অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ (:ICC Men's T20 World Cup) (আই চি চি পুৰুষ বিশ্ব টি২০ আৰু পুৰুষ টি২০ বিশ্বকাপ হিচাপেও জনাজাত) হৈছে পুৰুষৰ টি২০ ক্ৰিকেটৰ আন্তৰ্জাতিক চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাৰ আয়োজক আন্তৰ্জাতিক ক্ৰিকেটৰ তদাৰককাৰী সংস্থা আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল (ICC)।

হালনাগাদ: ১৬ জুলাই ২০২৬ ৬৮৫ শব্দ · ৪ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ (:ICC Men's T20 World Cup) (আই চি চি পুৰুষ বিশ্ব টি২০ আৰু পুৰুষ টি২০ বিশ্বকাপ হিচাপেও জনাজাত) হৈছে পুৰুষৰ টি২০ ক্ৰিকেটৰ আন্তৰ্জাতিক চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাৰ আয়োজক আন্তৰ্জাতিক ক্ৰিকেটৰ তদাৰককাৰী সংস্থা আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল (ICC)। প্ৰতিযোগিতাখনত সৰ্বমুঠ ১২খন দেশৰ জাতীয় ক্ৰিকেট দলে, ভাগ লয় তাৰ দহটা দল হৈছে আই চি চি ৰ পূৰ্ণ সদস্য ৰাষ্ট্ৰৰ দল আৰু আন দুটা আই চি চি টি২০ কোৱালিফায়াৰ ৰাউণ্ডৰ যোগেদি নিৰ্বাচিত কৰা দল। এই প্ৰতিযোগিতা প্ৰতি ২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়।

প্ৰথম আই চি চি বিশ্ব টুৱেণ্টি২০, ২০০৭ চনৰ ১১-২৪ ছেপ্টেম্বৰলৈকে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হয়। ভাৰতে চূড়ান্ত খেলত পাকিস্তানক পৰাস্ত কৰি প্ৰথম আই চি চি বিশ্ব টুৱেণ্টি২০ৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে। জোহান্সবাৰ্গত হোৱা চুড়ানত খেলখনত ভাৰতে ৫ ৰাণত বিজয় সাব্যস্ত কৰে। এইখন আই চি চি বিশ্ব টুৱেণ্টি২০ৰ ৰাণাৰ্চ আপ পাকিস্তানে ইংলেণ্ডত অনুষ্ঠিত দ্বিতীয়খন আই চি চি বিশ্ব টুৱেণ্টি২০ৰ চূড়ান্ত খেলত লণ্ডনৰ লৰ্ডচ খেলপথাৰত শ্ৰী লংকাক ৮ ৱিকেটত পৰাস্ত কৰি চেম্পিয়ন হয়।১২ তৃতীয়খন প্ৰতিযোগিতা অনুষ্ঠিত হয় ২০১০চনত (৩০এপ্ৰিলৰ পৰা ১৬ মে’লৈ) ৱেষ্ট ইণ্ডিজত। ইংলেণ্ড দলে কিংগষ্টন অ’ভেলত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অষ্ট্ৰেলিয়াক সাত ৱিকেটত পৰাস্ত কৰি আই চি চি বিশ্ব টুৱেণ্টি২০ৰ তৃতীয় চেম্পিয়ন হয়। ইংলেণ্ড দলে দখল কৰা এইটো আছিল প্ৰথম আই চি চিৰ কোনো প্ৰতিযোগিতাৰ খিতাপ। ২০১২ত অনুষ্ঠিত চতুৰ্থখন আই চি চি বিশ্ব টুৱেণ্টি২০ত ৱেষ্ট ইণ্ডিজে ঘৰুৱা দল শ্ৰী লংকাক পৰাস্ত কৰি চেম্পিয়ন হয়। পঞ্চমখন প্ৰতিযোগিতাত বাংলাদেশে আয়োজন কৰা আইচিচি ৱৰ্ল্ড টি-২০ত ভাৰতক পৰাস্ত কৰি শ্ৰীলংকাই জয়লাভ কৰে, শ্ৰীলংকাই তিনিখন ফাইনেলত খেলা প্ৰথমটো দল।

