অসম ফুটবল সন্থা ভাৰতৰ ৩৬খন ৰাজ্যিক ফুটবল সন্থাৰ অন্যতম যি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অন্তৰ্গত। অসম ফুটবল সন্থাই অসমৰ ফুটবলক পৰিচালনা কৰে। ই অসমৰ ৰাজ্যিক পুৰুষ আৰু মহিলা উভয় ফুটবল দলসমূহক নিয়ন্ত্ৰণ কৰে তথা এই দলসমূহক তৈয়াৰ কৰি সন্তোষ ট্ৰফী আৰু ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপলৈ প্ৰেৰণ কৰে। সন্থাৰ বৰ্তমানৰ সভাপতি নৱ কুমাৰ দলে আনহাতে অবৈতনিক সম্পাদক ড° চাংগ্ৰাং ব্ৰহ্ম।১২
অসম ফুটবল সন্থা ১৯৪৬ চনত গঠন কৰা হৈছিল যদিও অসমত স্বাধীনতাৰ আগৰ পৰাই ফুটবল খেলবিধ প্ৰচলিত হৈ আহিছে। অসমৰ বি টি আৰ অঞ্চল, কাৰ্বি আংলং, কামৰূপ, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ফুটবলৰ জনপ্ৰিয়তা অত্যধিক। সন্থাৰ কমিটিৰ কাৰ্য্যকাল ৪ বছৰ। অসম ফুটবল সন্থাৰ সৰ্বোচ্চ পৰ্য্যায়ৰ প্ৰতিযোগিতাখন হৈছে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ।
অসম ফুটবলৰ প্ৰতিযোগিতাসমূহ আৰু গঠন প্ৰণালী
অসম ফুটবলৰ গঠন প্ৰণালী দুখন ৰাজ্যিক পৰ্যায়ৰ লীগ প্ৰতিযোগিতাৰ ওপৰত ভিত্তি কৰি গঠিত হৈছে। ইয়াৰ তলৰ পৰ্যায়ত জিলা ভিত্তিক লীগ পৰ্যায়ৰ খেল সমূহ অনুষ্ঠিত হয়।
পুৰুষৰ ক্লাব
| পৰ্য্যায় | লীগসমূহ/ডিভিজন সমূহ |
|---|---|
| ১ | 'অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ'৮টা ক্লাব↑ উন্নীত ১↓ নিৰ্বাসিত ২ |
| ২ | 'অসম ক্লাব চেম্পিয়নশ্বিপ'৩৮টা ক্লাব↑ উন্নীত ২ নিৰ্বাসিত নহয় |
পুৰুষৰ টুৰ্ণামেণ্ট
- ক্ষীৰোদ বৰুৱা আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতা
ফুটচল
- অসম ফুটচল চেম্পিয়নশ্বিপ
মহিলা
- অসম মহিলা লীগ
- গোবিন্দ ৰাম মৌৰ আৰু বানাৰসী দেৱী আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতা
যুৱ
- অসম যুৱ লীগ (অনূৰ্ধ্ব-১৩, অনূৰ্ধ্ব-১৫ আৰু অনূৰ্ধ্ব-১৭)
- সন্তোষ লহকৰ আন্তঃজিলা জুনিয়ৰ ফুটবল প্ৰতিযোগিতা (ল'ৰাৰ ১৭ বছৰ অনূৰ্ধ্ব)
- সতীন্দ্ৰ মোহন দেৱ আন্তঃজিলা ছাব-জুনিয়ৰ ফুটবল প্ৰতিযোগিতা (ল'ৰাৰ ১৫ বছৰ অনূৰ্ধ্ব)
গুৱাহাটী ক্ৰীড়া সন্থা
অন্যহাতে গুৱাহাটী ক্ৰীড়া সন্থাৰ এক পৃথক ফুটবলৰ লীগ প্ৰণালী আছে গুৱাহাটী ভিত্তিক ক্লাব সমূহৰ বাবে।
| ছিনিয়ৰ | |
| পৰ্য্যায় | লীগসমূহ/ডিভিজন সমূহ |
|---|---|
| ১ | 'গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ' ১৪টা ক্লাব |
| ২ | 'জিএছএ 'এ' ডিভিজন ফুটবল লীগ' ৮টা ক্লাব ↑ উন্নীত ২↓ নিৰ্বাসিত ২ |
| ৩ | 'জিএছএ 'বি' ডিভিজন ফুটবল লীগ' ১০টা ক্লাব ↑ উন্নীত ২↓ নিৰ্বাসিত ২ |
| ৪ | 'জিএছএ 'চি' ডিভিজন ফুটবল লীগ' ১০টা ক্লাব ↑ উন্নীত ২নিৰ্বাসিত নহয় |
| যুৱ | জিএছএ য়ুথ এণ্ড কিডচ্ লীগ (৭ বছৰ অনূৰ্ধ্বৰ পৰা ১ঌ বছৰ অনূৰ্ধ্ব) |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Naba Doley Re-Elected as President of Assam Football Association. pratidintime.com
- ↑ Assam Football Association. the-aiff.com. AIFF
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ফুটবল সন্থা” প্ৰবন্ধৰ সংশোধন ৬৩৪৭৯৬ (১০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।