খো-খো (खो-खो) এক পৰম্পৰাগত ভাৰতীয় ক্ৰীড়া। প্ৰাচীন ভাৰতৰ পৰা আৰম্ভ হোৱা আটাইতকৈ পুৰণি আউটড'ৰ ক্ৰীড়াসমূহৰ ভিতৰত খো-খো অন্যতম।১ ভাৰতীয় উপমহাদেশৰ কাবাডীৰ পিছতেই খেলুৱৈক চুব লগীয়া খেলৰ ই দ্বিতীয় জনপ্ৰিয় পৰম্পৰাগত খেল।২ খো-খোক আয়তাকাৰ ক’ৰ্টত খেলা হয় য’ত ক’ৰ্টৰ দুয়ো মূৰত দুটা খুঁটা সংযোগ কৰা এটা কেন্দ্ৰীয় পথ থাকে। খেলৰ সময়ত আক্ৰমণকাৰী দলৰ ৯জন খেলুৱৈ খেলপথাৰত থাকে, ইয়াৰে আঠজন কেন্দ্ৰীয় পথত বহি, আনহাতে প্ৰতিৰক্ষাকাৰী দলৰ তিনিজন "দৌৰবিদ" ক'ৰ্টৰ চাৰিওফালে দৌৰি ফুৰিব লাগে যাতে আক্ৰমণ কাৰি দলৰ পৰা খেদি অহা খেলুৱৈ জনৰ স্পৰ্শৰ পৰা হাত সাৰিব পৰা যায়।৩ আক্ৰমণকাৰী দলৰ প্ৰতিজন বহি থকা খেলুৱৈয়ে কেন্দ্ৰীয় লেনৰ পৰা পৰস্পৰৰ বিপৰীত দিশৰ ফালে মুখ কৰি বহি থাকে।
যিকোনো সময়তে আক্ৰমণকাৰী দলৰ এজন খেলুৱৈয়ে (“সক্ৰিয় চেজাৰ" বা "আক্ৰমণকাৰী") ক'ৰ্টৰ চাৰিওফালে দৌৰি প্ৰতিৰক্ষাকাৰী দলৰ সদস্যসকলক স্পৰ্শ কৰাৰ চেষ্টা কৰিব পাৰে, প্ৰতিটো স্পৰ্শত এক নম্বৰ লাভ কৰিব আৰু প্ৰতিজন স্পৰ্শ কৰা ডিফেণ্ডাৰে খেলপথাৰ এৰি যাব লাগিব; তথাপিও, সক্ৰিয় চেজাৰে কেন্দ্ৰীয় লেন পাৰ হৈ খেলপথাৰৰ আন আধা অংশত প্ৰৱেশ কৰিব নোৱাৰে, আৰু লগতে কেৱল তেওঁলোকে প্ৰথম খোজ লোৱা দিশতহে দৌৰিব লাগিব (যিকোটো মেৰুৰ ফালে মুখ কৰি)। সক্ৰিয় চেজাৰে হয় বহি থকা দলৰ সতীৰ্থৰ সৈতে ভূমিকা সলনি কৰে ("খো" বুলি কওঁতে পিছফালে স্পৰ্শ কৰি) যিয়ে ক'ৰ্টৰ আন আধা অংশৰ ফালে মুখ কৰি থাকে আৰু সেয়েহে ইয়াৰ প্ৰৱেশাধিকাৰ পায়, বা যিকোনো এটা খুঁটালৈ দৌৰি যায় আৰু তাৰ পিছত দিশ/আধা সলনি কৰে। প্ৰতিটো দলৰ দুটা টাৰ্ণত স্ক’ৰ কৰিবলৈ আৰু দুটা টাৰ্ণ ডিফেণ্ড কৰিবলৈ থাকে, প্ৰতিটো টাৰ্ণ ৯ মিনিটৰ বাবে থাকে। খেলৰ শেষলৈকে যিটো দলে সৰ্বাধিক পইণ্ট লাভ কৰে সেই দলেই জয়ী হয়।৪
সমগ্ৰ দক্ষিণ এছিয়াতে এই খেলবিধ ব্যাপকভাৱে খেলা হয়, আৰু দক্ষিণ এছিয়াৰ বাহিৰৰ অঞ্চল যেনে দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডতো এই খেল খেলা হয়। ভাৰত আৰু পাকিস্তানৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে সঘনাই এই খেল খেলে। এয়া প্ৰতিযোগিতামূলক খেল।৫ ২০২২ চনৰ আগষ্ট মাহত ভাৰতত আলটিমেট খো খো নামৰ এই ধৰণৰ প্ৰথম বাণিজ্যিক খেলৰ উন্মোচন কৰা হয়।৬
জোখ-মাখ
- মুঠ এলেকাৰ প্ৰয়োজনীয়তা ৩০ মিটাৰ x ১৯ মিটাৰ (সকলো ফালৰ পৰা ১.৫ মিটাৰ বহল লবীকে ধৰি। )
- দুয়োটা মেৰুৰ পিছফালে ১.৫ মিটাৰ x ১৬ মিটাৰ মুকলি ক্ষেত্ৰকে ধৰি খেলৰ ক্ষেত্ৰ ২৭ মিটাৰ x ১৬ মিটাৰ।
- মেৰুৰ দূৰত্ব ২৪মিটাৰ ২৪মিটাৰ দৈৰ্ঘ্য x ৩০চে.মি. প্ৰস্থৰ দুটা খুঁটা সংযোগ কৰা কেন্দ্ৰীয় পথ।
- কেন্দ্ৰীয় পথক ছেদ কৰা প্ৰতিটো পথ(৮)-ৰ জোখ ১৬মিটাৰ x ৩৫চে.মি.
