পৰট্টু ৰবীন্দ্ৰন শ্ৰীজেশ (Parattu Raveendran Sreejesh) এজন ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ, ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ গ'লৰক্ষক তথা প্ৰাক্তন অধিনায়ক।১ হকী ইণ্ডিয়া লীগত তেওঁ উত্তৰ প্ৰদেশ ৱিজাৰ্ডছৰ হৈ খেলে। ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ ফিল্ড হকী টুৰ্ণামেণ্টত ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ ব্ৰঞ্জৰ পদক জয়ত শ্ৰীজেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
শ্ৰীজেশৰ জন্ম হৈছিল ১৯৮৮ চনৰ ৮ মে'ত কেৰালাৰ আৰ্নাকুলাম জিলাৰ কিজাক্কাম্বালাম গাঁৱত এক কৃষকৰ পৰিয়ালত পি ভি ৰবীন্দ্ৰনৰ ঔৰষত আৰু উষাৰ গৰ্ভত। তেওঁ কিজাক্কাম্বালামৰ ছেইণ্ট এণ্টনিৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে আৰু কিজাক্কাম্বালামৰে ছেইণ্ট জোচেফ হাই স্কুলত ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰে।
সৰুতে তেওঁ প্ৰথমে দৌৰ আৰু পাছলৈ লং জাম্প আৰু ভলীবলৰ প্ৰশিক্ষণ লৈছিল। ১২ বছৰ বয়সত তেওঁ তিৰুৱন্তপুৰমৰ জিভি ৰাজা ক্ৰীড়া বিদ্যালয়ত যোগদান কৰে। ইয়াতেই তেওঁক প্ৰশিক্ষকে পৰামৰ্শ দিছিল যে তেওঁ গ'লকিপিং কৰা উচিত।৩৪ বিদ্যালয়ত হকী প্ৰশিক্ষক জয় কুমাৰে তেওঁক বাছনি কৰাৰ পাছত তেওঁ পেছাদাৰী হৈ পৰে, আৰু পাছত তেওঁ নেহৰু কাপত খেলে।৫ তেওঁ কেৰালাৰ কোল্লামৰ শ্ৰী নাৰায়ণ মহাবিদ্যালয়ৰ পৰা ইতিহাসত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।৬
কেৰিয়াৰ
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
শ্ৰীজেশে ২০০৪ চনত অষ্ট্ৰেলিয়াৰ পাৰ্থত জুনিয়ৰ ৰাষ্ট্ৰীয় দলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন খেলত খেলিবলৈ স্থান লাভ কৰিছিল। তেওঁ ২০০৬ চনত কলম্বোত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত জ্যেষ্ঠ ৰাষ্ট্ৰীয় দলত আত্মপ্ৰকাশ কৰে।৪ ২০০৮ চনৰ জুনিয়ৰ এছিয়া কাপত ভাৰতৰ জয়ৰ পাছত তেওঁক 'টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ গ'লৰক্ষক' বঁটা প্ৰদান কৰা হয়।৭ তেওঁ যদিও ছবছৰ ধৰি ভাৰতীয় দলৰ অংশ হৈ আছিল, তথাপিও প্ৰায়ে জ্যেষ্ঠ গ'লৰক্ষক এড্ৰিয়ান ডিচুজা আৰু ভাৰত চেত্ৰীৰ হাতত নিজৰ স্থান হেৰুৱায়ছিল।৮ পাকিস্তানৰ বিৰুদ্ধে চীনৰ অৰ্ডোছ চিটিত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফী ফাইনেলত দুটা পেনাল্টি ষ্ট্ৰোক ৰক্ষা কৰাৰ পাছত তেওঁ ২০১১ চনৰ পৰা ভাৰতীয় দলৰ নিয়মীয়া সদস্য হৈ পৰে।৩ তেওঁৰ দ্বিতীয় 'টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ গ'লৰক্ষক' বঁটা ২০১৩ চনৰ এছিয়া কাপত আহিছিল, য'ত ভাৰতে প্ৰতিযোগিতাখনত দ্বিতীয় স্থান লাভ কৰিছিল।
শ্ৰীজেশে ইয়াৰ পূৰ্বে ২০১২ চনত লণ্ডনত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ হৈ খেলিছিল, আৰু তাৰ পাছত ২০১৪ চনত বিশ্বকাপ খেলিছিল। ২০১৪ চনত দক্ষিণ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত এছিয়ান গেমছৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে দুটা পেনাল্টি ষ্ট্ৰোক ৰক্ষা কৰি তেওঁ ভাৰতৰ স্বৰ্ণ পদক জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।৯ ২০১৪ আৰু ২০১৮ চনৰ চেম্পিয়নছ ট্ৰফীত তেওঁক 'গ'লকিপাৰ অৱ দ্য টুৰ্ণামেণ্ট' হিচাপে বিবেচিত কৰা হৈছিল।১০ ২০১৪ চনত আকৰ্ষণীয় খেল প্ৰদৰ্শনৰ পাছত তেওঁক শ্ৰেষ্ঠ পুৰুষ গোলৰক্ষক বঁটাৰ বাবে মনোনীত কৰা হয়; পিছে তেওঁ নেডাৰলেণ্ডৰ জাপ ষ্টকমেনৰ হাতত পৰাজিত হয়।১১
১৩ জুলাই ২০১৬ তাৰিখে শ্ৰীজেশক চৰদাৰা সিঙৰ পৰা দায়িত্ব গ্ৰহণ কৰি ভাৰতীয় হকী দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল। লণ্ডনত অনুষ্ঠিত ২০১৬ চনৰ পুৰুষ হকী চেম্পিয়নছ ট্ৰফীত ৰূপৰ পদক অৰ্জন কৰা দলটোৰ অধিনায়ক তেওঁ আছিল। ৰিঅ'ত অনুষ্ঠিত ২০১৬ চনৰ অলিম্পিকত শ্ৰীজেশে ভাৰতীয় হকী দলক প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেললৈ লৈ গৈছিল।১২
