ভাৰতত ক্ৰিকেট
৬ প্ৰবন্ধ
-
ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দল
ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলটোক "মেন ইন ব্লু" বুলিও জনা যায়। দলটো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) পৰিচালনা কৰে। ই আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰো (ICC) সদস্য। এই দলটোৱে ভাৰতৰহৈ আন্তৰ্জাতিক স্তৰত এদিনীয়া (ODI), টি-টুৱেণ্টি(T-20) আৰু টেষ্ট ক্ৰিকেট খেলে।
-
অসম ক্ৰিকেট দল
অসম ক্ৰিকেট দল অসম ৰাজ্যৰ ক্ৰিকেট দল। অসম ক্ৰিকেট সন্থাই দলটো পৰিচালনা কৰে। অসম ক্ৰিকেট দলটোৱে ২০০৯-১০ ৰ ৰঞ্জি ট্ৰফীত প্লেট গ্ৰুপৰ শীৰ্ষ স্থান দখল কৰি ছুপাৰ লীগলৈ অগ্ৰসৰ হৈছিল। তাৰ পিছৰ ছিজন সমূ্হত অসমৰ প্ৰদৰ্শন নিৰাশাজনক আছিল আৰু পুনৰ প্লেট গ্ৰুপলৈ অৱনমিত হৈছিল।
-
নেহৰু ষ্টেডিয়াম, গুৱাহাটী
নেহৰু ষ্টেডিয়াম (Nehru Stadium) অসমৰ গুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। ইয়াত মূলতঃ ফুটবল আৰু ক্ৰিকেট খেলা হয়। ষ্টেডিয়ামখন ১৯৬২ চনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই নিৰ্মাণ কৰিছিল। মুঠ ২৫,০০০ দৰ্শকে ষ্টেডিয়ামখনত খেল উপভোগ কৰিব পাৰে।
-
অসম ক্ৰিকেট সন্থা
অসম ক্ৰিকেট সন্থা হ'ল অসম ক্ৰিকেট দলৰ ক্ৰিকেট কাৰ্য্যকলাপৰ পৰিচালনা কমিটী। ই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই)ৰ শাখাভুক্ত। সন্থাৰ কাৰ্য্যালয় গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অৱস্থিত।
-
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (International Cricket Council; চমুকৈ আই.চি.চি) হৈছে ক্ৰিকেটৰ বিশ্বব্যাপী শাসক সংস্থা। ১৯০৯ চনত অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিয়ে ইয়াক ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স হিচাপে প্ৰতিষ্ঠা কৰিছিল।
-
অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম
অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম (Assam Cricket Association Stadium), এচিএ ষ্টেডিয়াম বা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়।