প্ৰকাৰ

নিয়মাৱলী

প্ৰথম পৰ্যায় আৰু চুপাৰ এইট (আঠ) পৰ্যায়ত প্ৰতিযোগিতাখনত তলত দিয়াৰ দৰে দলসমূহে নম্বৰ অৰ্জন কৰে,

ফলাফলনম্বৰ
জয়২ নম্বৰ
অমীমাংসিত১ নম্বৰ
পৰাজয়০ নম্বৰ

যদি কোনো এখন খেল টাই (খেলৰ শেষত দুয়োদলৰ ৰাণসংখ্যা সমান) হয় তেনেহ’লে তেনে খেলৰ পৰিণাম নিৰ্ণয় কৰিবৰ বাবে দুয়োটা দলকে একোটাকৈ 'চুপাৰ অ’ভাৰ' খেলিবলৈ দিয়া হয় চুপাৰ অ’ভাৰত বেছি ৰাণ সংগ্ৰহ কৰা দলক বিজয়ী ঘোষণা কৰা হয়। চুপাৰ অ’ভাৰতো দুয়ো দলৰ ৰাণ সমান হ’লে গোটেই খেলখনত সৰ্বাধিক সংখ্যাক ছয় কোবোৱা দলক বিজয়ী ঘোষণা কৰা হয়। এই নিয়ম প্ৰথম ২০০৯ চনৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে, অৱশ্যে ২০০৭ চনৰ প্ৰতিযোগিতাত টাইৰ পাছত বিজয়ী নিৰ্বাচন কৰিবলৈ বল-আউট নামৰ অন্য এক পদ্ধতি ব্যৱহাৰ কৰা হৈছিল।৩

প্ৰথম পৰ্যায় আৰু চুপাৰ আঠ (Super Eight) পৰ্যায়ত দলসমূহত কিছুমান গোটত বিভক্ত কৰা হয়, এটা গোটৰ দলসমূহক তলত দিয়া সমূহৰ ভিত্তিত স্থান দিয়া হয়।৪

  1. লাভ কৰা মুঠ পইণ্ট
  2. যদি ২খন দেশৰ পইণ্ট সমান তেনেহ’লে মুঠ বিজয়ৰ সংখ্যা
  3. যদি মুঠ বিজয়ৰ সংখ্যাও সমান তেনেহ’লে মুঠ ৰাণ সংগ্ৰহৰ হাৰ (net run rate)
  4. যদি ৰাণ সংগ্ৰহৰ হাৰো সমান হয়, তেনেহ’লে বলিং ষ্ট্ৰাইক ৰেট (নিম্নতম)
  5. তাৰ পাছতো সমান হ’লে দুয়ো দলৰ পূৰ্বৰ মুখামুখি প্ৰতিদ্বন্দ্ব্বিতাত ভাল ফল দেখুওৱা দলক অগ্ৰাধিকাৰ দিয়া হয়
  6. তাৰ পাছতো সমান হ’লে দুয়ো দলকে এক এক প‍ইণ্ট দিয়া হয়

