আইচিচি মহিলা টি-২০ বিশ্বকাপ (ICC Women's T20 World Cup) হৈছে ক্ৰিকেট খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটৰ এক দ্বিবাৰ্ষিক বিশ্বকাপ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি)ৰ দ্বাৰা আয়োজন কৰা হয়।১ ইয়াৰ প্ৰথম সংস্কৰণ ২০০৯ চনত ইংলেণ্ডত অনুষ্ঠিত হৈছিল।২ প্ৰথম তিনিটা সংস্কৰণত আঠখন দেশে অংশগ্ৰহণ কৰিছিল। ২০১৪ চনৰ সংস্কৰণৰ পৰা অংশগ্ৰহণকাৰী দলৰ সংখ্যা ১০ টালৈ বৃদ্ধি কৰা হয়,৩ আৰু ২০২৬ চনৰ সংস্কৰণৰ বাবে এই সংখ্যা ১২ টালৈ বৃদ্ধি কৰা হয়।৪
প্ৰতিখন প্ৰতিযোগিতাত এক নিৰ্দিষ্ট সংখ্যক দলে স্বয়ংক্ৰিয়ভাৱে যোগ্যতা অৰ্জন কৰে, আনহাতে অৱশিষ্ট দলসমূহ গ্ল’বেল কোৱালিফায়াৰৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। ২০২৮ চনৰ ১২-দলীয়া প্ৰতিযোগিতাখনত ১০ টা দলে স্বয়ংক্ৰিয় যোগ্যতা অৰ্জন কৰিব; যাৰাক ভিতৰত ২০২৬ চনৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ শীৰ্ষ আঠটা দল, আয়োজক ৰাষ্ট্ৰ (যদিহে ইতিমধ্যে যোগ্যতা অৰ্জন কৰা নাই), আৰু ২০২৬ চনৰ ৬ জুলাই পৰ্যন্ত আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত পৰৱৰ্তী সৰ্বোচ্চ স্থানত থকা দলসমূহ অন্তৰ্ভুক্ত হ’ব।
২০২৪ চনলৈকে, মুঠ ৯ টা সংস্কৰণ অনুষ্ঠিত হৈছে আৰু ১২ টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। ৬ বাৰকৈ খিতাপ দখল কৰা (২০১০, ২০১২, ২০১৪, ২০১৮, ২০২০, ২০২৩) অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দল হৈছে আটাইতকৈ সফল দল। আনহাতে ইংলেণ্ড (২০০৯), ৱেষ্ট ইণ্ডিজ (২০১৬) আৰু নিউজিলেণ্ডে (২০২৪) এটাকৈ খিতাপ লাভ কৰিছে।৫
ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ সংস্কৰণ জয় কৰা নিউজিলেণ্ড বৰ্তমানৰ চেম্পিয়ন।
যোগ্যতা অৰ্জন
আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিং আৰু এক যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতা, মহিলা বিশ্ব টুয়েন্টি২০ কোৱালিফায়াৰৰ দ্বাৰা যোগ্যতা নিৰ্ধাৰণ কৰা হয়। ২০১৪ চনলৈকে, আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ শীৰ্ষ ছয়টা দলে স্বয়ংক্ৰিয়ভাৱে যোগ্যতা অৰ্জন কৰিছিল আৰু বাকী থকা দুটা স্থান যোগ্যতা অৰ্জন প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছিল। ২০১৪ চনৰ সংস্কৰণত, আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ শীৰ্ষ আঠটা দলৰ ভিতৰৰ ছয়টা স্থান নিৰ্ধাৰণ কৰা হৈছিল, যাৰ সৈতে আয়োজক দেশ আৰু তিনিটা কোৱালিফায়াৰ দলে প্ৰতিযোগিতাত যোগ দিছিল। ২০১৬ চনৰ পৰা পৰৱৰ্তী সময়ত, আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় দলগত ৰেংকিঙৰ শীৰ্ষ আঠটা দলৰ দ্বাৰা সাতটা স্থান নিৰ্ধাৰণ কৰা হৈছিল, য’ত আয়োজক দেশ আৰু দুটা কোৱালিফায়াৰ দল প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হৈছিল।
ট্ৰফী
আইচিচি মহিলা টি-২০ বিশ্বকাপৰ বিজয়ীসকলক ব্ৰিটিছ ৰূপকাৰ থমাছ লাইটৰ দ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰা এটা ট্ৰফী প্ৰদান কৰা হয়। উচ্চতাত ৫০ চেণ্টিমিটাৰৰ এই মহিলা ট্ৰফীটো ৰূপৰ প্ৰলেপ থকা বেচ মেটেল ব্যৱহাৰ কৰি কেইবাটাও পৃথক ধাতুৰ কাষ্টিং একত্ৰিত কৰি তৈয়াৰ কৰা হৈছে।৬
চূড়ান্ত ফলাফল
| + মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলৰ বিৱৰণ | বছৰ | ফাইনেল | |||
| তাৰিখ আৰু স্থান | বিজয়ী | জয়ৰ ব্যৱধান | ৰানাৰ্ছ-আপ | ||
|---|---|---|---|---|---|
| ২০০৯ | ২১ জুন ২০০৯ লৰ্ডছ, লণ্ডন | ৮৬/৪ (১৭ অভাৰ) | ৬ উইকেট | ৮৫ (২০ অভাৰ) | ৭ |
| ২০১০ | ১৬ মে ২০১০ কেনচিংটন অ’ভেল, ব্ৰীজটাউন | ১০৬/৮ (২০ অভাৰ) | ৩ ৰান | ১০৩/৬ (২০ অভাৰ) | ৮ |
| ২০১২ | ৭ অক্টোবৰ ২০১২ আৰ. প্ৰেমদাছা ষ্টেডিয়াম, কলম্বো | ১৪২/৪ (২০ অভাৰ) | ৪ ৰান | ১৩৮/৯ (২০ অভাৰ) | ৯ |
| ২০১৪ | ৬ এপ্ৰিল ২০১৪ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ঢাকা | ১০৬/৪ (১৫.১ অভাৰ) | ৬ উইকেট | ১০৫/৮ (২০ অভাৰ) | ১০ |
| ২০১৬ | ৩ এপ্ৰিল ২০১৬ ইডেন গাৰ্ডেনছ, কলকাতা | ১৪৯/২ (১৯.৩ অভাৰ) | ৮ উইকেট | ১৪৮/৫ (২০ অভাৰ) | ১১ |
| ২০১৮ | ২৪ নৱেম্বৰ ২০১৮ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়াম, নৰ্থ চাউণ্ড | ১০৬/২ (১৫.১ অভাৰ) | ৮ উইকেট | ১০৫ (১৯.৪ অভাৰ) | ১২ |
| ২০২০ | ৮ মাৰ্চ ২০২০ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড, মেলবৰ্ণ | ১৮৪/৪ (২০ অভাৰ) | ৮৫ ৰান | ৯৯ (১৯.১ অভাৰ) | ১৩ |
| ২০২৩ | ২৬ ফেব্ৰুৱাৰী ২০২৩ নিউলেণ্ডছ ক্ৰিকেট গ্ৰাউণ্ড, কেপ টাউন | ১৫৬/৬ (২০ অভাৰ) | ১৯ ৰান | ১৩৭/৬ (২০ অভাৰ) | ১৪ |
| ২০২৪ | ২০ অক্টোবৰ ২০২৪ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই | ১৫৮/৫ (২০ অভাৰ) | ৩২ ৰান | ১২৬/৯ (২০ অভাৰ) | ১৫ |
| ২০২৬ | ৫ জুলাই ২০২৬ লৰ্ডছ, লণ্ডন | TBD |
আৰু চাওক
তথ্যসূত্ৰ
- ↑ World T20 renamed as T20 World Cup
- ↑ (23 November 2018). World T20 to be called T20 World Cup from 2020 edition: ICC. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ India set to host 2025 Women's ODI World Cup. ESPN Cricinfo
- ↑ Three sub-continent countries set to host ICC events in next cycle. International Cricket Council
- ↑ (20 August 2024). New venue confirmed for ICC Women's T20 World Cup 2024. International Cricket Council
- ↑ Makers of the ICC Women's T20 World Cup Trophy. Thomas Lyte
- ↑ (4 July 2008). All-conquering England take title. ESPNcricinfo
- ↑ Australia shut down NZ for thrilling trophy win. ESPNcricinfo
- ↑ Australia keep Women's World T20 title. ESPNcricinfo
- ↑ Coyte, Lanning sparkle as Australia coast to hat-trick. ESPNcricinfo
- ↑ West Indies Women gun down 149 for maiden WT20 title. ESPNcricinfo
- ↑ Gardner, Wareham help Australia lift fourth title. ESPNcricinfo
- ↑ Alyssa Healy, Beth Mooney, Jess Jonassen hand clinical Australia fifth T20 World Cup title. ESPNcricinfo
- ↑ Mooney's 74* leads clinical Australia to sixth T20 World Cup title. ESPNcricinfo
- ↑ Kerr, Halliday deliver World Cup glory on dream day for NZ cricket. ESPNcricinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিলা টি-২০ বিশ্বকাপ” প্ৰবন্ধৰ সংশোধন ৬১৬৭২৮ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।