অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ভাল্লাম কালি

ভাল্লাম কালি (Vallam Kali) ভাৰতৰ কেৰালাত প্ৰচলিত পৰম্পৰাগত নাও খেল। আক্ষৰিক ভাবে ভাল্লাম কালি মানে নাও খেল। এইটো মুখ্যতঃ বসন্তত কৃষিভিত্তিক উৎসৱ ওনামৰ সময়ত পতা কৰা হয়। ভাল্লাম কালিত বহু প্ৰকাৰৰ বৈঠাযুক্ত দীঘল নৌকা আৰু 'সাপৰ নাও'ৰ নাওখেলৰ প্ৰতিযোগিতা অন্তৰ্ভুক্ত আছে।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ৩৪৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাল্লাম কালি (Vallam Kali) ভাৰতৰ কেৰালাত প্ৰচলিত পৰম্পৰাগত নাও খেল। আক্ষৰিক ভাবে ভাল্লাম কালি মানে নাও খেল। এইটো মুখ্যতঃ বসন্তত কৃষিভিত্তিক উৎসৱ ওনামৰ সময়ত পতা কৰা হয়। ভাল্লাম কালিত বহু প্ৰকাৰৰ বৈঠাযুক্ত দীঘল নৌকা আৰু 'সাপৰ নাও'ৰ নাওখেলৰ প্ৰতিযোগিতা অন্তৰ্ভুক্ত আছে। প্ৰতিটো দলে নেহৰু ট্ৰফীৰ বাবে প্ৰায় ৬ লাখ টকা ব্যয় কৰে।

চুনদান ভাল্লাম বা 'সাপ নাও' প্ৰায় ৩০-৩৫ মিটাৰ (১০০-১২০ ফুট) দীঘল আৰু ৬৪ বা ১২৮ বৈঠাযুক্ত১ নাও খেল হৈছে ইয়াৰ মুখ্য অনুষ্ঠান। সেয়েহে ভাল্লাম কালিক সাপৰ নাও খেল বুলিও কোৱা হয় আৰু ই এক মুখ্য পৰ্যটকৰ আকৰ্ষণ। নাওখেল বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা অন্যান্য প্ৰকাৰৰ নাও হৈছে চুৰুলান ভাল্লাম, ইৰুট্টুকুথি ভাল্লাম, ওডিআই ভাল্লাম, ভেপপুৰ ভাল্লাম, ভাদাক্কানোডি ভাল্লাম আৰু কোচু ভাল্লাম। নেহৰু ট্ৰফী নাও খেল হৈছে ভাৰতৰ কেৰালাৰ আলাপুঝাৰ ওচৰৰ পুন্নমাদা হ্ৰদত অনুষ্ঠিত এক জনপ্ৰিয় ভাল্লাম কালি অনুষ্ঠান।

ইতিহাস

১৩ শতিকাৰ আৰম্ভণিতে কেৰালাৰ কায়মকুলম আৰু চেম্বাকাচেৰীৰ সন্মুখৰ ৰাজ্যবোৰৰ মাজত যুদ্ধৰ সময়ত চেম্বাকাচেৰীৰ ৰজা দেৱনাৰায়ণে চুনদান ভাল্লাম নামৰ এখন যুদ্ধ নাও নিৰ্মাণৰ দায়িত্ব দিছিল। তেওঁ সেই সময়ৰ এজন বিখ্যাত কাঠমিস্ত্ৰীক এই কামৰ দায়িত্ব দিছিল।২ সেয়েহে এই সাপ আকৃতিৰ নাও সৃষ্টিৰ কাৰিকৰী পদ্ধতিবোৰ প্ৰায় ৮ শতাব্দী পুৰণি। আজিও ব্যৱহাৰ হৈ থকা সাপৰ নাওবোৰৰ ভিতৰত পাৰ্থসাৰথি চুনদান হৈছে আটাইতকৈ পুৰণি মডেল।৩

ভাল্লাম কালি মুখ্যতঃ শৰতৰ কৃষিভিত্তিক উৎসৱ ওনামৰ সময়ত অনুষ্ঠিত কৰা হয়। চুনদান ভাল্লাম নাওখেল ইয়াৰ মুখ্য অনুষ্ঠান। ভাল্লাম কালিত কেৰালাৰ আন বহু পৰম্পৰাগত বৈঠাযুক্ত নাও খেল অন্তৰ্ভুক্ত আছে আৰু ই ৰাজ্যখনৰ অন্যতম মুখ্য পৰ্যটক আকৰ্ষণ।

ভাঞ্চিপাট্টু

ভাঞ্চিপাট্টু হৈছে মালয়ালম ভাষাৰ কবিতাৰ ৰূপ যি সাধাৰণে ভাল্লাম কালি আৰু সম্পৰ্কিত উৎসৱৰ সময়ত গীত হিচাপে ব্যৱহাৰ কৰা হয়। আৰনমুলা উথৰাত্তাদি ভাল্লাম কালি সময়ত অনুষ্ঠানত ইয়াৰ গুৰুত্বৰ বাবে অংশগ্ৰহণকাৰীসকলে ভাঞ্চিপাট্টু সম্পাদন কৰে। ৰামপুৰাথু ৱাৰিয়াৰক ভাঞ্চিপাট্টুৰ বিখ্যাত অগ্ৰণী বুলি গণ্য কৰা হয়।

সময়

ভাল্লাম কালি বা কেৰালা খেল মুখ্যতঃ ওনামৰ সময়ত পৰিচালনা কৰা হয়, যি সাধাৰণতে আগষ্ট আৰু ছেপ্টেম্বৰত পৰে। কেৰালাত, জুলাই আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত চাৰিটা মুখ্য নাও খেল অনুষ্ঠিত হয়। এই সকলোবোৰ এলেপি চহৰ আৰু ইয়াৰ আশে-পাশে অনুষ্ঠিত হয়। সেই চাৰিটা হৈছে:

  • নেহৰু ট্ৰফী ৰেচ
  • পেইপড জালটাভাম
  • আৰনমুলা নাও খেল
  • চম্পাকুলম মুলাম

তদুপৰি বিভিন্ন অঞ্চলত কেইবাটাও সৰু-ডাঙৰ নাও খেল অনুষ্ঠিত হয়। ঠাই ভেদে খেলৰ নীতি নিয়ম, নাৱৰ আকৃতি আৰু সংগীতৰ ভিন্নতা পৰিলক্ষিত।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Snake Boat Races (Vallam Kali)
  2. ↑ MS, Prasanth. karichal chundan - Nehru Trophy Winner 2016, karichal, karichalchundan, karichalchundan.com,payipad boat race,kerala snake boat race,snake boat race in kerala. Karichalchundan.com
  3. ↑ Origin of Vallamkali (Boat Race)

সম্পৰ্কিত শ্ৰেণী

পৰম্পৰাগত ক্ৰীড়াকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাল্লাম কালি” প্ৰবন্ধৰ সংশোধন ৬২৯০১৯ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।