যোগ্যতা

সকলো টেষ্ট ক্ৰিকেট খেলা দলে স্বয়ংক্ৰিয় ভাবে আই চি চি বিশ্ব টুৱেণ্টি২০লৈ যোগ্যতা অৰ্জন কৰে, বাকী সমূহ দলক আই চি চিৰ আন সদস্য সমূহৰ মাজৰ এলানি প্ৰতিযোগিতাৰ পৰা নিৰ্বাচন কৰা হয়। ২০০৭ চনৰ বাবে আন সমূহ দলৰ নিৰ্বাচন টেষ্ট ক্ৰিকেট নেখেলা দেশসমূহৰ মাজত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ক্ৰিকেট লীগ নামৰ প্ৰতিযোগিতাৰ পৰা নিৰ্বাচন কৰা হৈছিল। আই চি চিৰ ৱৰ্ল্ড ক্ৰিকেট লিগ ডিভিজন ৱানৰ ফাইনেলিষ্ট কেনিয়া আৰু স্ক’টলেণ্ড এই প্ৰতিযোগিতালৈ যোগ্যাতা অৰ্জন কৰিছিল। ২০০৯ চনৰ পাছৰ প্ৰতিযোগিতা সমূহত আই চি চি বিশ্ব টুৱেণ্টি২০ কোৱালিফায়াৰৰ যোগেদি আই চি চি বিশ্ব টুৱেণ্টি২০লৈ টেষ্ট নেখেলা আন দল সমূহৰ নিৰ্বাচন হৈ আহিছে। এই পদ্ধতিৰ দ্বাৰা আফগানিস্তানে ২ বাৰ (২০১০ আৰু ২০১২), আয়াৰলেণ্ডে তিনিবাৰ (২০০৯, ২০১০ আৰু ২০১২) নেডাৰলেণ্ড (২০০৯) আৰু স্ক’টলেণ্ডে (২০০৯) এবাৰকৈ যোগেদি বিশ্ব টুৱেণ্টি২০ খেলাৰ যোগ্যতা অৰ্জন কৰিছে।

আয়োজক সমূহ

আয়োজন কৰিব বিচৰা দেশসমূহে আবেদন কৰাৰ পাচত আই চি চিৰ কাৰ্যকৰী সমিতিৰ সদস্যসকলৰ ভোটৰ জৰিয়তে আয়োজক দেশক নিৰ্বাচন কৰা হয়। ২০০৭ চনত দক্ষিণ আফ্ৰিকাই আয়োজন কৰাৰ পাচত ২০০৯, ২০১০ আৰু ২০১২ চনত ক্ৰমে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাই আই চি চি বিশ্ব টুৱেণ্টি২০ আয়োজন কৰে। দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডত পোন প্ৰথমে ক্ৰিকেটৰ এই বিশেষ ধৰণৰ খেলবিধৰ প্ৰচলন হোৱাৰ বাবে আই চি চিয়ে প্ৰথমে এই দুখন দেশক প্ৰথ্ম দুখন বিশ্ব টুৱেণ্টি২০ৰ আয়োজক হিচাপে নিৰ্বাচিত কৰে৫। বাংলাদেশ আৰু ভাৰতে ক্ৰমে ২০১৪ আৰু ২০১৬ৰ আই চি চি বিশ্ব টুৱেণ্টি২০ আয়োজন কৰিব।৬

ফলাফলসমূহ

পুৰুষ

বৰ্ষআয়োজক দেশ(সমূহ)চূড়ান্ত খেলৰ স্থানচূড়ান্ত খেল
বিজয়ীফলাফলবিজেতা (ৰাণাৰ্চ আপ)
২০০৭ বিতংদক্ষিণ আফ্ৰিকাৱান্দাৰেৰচ ষ্টেডিয়াম, জোহান্সবাৰ্গ১৫৭/৫ (২০ অভাৰ)ভাৰত ৫ ৰাণত বিজয়ী স্ক’ৰ তালিকা১৫২ (১৯.৩ অ’ভাৰ)
২০০৯ বিতংইংলেণ্ডলৰ্ডচ, লণ্ডন১৩৯/২ (১৮.৪ অ’ভাৰ)পাকিস্তান ৮ ৱিকেটত বিজয়ী স্ক’ৰ তালিকা১৩৮/৬ (২০ অ;ভাৰ)
২০১০ বিতংৱেষ্ট ইণ্ডিজকিংগচষ্ট’ন অভেল, বাৰাবাড’চ১৪৮/৩ (১৭ অভাৰ)ইংলেণ্ড ৭ ৱিকেটত বিজয়ী স্ক’ৰ তালিকা১৪৭/৬ (২০ অভাৰ)
২০১২ বিতংশ্ৰীলংকাআৰ. প্ৰেমদাসা ষ্টেডিয়াম, কলম্বো১৩৭/৬ (২০ অভাৰ)ৱেষ্ট ইণ্ডিজ ৩৬ ৰাণত বিজয়ী স্ক’ৰ তালিকা১০১/১০ (১৮.৪ অভাৰ)
২০১৪ বিতংবাংলাদেশশ্বেৰ-ই-বঙালী ক্ৰিকেট ষ্টেডিয়াম, ঢাকা১৩৪/৪ (১৭.৫ অ’ভাৰ)শ্ৰী লংকা ৬ ৱিকেটত বিজয়ী১৩০/৪ (২০ অ’ভাৰ)16
2016Indiaইডেন গাৰ্ডেন ষ্টেডিয়াম, Kolkata161/6 (19.4 overs)155/9 (20 overs)4 wickets Scorecard16
2021UAE, OmanDubai International Stadium173/2 (18.5 overs)172/4 (20 overs)8 wickets Scorecard16
2022AustraliaMelbourne Cricket Ground138/5 (19 overs)137/8 (20 overs)5 wickets Scorecard16

