অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

দাৰিয়া কোৰ্ট খেল

দাৰিয়া কোৰ্ট খেল বা দাৰিয়া বান্ধা খেল( Dariya Bandha khel) সাধাৰণতে অসমৰ গাঁও অঞ্চলত খেলা দেখা যায়। নামনি অসম আৰু উজনি অসমত খেলৰ বিধৰ প্ৰচলন তুলনামূলকভাৱে কম দেখা যায়। ঠাই বিশেষে খেলৰ নাম আৰু নিয়মবোৰো বেলেগ বেলেগ দেখা যায়।

হালনাগাদ: ২৫ মাৰ্চ ২০২৩ ৪৮৩ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

দাৰিয়া কোৰ্ট খেল বা দাৰিয়া বান্ধা খেল( Dariya Bandha khel) সাধাৰণতে অসমৰ গাঁও অঞ্চলত খেলা দেখা যায়। নামনি অসম আৰু উজনি অসমত খেলৰ বিধৰ প্ৰচলন তুলনামূলকভাৱে কম দেখা যায়। ঠাই বিশেষে খেলৰ নাম আৰু নিয়মবোৰো বেলেগ বেলেগ দেখা যায়।

খেলৰ সামগ্ৰী

খেলৰ সামগ্ৰী বিশেষ একো প্ৰয়োজন নহয়, এই খেলৰ বাবে মাত্ৰ মুকলি পথাৰ বা সমতল মাটিৰহে প্ৰয়োজন হয়। খেলৰ বাবে তলত দিয়া নক্সাৰ দৰে মাটিত ৮টা কোঠালী লাগে৷ এই কোঠালীকেইটা নিৰ্দিষ্ট জোখৰ হ’ব লাগে৷ ৮ ফুট দীঘল আৰু ৮ ফুট পথালিকৈ৷ মুঠ ৩২ ফুট দীঘল আৰু ১৬ ফুট বহল খেলথলীখনত ৮টা কোঠালি৷১

খেলুৱৈ সংখ্য

দাৰিয়া বান্ধা খেলত দুটা দলত খেলুৱৈসকল ভাগ হয়৷ প্ৰতিটো দলত ৫ বা ৬ জন খেলুৱৈ থাকে৷১ কেতিয়াবা খেলুৱৈৰ সংখ্যা বেছি হ’লেও এই খেল খেলা হয়৷