- মেৰুৰ আকাৰ - উচ্চতা (মাটিৰ স্তৰৰ পৰা - ১২০চে.মি.ৰ পৰা ১২৫চে.মি., ব্যাস ৯–১০চে.মি.)
নিয়মসমূহ
- এই খেলখনত দুটা দল থাকে য'ত ১২ জনকৈ খেলুৱৈ থাকে (এছিয়ান খো - খো ফেডাৰেচনৰ নিয়ম অনুসৰি ১৫ জনকৈ খেলুৱৈ) দলটোত থাকে আনহাতে প্ৰকৃততে মাত্ৰ ৯জন খেলুৱৈহে খেলপথাৰত খেলি থাকে।
- খেলখনত দুটা ডিফেন্স আৰু দুটা চেজ টাৰ্ণৰে গঠিত ৪টা টাৰ্ণ আছে।
- উপৰ্যুক্ত নিয়ম দুটা উলংঘা কৰিব নোৱাৰিব।
- প্ৰতিজন পুট আউট ডিফেণ্ডাৰে চেজিং টিমলৈ এটা পইণ্ট আনে।
- অধিক পইণ্ট লাভ কৰা দলটোক বিজয়ী হিচাপে ঘোষণা কৰা হয়।
স্ক'ৰ তালিকা
এটা টাৰ্ণ ৯ মিনিটৰ আৰু খেলখনত মুঠ ৪টা টাৰ্ণ খেলা হয় (প্ৰতিটো দলৰ ২টা টাৰ্ণ স্ক'ৰ কৰিবলৈ থাকে)। যাৰ সৰ্বাধিক পইণ্ট আছে তেওঁ খেলত জয়ী হয়। ২টা টাৰ্ণৰ পিছত যিটো দলে আটাইতকৈ কম পইণ্ট লাভ কৰে সেই দলটোৱে আক্ৰমণ কৰিব লাগে। (আন দলটোক স্পৰ্শ কৰিবলৈ)
ব্যুৎপত্তি
এই নামটো মাৰাঠীৰ শব্দ खोखो (খো-খো)-ৰ পৰা আহিছে। খো শব্দটো খেল খেলি থাকোঁতে আমন্ত্ৰণ কৰা শব্দৰ অনুকৰণমূলক।৭
তথ্যসূত্ৰ
- ↑ Hard Bound Lab Manual Health and Physical Education, p. 41
- ↑ Peter A Hastie. (2010). Student-Designed Games: Strategies for Promoting Creativity, Cooperation, and Skill Development. Human Kinetics. পৃ. 52. ISBN 978-0-7360-8590-8
- ↑ kho-kho · Indian sport · Britannica. www.britannica.com
- ↑ Nag, Utathya. (2022-06-24). Kho Kho, a kabaddi-like sport linked with Indian epic Mahabharata - know all about it. Olympics.com
- ↑ ahmed, usman. (14 August 2011). Trip down memory lane: The games we play…. The Express Tribune
- ↑ Staff, Scroll. Ultimate Kho Kho: Squads, format, fixtures – all you need to know about latest Indian sports league. Scroll.in
- ↑ Molesworth, J. T. (James Thomas). (1857). A dictionary, Marathi and English. 2d ed., rev. and enl. dsal.uchicago.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খো-খো” প্ৰবন্ধৰ সংশোধন ৩৩২০০৭ (৩১ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।