মহিলা

বৰ্ষআয়োজক দেশ(সমূহ)চূড়ান্ত খেলৰ স্থানচূড়ান্ত খেল
বিজয়ীফলাফলবিজেতা (ৰাণাৰ্চ আপ)
২০০৯ বিতংইংলেণ্ডলৰ্ডচ, লণ্ডন৮৬/৪ (১৭ অ’ভাৰ)ইংলেণ্ড ৬ ৱিকেটত বিজয়ী৮৫ (২০ অ’ভাৰ)
২০১০ বিতংৱেষ্ট ইণ্ডিজকিংগচষ্ট’ন অ’ভেল, বাৰাবাড’চ১০৬/৮ (২০ অ’ভাৰ)অষ্ট্ৰেলিয়া ৩ ৰাণত বিজয়ী১০৩/৬ (২০ অ’ভাৰ)
২০১২ বিতংশ্ৰীলংকাআৰ. প্ৰেমদাসা ষ্টেডিয়াম, কলম্বো১৪২/৪ (২০ অ’ভাৰ)অষ্ট্ৰেলিয়া ৪ ৰাণত বিজয়ী১৩৮/৯ (২০ অ’ভাৰ)

Overview

পুৰুষ

দলপ্ৰতিদ্বন্দ্ব্বিতাসৰ্বশ্ৰেষ্ঠ ফলাফলপৰিসংখ্যা
মুঠপ্ৰথম বাৰশেষ বাৰমুঠ খেলজয়পৰাজয়টাইঅমীমাংসিতজয়%
৪২০০৭২০১২চেম্পিয়ন (২০০৭)২২১২৮১(১)১৫৬.৮২
৪২০০৭২০১২চেম্পিয়ন (২০০৯)২৬১৬৯১(০)০৬৩.৪৬
৪২০০৭২০১২চেম্পিয়ন (২০১০)২২১০১১০১৪৫.৪৫
৪২০০৭২০১২চেম্পিয়ন (২০১২)২০৯৯১(১)১৪৭.৫০
৪২০০৭২০১২ৰাণাৰ্চ-আপ (২০১২,২০০৯)২৫১৬৮১(১)০৬৬.০০
৪২০০৭২০১২ৰাণাৰ্চ-আপ (২০১০)২১১৩৮০০৬১.৯০
৪২০০৭২০১২চেমি-ফাইনেল (২০০৯)২১১৩৮০০৬১.৯০
৪২০০৭২০১২চেমি-ফাইনেল (২০০৭)২১৯১০২(০)০৪৭.৬২
৩২০০৯২০১২চুপাৰ এইট (২০০৯)৯১৬০১১১.১১
৪২০০৭২০১২চুপাৰ এইট (২০০৭)১১১১০০০৯.০৯
১২০০৯২০০৯প্ৰথম ৰাউণ্ড২১১০০৫০.০০
৩২০০৭২০১২প্ৰথম ৰাউণ্ড৬১৫০০১৬.৫৫
২২০০৭২০০৯প্ৰথম ৰাউণ্ড৪০৩০১০.০০
২২০১০২০১২প্ৰথম ৰাউণ্ড৪০৪০০০.০০
১২০০৭২০০৭প্ৰথম ৰাউণ্ড২০২০০০.০০