খেলৰ নিয়ম

দাৰিয়া খেলৰ বাবে এখন মুকলি সমতল ঠাইত ৮ ফুটমান দীঘল আৰু বহলকৈ ৮টা কোঠালীৰে মাটিত দাগ দি লোৱা হয়।১ খেলুৱৈ সকলক দুটা সমান সংখ্যক দলত ভাগ কৰি লোৱা হয়। দুই দলৰ দলপতিয়ে টচ কৰি কোন দলে খেলৰ কোৰ্টত ৰখীয়া হ’ব আৰু কোন দলে কোৰ্টত প্ৰৱেশ কৰিব সেইটো নিৰূপন কৰে। যদি খেলুৱৈৰ সংখ্যা ৬জন হয় তেনেহ’লে ৩জনকৈ দুটা দলত বিভক্ত হৈ এটা নক্সাৰ বাহিৰত ৰৈ সাজু হোৱালৈ অপেক্ষা কৰিব আৰু আনটো দলৰ তিনিজনে কোৰ্টৰ বা নক্সাৰ ভিতৰত ৩টা স্থানত পহৰা দিব। ১ নম্বৰ খেলুৱৈ জনে সীমাৰ ভিতৰেৰে প্ৰথম চিন ডালৰ সোঁ আৰু বাঁও ফাললৈকে লগতে ৩নম্বৰ খেলুৱৈ জনৰ স্থালৈকে পহৰা দিব পাৰিব। ২ নং খেলুৱৈ জনে প্ৰথম কোঠালীৰ দ্বিতীয় চিনডালেৰে সোঁ আৰু বাঁওফাললৈকে পহৰা দিব পাৰিব। আৰু ৩ নম্বৰ খেলুৱৈ জনে নিজৰ সোঁ আৰু বাঁওফালে সীমাৰ ভিতৰত দ্বিতীয় কোঠালীৰ তৃতীয় চিনডালেৰে পহৰা দিব পাৰিব। কিন্তু পহৰাদাৰি খেলুৱৈসকলে বহি বা চাপৰি বা আঁঠু ভাঙি কোনো খেলুৱৈক হাতেৰে চুব নোৱাৰিব। এতিয়া এই তিনি স্থানত তিনি জন খেলুৱৈ সাজু হোৱাৰ পাছত বিপৰীত দলৰ তিনিজনৰ এজন এজনকৈ যিকোনো প্ৰকাৰে ১নং খেলুৱৈজনে হাতেৰে তেওঁক চুব নোৱাৰাকৈ ১নং খেলুৱৈ জনৰ সোঁ অথবা বাঁওফালে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব। তেনেকৈ দ্বিতীয় জনেও কোৰ্টত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব। ইজনে সিজনক বাগি দি যিকোনো এজন প্ৰথম কোঠালীত প্ৰৱেশ কৰিব পাৰিলেই তেওঁ এটা নিদিষ্ট স্থান ৰৈ থাকিব যাতে তেওঁক ১নং বা ২নং পহৰাদাৰি কোনো এজন খেলুৱৈয়ে হাতেৰে চুব নোৱাৰে আৰু তেওঁলোকৰ শৰীৰ যাতে খেলৰ নক্সাৰ বাহিৰ হৈ নাযায়। এনেকৈ পাছৰ জনেও প্ৰৱেশ কৰিব, এতিয়া এটা এটাকৈ দ্বিতীয় কোঠালীত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থাকিব। এনেকৈ যিজন ১নং খেলুৱৈজনৰ সোঁহাতে প্ৰথম কোঠাত প্ৰৱেশ কৰিছিল তেওঁ সেই সোঁফালৰ কোঠালীবোৰ এটা এটাকৈ পাৰ হৈ যদিহে একেবাৰে বাহিৰ ওলাবলৈ সক্ষম হয়, তেনেহ’লে প্ৰথমে তেওঁ কেঁচা হৈ পৰিল বুলি কোৱা হয়, তেনেকৈ দ্বিতীয়জনো কেঁচা হ’বলৈ চেষ্টা কৰিব। এতিয়া কেঁচা হৈ পৰাৰ পাছত তেওঁ বাঁওফালৰ কোঠালীবোৰ এটা এটাকৈ ৰখীয়া খেলুৱৈয়ে চুব নোৱাৰাকৈ পাৰ হ’বলৈ চেষ্টা কৰিব, এনেকৈ যদি তেওঁ আটাইকেইটা কোঠালী পাৰ হৈ যাব পাৰে তেনেহ’লে তেওঁক পকা হৈ পৰিল বুলি কোৱা হয়। এইদৰে সোঁফালে সোমাই বাওঁফালহৈ পকা হৈ যোৱাৰ সময়চোৱাত যদি পহৰাদাৰি কোনো খেলুৱৈয়ে কোনোৱা এজনক হাতেৰে বেগেত মেলি চুব পাৰে নাইবা পকা কেঁচা এটা বাকচত লগ হৈ যায় তেনেহ’লে তেওঁৰ কাৰণেই গোটেই দলটো বাহিৰহৈ যাব লাগিব। এতিয়া পহৰাদাৰিৰ দলটোৱে খেল কোৰ্টত সোমাব আৰু হাৰা দলটোৱে পহৰাদাৰিৰ কাম কৰিব। ঠাই বিশেষে খেলৰ নিয়ম সাল-সালনি হ’ব পাৰে।১

তথ্যসূত্ৰ

  1. ↑ ভকত, ড° লাবণ্য. (২০২১). কোচ-ৰাজবংশী সংস্কৃতি কোশ. বনমালী প্ৰকাশন. পৃ. ৪০৫. ISBN 978-93-81678-81-7

সম্পৰ্কিত শ্ৰেণী

অসমৰ খেল-ধেমালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাৰিয়া কোৰ্ট খেল” প্ৰবন্ধৰ সংশোধন ৩৫০৫২৯ (২৫ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।