ফিফা বিশ্বকাপ
৭ প্ৰবন্ধ
-
ফিফা বিশ্বকাপ
ফিফা বিশ্বকাপ বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা (Fédération Internationale de Football Association)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা।
-
ফিফা
Fédération Internationale de Football Association বা আন্তৰ্জাতিক ফুটবল সংস্থা (ফিফা,; ইংৰাজী: International Federation of Association Football) ফুটবল, ফুটছাল আৰু বীচ্চ ছকাৰৰ আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰী সংস্থা। ২০৯টা ৰাষ্ট্ৰীয় সন্থা ইয়াৰ সদস্য। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জুৰিখত অৱস্থিত।
-
২০২২ ফিফা বিশ্বকাপ
ফিফা বিশ্বকাপ, যাক প্ৰায়ে সৰলভাৱে বিশ্বকাপ বুলি কোৱা হয়, ফেডাৰেচন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েচন (ফিফা) নামৰ সংস্থাৰ দ্বাৰা আয়োজিত আন্ত:ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ২০২২ ফিফা বিশ্বকাপ ২২তম বিশ্বকাপ ২০২২ চনৰ ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ যি অনুষ্ঠিত হয় কাটাৰত।
-
ফিফা বিশ্বকাপ শুভংকৰ
১৯৬৬ চনৰ পৰা আয়োজিত হোৱা প্ৰত্যেকখন বিশ্বকাপতে শুভংকৰ প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। ১৯৬৬ চনৰ বিশ্বকাপৰ ৱৰ্ল্ড কাপ ৱিল্লী (World Cup Willie) নামৰ শুভংকৰটো আছিল ফুটবল বিশ্বকাপৰ প্ৰথম শুভংকৰ, লগতে যিকোনো ডাঙৰ ক্ৰীড়া সমাৰোহৰো প্ৰথম শুভংকৰ।
-
ফিফা বিশ্বকাপৰ আয়োজক দেশসমূহ
আগৰ বিশ্বকাপ বিলাক স্থান নিৰ্বাচনৰ কামতো ফিফা কংগ্ৰেছৰ সভা বিলাকতে সম্পন্ন কৰা হৈছিল। কিন্তু স্থান বিলাকক লৈ বহুত বিতৰ্ক হোৱা দেখা গৈছিল, কাৰণ ফুটবলৰ কেন্দ্ৰ হিচাপে চিহ্নিত ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰৰ মাজত যাতায়তৰ নাৱেৰে বাবে ৩ সপ্তাহ মান সময়ৰ প্ৰয়োজন হৈছিল।
-
২০১৮ ফিফা বিশ্বকাপ
চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা ফিফা বিশ্বকাপ ফুটবলৰ একবিংশতিতম স্ংস্কৰণ বিশ্বকাপ ফুটবল ২০১৮ ৰাছিয়াত অনুষ্ঠিত হয়। এই বিশ্বকাপ ১৪ জুনৰ পৰা ১৫ জুলাইলৈ চলিছিল।পূব ইউৰোপত হোৱা এইখনেই প্ৰথম বিশ্বকাপ আৰু ইউৰোপত হোৱা একাদশতম বিশ্বকাপ।
-
ব্ৰাজুকা
ব্ৰাজুকা হ'ল ২০১৪ চনৰ ফিফা বিশ্বকাপ ফুটবলৰ অফিচিয়েল মেচ বল (match ball)। ইয়াক এডিডাচ (Adidas) নামৰ কোম্পানীটোৱে তৈয়াৰ কৰিছে। উল্লেখযোগ্য যে এডিডাচ হৈছে ফিফা ৰ অফিচিয়েল বল যোগানকাৰী আৰু ই ১৯৭০ চনৰ পৰা বল যোগান ধৰি আহিছে। ফিফা বিশ্বকাপৰ ইতিহাসত এইটোৱেই প্ৰথম বল যাক অনুৰাগীসকলে নামকৰণ কৰিছে।