰাধা থোকচোম (Anuradha Thokchom, জন্ম: ২ ফেব্ৰুৱাৰী ১৯৮৯, ভাৰতৰ মণিপুৰৰ টৌবুলত) ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলৰ সদস্য। মণিপুৰৰ টৌবুলত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা অনুৰাধাই কম বয়সতে হকী খেলিবলৈ আৰম্ভ কৰে আৰু ২০০৬ চনৰ মহিলা হকী চেম্পিয়নছ ট্ৰফীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে।
-
দিলপ্ৰীত সিং
দিলপ্ৰীত সিং (Dilpreet Singh) (জন্ম ১২ নৱেম্বৰ ১৯৯৯) হৈছে এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ। তেওঁ ভাৰতীয় জাতীয় ফিল্ড হকীৰ পুৰুষ দলৰ ফৰৱাৰ্ড হিচাপে খেলে।
-
লালৰেমচিয়ামী
লালৰেমচিয়ামী মাৰ (Lalremsiami Hmar; জন্ম: ৩০ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ যি ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে। ক্লাব পৰ্যায়ত তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ হৈ খেলে। ২০১৮ চনৰ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰা ১৮ জনীয়া দলৰ অংশ আছিল লালৰেমছিয়ামী।
-
ৰিতু ৰাণী
ৰিতু ৰাণী (Ritu Rani, জন্ম ২৯ ডিচেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলটোত 'হাফবেক' হিচাপে খেলে। ৰাণীয়ে দলটোক ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ত নেতৃত্ব দিছিল।