২০২১ চনৰ ৫ আগষ্টত অনুষ্ঠিত ২০২০ টকিঅ' অলিম্পিকত ভাৰতে জাৰ্মানীক পৰাস্ত কৰি ৪১ বছৰৰ পাছত অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাত শ্ৰীজেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।১৩১৪
ক্লাব কেৰিয়াৰ
হকী ইণ্ডিয়া লীগৰ উদ্বোধনী ছিজনৰ নিলামত, শ্ৰীজেশক মুম্বাই ফ্ৰেঞ্চাইজিয়ে ৩৮,০০০ আমেৰিকান ডলাৰত ক্ৰয় কৰিছিল। তেওঁ তেওঁলোকৰ মুম্বাই মেজিচিয়ানছ দলৰ হৈ দুটা ছিজন খেলিছিল।১৫ ২০১৪ চনত উত্তৰ প্ৰদেশ ৱিজাৰ্ডে তেওঁক ৬৯,০০০ আমেৰিকান ডলাৰত ক্ৰয় কৰে আৰু ২০১৫ চনৰ পৰা সেই দলৰ হৈ খেলি আহিছে।১৬
ব্যক্তিগত জীৱন
শ্ৰীজেশে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা অনীশ্যা সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁ এগৰাকী প্ৰাক্তন লং জাম্পাৰ আৰু আয়ুৰ্বেদ চিকিৎসকক। তেওঁলোকৰ অনুশ্ৰী নামৰ এগৰাকী কন্যা সন্তান (জন্ম ২০১৪) আৰু পুত্ৰ শ্ৰীয়াংশ নামৰ এগৰাকী পুত্ৰ সন্তান (জন্ম ২০১৭) আছে। তেওঁ বৰ্তমান কেৰালা চৰকাৰৰ সাধাৰণ আৰু উচ্চ শিক্ষা বিভাগৰ মুখ্য ক্ৰীড়া সংগঠক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
বঁটা আৰু স্বীকৃতি
২০১৭ চনত ভাৰত চৰকাৰে তেওঁক ক্ৰীড়া ক্ষেত্ৰত কৰা কামৰ বাবে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।১৭১৮ ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ১৯ লাভ কৰে।
বাহ্যিক সংযোগ
- হকী ইণ্ডিয়াত পি. আৰ. শ্ৰীজেশৰ প্ৰফাইল
তথ্যসূত্ৰ
- ↑ Sreejesh Parattu Raveendran. Hockey India
- ↑ Meet PR Sreejesh, India's talismanic goalkeeper who led them to first Olympic medal in 41 years. India Today
- ↑ (7 November 2013). SHOT stopper. The Hindu
- ↑ (13 May 2013). Indian hockey goalkeeper PR Sreejesh gets married to former long jumper Alisha. sportskeeda.com
- ↑ (2 August 2008). Goalie extraordinaire. The Hindu
- ↑ Parattu Raveendran Sreejesh profile. incheon2014ag.org
- ↑ (2 August 2008). Diwakar Ram in the spotlight. Sportstar
- ↑ (14 March 2013). The solitary keeper. Indian Express
- ↑ (2 October 2014). Asian Games: India beat Pakistan to clinch gold, qualify for Rio Olympics. Deccan Chronicle
- ↑ (29 December 2014). PR Sreejesh Hopes to Live up to Expectations in Hockey India League 2015. NDTV
- ↑ (15 January 2015). FIH announce the winners of the FIH 2014 Player of the Year. fih.ch
- ↑ (13 July 2016). Hockey India removes Sardar Singh as captain, Sreejesh to lead at Rio Olympics. "The Hindu"
- ↑ (5 August 2021). മലയാളി മെഡൽ; ശ്രീജേഷിലൂടെ ഹോക്കിയിൽ ഇന്ത്യയ്ക്ക് അഭിമാന വെങ്കലം. "Mathrubhumi"
- ↑ (5 August 2021). Olympic bronze medallist hockey star PR Sreejesh has a road named after him in Kerala
- ↑ (9 January 2013). Hockey India League will boost Indian hockey: Sreejesh. The New Indian Express
- ↑ (29 December 2014). Sreejesh hopes to live up to expectations in Hockey India League. The Times of India
- ↑ Padma Awards 2017 announced. pib.gov.in
- ↑ (25 January 2017). List of Padma awardees 2017. The Hindu
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি. আৰ. শ্ৰীজেশ” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৬১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।