মহিলা

দলপ্ৰতিদ্বন্দ্ব্বিতাসৰ্বশ্ৰেষ্ঠ ফলাফলপৰিসংখ্যা
মুঠপ্ৰথম বাৰশেষ বাৰমুঠ খেলজয়পৰাজয়টাইঅমীমাংসিতজয়%
৩২০০৯২০১২চেম্পিয়ন (২০১০,২০১২)৯৭২০০৭৭.৭৭
৩২০০৯২০১২চেম্পিয়ন (২০০৯)৮৬২০০৬৬.৬৬
৩২০০৯২০১২ৰাণাৰ্চ আপ (২০০৯, ২০১০)১০৮২০০৮০.০০
৩২০০৯২০১২ছেমি ফাইনেল (২০০৯, ২০১০)৮৪৪০০৫০.০০
৩২০০৯২০১২ছেমি ফাইনেল (২০১০,২০১২)৭৩৪০০৪২.৮৫
৩২০০৯২০১২গ্ৰুপ প্ৰৰ্যায়৭২৫০০২৮.৫৭
৩২০০৯২০১২গ্ৰুপ প্ৰৰ্যায়৭১৬০০১৪.২৯
৩২০০৯২০১২গ্ৰুপ প্ৰৰ্যায়৯১৮০০১১.১১

দলীয় প্ৰদৰ্শন

আই চি চি বিশ্ব টুৱেণ্টি২০ত সকলোৰে দলীয় প্ৰদৰ্শনৰ ভিত্তিত তলৰ তালিকাখন প্ৰস্তুত কৰা হৈছে।

পুৰুষ

দল২০০৭২০০৯২০১০২০১২২০১৪
FW |style="background:yellow;"|SF | style="background:yellow;"|SF |- |style="text-align:left;"| |bgcolor=lime|WS8S8S8F
S8FSFFW |- |style="text-align:left;"| |style="background:#ffebcd;"|S8 |style="background:#ffebcd;"|S8 |bgcolor=lime|WS8
GSSFS8'''W
SFGSFSF
SFS8S8S8
S8SFS8S8
S8GSGSGS
GSGSGS
S8GSGS
GSGS
GSGS
GS
GS

মহিলা

দল২০০৯২০১০২০১২২০১৪
SFW |bgcolor=lime|W
'''WGSF
SFSFGS
GSGSGS
GSGSGS
FFSF
GSGSGS
GSSFSF
  • W = বিজয়ী; F = চূড়ান্ত খেল; SF = চেমি-ফাইনেল; S8 = চুপাৰ এইট; GS = গ্ৰুপ ষ্টেজ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Miller, Andrew. (4 June 2009). Bringing the monster back home. CricInfo. ESPN
  2. ↑ Ahmed, Waqas. (4 June 2012). Malinga Hattrick. T20Cric. Waqas
  3. ↑ Playing conditions, আই চি চি বিশ্ব টুৱেণ্টি২০, সংগ্ৰহ ১২ চেপ্তেম্বৰ ২০০৮
  4. ↑ Final WorldTwenty20 Playing conditions, আই চি চি বিশ্ব টুৱেণ্টি২০, সংগ্ৰহ ১২ ছেপ্তেম্বৰ ২০০৮
  5. ↑ ICC events. Cricinfo
  6. ↑ Bangladesh to host World Twenty20 2014 Cricinfo, সংগ্ৰহ জুলাই ১, ২০১০

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ” প্ৰবন্ধৰ সংশোধন ৬১৭৬৫৭ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।