অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

জল্লিকট্টু

জল্লিকট্টু বা চল্লিকট্টু (Jallikattu; சல்லிகட்டு) তামিলসকলৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া, য’ত এটি ষাঁড় গৰুক তাৰ শিঙত ধৰি পৰাস্ত কৰিব লাগে। এই খেল তামিলনাডুৰ এক প্ৰাচীন উৎসৱ পোঙ্গল উৎসৱ উপলক্ষে আয়োজন কৰা হয়। জল্লিকট্টু শব্দটো আহিছে চল্লি (মুদ্ৰা) আৰু কট্টু (উপহাৰ)ৰ পৰা।

হালনাগাদ: ৫ জুন ২০২৫ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জল্লিকট্টু বা চল্লিকট্টু (Jallikattu; சல்லிகட்டு) তামিলসকলৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া, য’ত এটি ষাঁড় গৰুক তাৰ শিঙত ধৰি পৰাস্ত কৰিব লাগে। এই খেল তামিলনাডুৰ এক প্ৰাচীন উৎসৱ পোংগল উৎসৱ উপলক্ষে আয়োজন কৰা হয়। জল্লিকট্টু শব্দটো আহিছে চল্লি (মুদ্ৰা) আৰু কট্টু (উপহাৰ)ৰ পৰা। ই এবিধ প্ৰাচীন খেল যি আজি প্ৰচলিত। জল্লিকট্টু খেলত যিবিলাক ষাঁড়গৰু ব্যৱহাৰ কৰা হয় সেইবিলাক ষাঁড়গৰুক সৰুৰে পৰাই বিশেষভাবে লালন-পালন কৰা হয়। এই খেলক তামিলনাডুৰ গৌৰৱ তথা সংস্কৃতিৰ প্ৰতীক বুলি কোৱা হয়। এই খেল ২০০০ বছৰ পুৰণি খেল যিটো তামিল সংস্কৃতিৰ সৈতে জড়িত। অসমতো এনেধৰণৰেই এক ক্ৰীড়া ম'হ যুঁজ প্ৰচলিত।

নিষেধাজ্ঞা আৰু বিবাদ

২০১০ চনৰ পৰা ২০১৪ চনলৈকে এই খেলত ১,১০০জন আহত আৰু ১৭ জনৰ মৃত্যু হৈছিল। বিগত দশকত দুশৰো অধিক মানুহে এই খেলত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰিছিলে। ২০০৪ চনৰ পৰা পশু সুৰক্ষা সংস্থা পেটাই জল্লিকট্টু খেলত জীৱজন্তুৰ ওপৰত অত্যাচাৰ দৰ্শাই বিৰোধ প্ৰদৰ্শন কৰি আছিলে। আৰু পিছলৈ পেটাই এই বিষয়টো ছুপ্ৰিম কোৰ্টলৈ লৈ যায়। আদালতে ২০১৪ চনত এই খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্ণয় শুনায়। ২০১৪ চনত জল্লিকট্টুৰ বিৰোধিতা কৰি বহু পশু কাৰ্য্যকৰ্তাই ইয়াৰ ওপৰত প্ৰতিবন্ধকতা লগাবলৈ ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল। পশু ক্ৰুৰতা নিবাৰণ আইন-১৯৬০ক এই খেলে বিৰুদ্ধাচৰণ কৰাৰ বাবে ছুপ্ৰিমকোৰ্টে এক মামলাত জল্লিকট্টুক নিষিদ্ধ কৰিবলৈ ৰায়দান কৰিছিল। ২০১৬ চনৰ ৭ জানুৱাৰী তাৰিখে কেন্দ্ৰ চৰকাৰে এই খেলত ষাঁড়গৰু ব্যৱহাৰক লৈ সেউজ সঙ্কেত দি অধিসূচনা জাৰি কৰিছিল। পৰম্পৰা অনুসৰি জল্লিকট্টু খেলত ষাঁড়গৰু ব্যৱহাৰ কৰিব পাৰিব বুলি চৰকাৰে মতামত দিছিল। ইয়াকেলৈ কোৰ্টে চৰকাৰৰ পৰা উত্তৰ বিচৰাৰ লগতে ২০১৪ চনত সৰ্বোচ্চ ন্যায়ালয়ে জল্লিকট্টুৰ ওপৰত লগোৱা প্ৰতিবন্ধকতাক উলঙ্ঘন কৰা নাযাব বুলি কৈছিল। ২০১৭ চনৰ ১৪ জানুৱাৰী তাৰিখে১ জল্লিকট্টুৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই এই খেল প্ৰদৰ্শন কৰিবলৈ চেন্নাইৰ মাৰিনা বিচত সপক্ষবাদী বিক্ষোভকাৰীসকলে একত্ৰিতহৈ মানৱ শৃঙ্খল গঠন কৰিছিল। ইয়াত বিভিন্ন দলৰ নেতাৰ লগতে তামিল ছবিৰ বহু অভিনেতাও যোগদান কৰিছিল। ইহঁতে কেন্দ্ৰ চৰকাৰ আৰু পিপুল ফৰ দি এথিকাল ট্ৰিটমেণ্ট অফ আনিমলস (পেটা) সংগঠনৰ বিৰোধিতা কৰি শ্ল'গান দিছিল।২৩

চিত্ৰ বিথিকা

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (13 January 2016). Supreme Court refuses to vacate stay on Jallikattu order. The Hindu
  2. ↑ জল্লিকট্টু ঘটনাকলৈ মাদুৰাইত ২৪০জন আটক. ସମ୍ବାଦ
  3. ↑ জল্লিকাট্টুৰ সমৰ্থনত গণ বিক্ষোভ: মাৰিনা বিচ্'ত একত্ৰিত হ'ল তিনি হাজাৰ লোক. ସମ୍ବାଦ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহপৰম্পৰাগত ক্ৰীড়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জল্লিকট্টু” প্ৰবন্ধৰ সংশোধন ৫১৫০০৯ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।