অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম

অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম (Assam Cricket Association Stadium), এচিএ ষ্টেডিয়াম বা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৩ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম (Assam Cricket Association Stadium), এচিএ ষ্টেডিয়াম বা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়।১

ইতিহাস

২০০৪ চনৰ জুন মাহত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ষ্টেডিয়ামখনৰ শিলান্যাস কৰিছিল। তাৰ পিছত ষ্টেডিয়ামৰ ক্লাব হাউছ আৰু ষ্টেণ্ডৰ শিলান্যাস কৰিছিল তেতিয়াৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিব নিৰঞ্জন শ্বাহে। ২০১২ চনৰ ৪ নৱেম্বৰত অনুষ্ঠিত হোৱা পূব মণ্ডল ছিনিয়ৰ মহিলা আন্তঃৰাজ্যিক এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ অসম আৰু উৰিষ্যাৰ মেচখন হৈছে এই ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম মেচ।২ ইয়াৰ পিছৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত ৰঞ্জি ট্ৰফীৰ মেচ প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে।

২০১৭ চনৰ ১০ অক্টোবৰত, প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি২০ ক্ৰিকেট ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয়। মেচখনত অষ্ট্ৰেলিয়া ৮ উইকেট বিজয়ী হয়। মেচখনত উপস্থিত মুঠ দৰ্শকৰ সংখ্যা আছিল ৩৮,১৩২।৩

২০১৮ চনৰ ২১ অক্টোবৰত ৱেষ্ট ইণ্ডিছ আৰু ভাৰতৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল আৰু ভাৰত এই খেলত ৮ উইকেটৰ ব্যৱধানত বিজয়ী হৈছিল।৪

২০১৯ চনৰ ৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ ষ্টেডিয়ামখনত প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয়। ইংলেণ্ড আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মাজত তিনিখন খেল অনুষ্ঠিত হয়; য'ত ইংলেণ্ডে ৩-০ ব্যৱধানত শৃংখলাটোত বিজয়ী হয়।৫

২০২০ চনৰ ৫ জানুৱাৰী তাৰিখত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি২০ খেলখন প্ৰতিকূল বতৰৰ বাবে বাতিল হয়। ভাৰতে প্ৰথমে টছত জয়ী হৈ আলহী দল শ্ৰীলংকাক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু মেচ আৰম্ভ হোৱাৰ ঠিক আগে আগে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সম্প্ৰতি স্থগিত ৰাগিবলগীয়া হয় মেচখন।৬

সা-সুবিধা

৪০,০০০ দৰ্শকে একেলগে খেল উপভোগ কৰাৰ সুবিধা থকা এই ষ্টেডিয়ামখন ভাৰতৰ অন্যতম বৃহৎ আৰু অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম। ইনডোৰ অনুশীলন ক্ৰিকেট পিট্‌চ, চুইমিং পুল, জীম ইত্যাদি সকলো অত্যাধুনিক সা-সুবিধা ইয়াত উপলব্ধ আছে।

পৰিসংখ্যা

অনুষ্ঠিত মেচ

  • টেষ্ট — ০
  • এদিনীয়া আন্তঃৰাষ্ট্ৰীয় — ১
  • টি২০ আন্তঃৰাষ্ট্ৰীয় — ২

ৰেকৰ্ড সমূহ

টুৱেন্টি ২০ আন্তঃৰাষ্ট্ৰীয়

  • সৰ্বাধিক ৰাণ — মইজেছ এনৰিকছ(৬৮), ট্ৰেভিছ হেড (৪৮)
  • সৰ্বাধিক উইকেট — জেছন বেহ্ৰেনডৰ্ফ (৪), আডাম জাম্পা (২)

এদিনীয়া আন্তঃৰাষ্ট্ৰীয়

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Barsapara Cricket Stadium, Guwahati. cricketarchive.com
  2. ↑ Barsapara stadium ground inaugurated. assamtribune.com
  3. ↑ (9 October 2017). India out to clinch series on Guwahati's T20I debut. Cricbuzz
  4. ↑ (21 October 2019). Guwahati ODI Rohit, Kohli architect India's 8 wicket win. Business Standard
  5. ↑ (9 March 2019). 3rd T20 Smriti Mandana fifty in vain as England whitewash India. India Today
  6. ↑ (৫ জানুৱাৰী ২০২০). বৰ্ষাপাৰাত টছৰ পাছতেই বৰষুণ; স্থগিত ভাৰত-শ্ৰীলংকাৰ টি-২০ মেচ. এন ই নাও নিউজ

সম্পৰ্কিত শ্ৰেণী

ভাৰতত ক্ৰিকেটষ্টেডিয়ামগুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম” প্ৰবন্ধৰ সংশোধন ৩৯৩৭৩৩ (২৮ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।