অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

হেণ্ডবল

হেণ্ডবল (handball) এক প্ৰকাৰৰ দলীয় খেল। এই খেলটো প্ৰায় ফুটবলৰ নিচিনাই, কিন্তু পাৰ্থক্য হ'ল হেণ্ডবলত হাতেদি বল আদানপ্ৰদান কৰা হয়। এই খেলত মুঠ ১২জন খেলুৱৈ থাকে আৰু ৭জন খেলুৱৈ খেলপথাৰত খেলে।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৪ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হেণ্ডবল (handball) এক প্ৰকাৰৰ দলীয় খেল। এই খেলটো প্ৰায় ফুটবলৰ নিচিনাই, কিন্তু পাৰ্থক্য হ'ল হেণ্ডবলত হাতেদি বল আদানপ্ৰদান কৰা হয়। এই খেলত মুঠ ১২জন খেলুৱৈ থাকে আৰু ৭জন খেলুৱৈ খেলপথাৰত খেলে। যিবোৰ দেশত এই খেলৰ প্ৰচলন আছে সিহঁতৰ মাজত, পোলেণ্ড, চাইপ্ৰাছ, ৰোমানিয়া, ৰাছিয়া, ইউক্ৰেন, মলদোভা, বেলাৰুছ, গ্ৰীচ, আমেৰিকা যুক্তৰাষ্ট্ৰ, তুৰস্ক, জৰ্জিয়া (দেশ), আৰ্মেনিয়া আৰু আজেৰবাইজান উল্লেখযোগ্য।

সময়সীমা

খেলৰ সময়সীমা মাজত ১০ মিনিট বিৰতিসহ মুঠ ৭০ মিনিট।

খেল পথাৰৰ জোখ

হেণ্ডবল খেলৰ পূৰ্ণ পথাৰৰ দৈৰ্ঘ্য বা পাৰ্শ্বৰেখা ৪০ মিটাৰ আৰু প্ৰস্থ বা প্ৰান্তৰেখা ২০ মিটাৰ। পথাৰৰ উভয় প্ৰান্তত গোল লাইনৰ ঠিক মাজত গোল পোষ্টটোৰ অৱস্থান। প্ৰতিটো গোলপোষ্ট লম্বাত ৩ মিটাৰ আৰু উচ্চতাত ২ মিটাৰ হয়। পোষ্টৰ ৬মিটাৰ এলাকাৰ পৰা গোল লাইন যাৰ বাহিৰৰ পৰাই জালত বল পেলাব লগা হয় আৰু গোললাইনৰ ভিতৰৰ পৰা গোলৰক্ষকে গোল বচোৱাৰ চেষ্টা কৰে। গোল দিয়াৰ সময়ত খেলুৱৈ সকলে জাঁপ মাৰি বল দলিয়াই দিয়া দেখা যায়।

বলৰ জোখ

নিয়ম অনুযায়ী হেণ্ডবলৰ চাইজ পুৰুষ-মহিলা ভেদে ভিন্ন হৈ থাকে। পুৰুষৰ বাবে বলৰ পৰিধি ৫৮-৬০ চেণ্টি মিটাৰ আৰু মহিলা সকলৰ বাবে ৫৪-৫৬ চেণ্টি মিটাৰ।

সম্পৰ্কিত শ্ৰেণী

পেছাদাৰী ক্ৰীড়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেণ্ডবল” প্ৰবন্ধৰ সংশোধন ৪৪৩৮০৬ (১০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।