অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

অইল ইণ্ডিয়া এফ চি

অইল ইণ্ডিয়া ফুটবল ক্লাব অসমৰ দুলীয়াজানস্থিত এক আগশাৰীৰ প্ৰখ্যাত ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।অইল ইণ্ডিয়া এফ চিয়ে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ.

হালনাগাদ: ২৭ নৱেম্বৰ ২০২৪ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অইল ইণ্ডিয়া ফুটবল ক্লাব অসমৰ দুলীয়াজানস্থিত এক আগশাৰীৰ প্ৰখ্যাত ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।১অইল ইণ্ডিয়া এফ চিয়ে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ. শ্বিল্ড, স্বাধীনতা দিৱস কাপ, বদৌচা কাপ ইত্যাদি অসমৰ বৃহৎ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰে। পূৰ্বতে ক্লাবটোৱে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আই-লীগ দ্বিতীয় ডিভিজন আৰু ৰাজ্যৰ প্ৰথম ডিভিজন অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিছিল। ২

ইতিহাস

অইল ইণ্ডিয়া এফ চি ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে উজনি অসমৰ দুলীয়াজানত গঠন কৰে। এই ফুটবল ক্লাবে আই-লীগ দ্বিতীয় ডিভিজন, পূৰ্বৰ ভাৰতীয় ফুটবল প্ৰণালীৰ দ্বিতীয় স্তৰ প্ৰতিযোগিতাৰ প্ৰথম তিনিটা সংস্কৰণত অংশগ্ৰহণ কৰিছিল।৩ ক্লাবটোক অসম তথা উত্তৰ-পূবৰ ভিতৰতে শীৰ্ষ পৰ্যায়ৰ ক্লাব হিচাপে বিবেচিত কৰা হয়।১

খেলপথাৰ

দুলীয়াজানৰ ১০,০০০ দৰ্শকৰ ক্ষমতা সম্পন্ন নেহৰু ময়দানক অইল ইণ্ডিয়া এফ চিয়ে নিজৰ ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে।

লীগ

অইল ইণ্ডিয়া এফ চিয়ে আই-লীগ দ্বিতীয় ডিভিজনৰ প্ৰথম তিনিটা সংস্কৰণত অংশগ্ৰহণ কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হোৱাত ব্যৰ্থ হয়। ক্লাবটোৱে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ২০১১-১২ সংস্কৰণৰ খিতাপ অৰ্জন কৰিছিল। ক্লাবটো অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপৰ বৰ্তমানৰ চেম্পিয়ন।১

খেলুৱৈ আৰু ষ্টাফ

সফলতা সমূহ

লীগ

  • অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী (১): ২০১১-১২ ৰাণাৰ্ছ আপ: (২): ২০০৮-০৯, ২০১০-১১

  • অসম ক্লাব চেম্পিয়নশ্বিপ
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী: ২০০২, ২০০৩, ২০০৭৪ ৰাণাৰ্ছ আপ (৩): ১৯৯৭, ২০০৪, ২০০৬

কাপ

Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী: (৪) ১৯৯০, ২০০৮, ২০১২, ২০১৯, ২০২৩৫ ৰাণাৰ্ছ আপ: (৪) ১৯৭৯, ২০০৩, ২০১৮, ২০২১

  • এ.টি.পি.এ. শ্বিল্ড
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী: (৬)৬ ১৯৯৮, ১৯৯৯, ২০০৩, ২০০৪, ২০১৬, ২০১৭ ৰাণাৰ্ছ আপ: (৩) ২০০০, ২০০৭, ২০২২

  • স্বাধীনতা দিৱস কাপ
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী (৮)৭ ১৯৭৬, ১৯৭৭, ১৯৯৪, ২০০৪, ২০০৫, ২০১৬, ২০২২, ২০২৩৮ ৰাণাৰ্ছ আপ: (৬) ১৯৭৯, ১৯৯০, ২০০২, ২০০৩, ২০০৮-০৯, ২০১৩

  • বদৌচা কাপ
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী: (৩): ২০১০, ২০১৫, ২০২০৯১০

  • কলিংগ কাপ ফুটবল প্ৰতিযোগিতা
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী: ২০০৬

  • পেট্ৰ'লিয়াম স্প'ৰ্টছ প্ৰমোচন ব'ৰ্ড ইণ্টাৰ ইউনিট ফুটবল প্ৰতিযোগিতা
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী: ২০০৬

  • বড়োলেণ্ড মাৰ্টায়াৰ্চ গ'ল্ড কাপ

ৰাণাৰ্ছ আপ: ২০১৮

  • বড়োলেণ্ড গেলেণ্টছ গ'ল্ড কাপ

বিজয়ী: ২০১৭১১

  • অম্বা মেধি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা

বিজয়ী (১): ২০০১১২ ৰাণাৰ্ছ আপ: (১) ২০০৮

  • স্বৰ্গদেও সৰ্বানন্দ সিংহ সোঁৱৰণী ট্ৰফী

বিজয়ী:২০১০১৩, ২০২১

  • নৰোৰাম বৰ্মন সোঁৱৰণী ট্ৰফী

বিজয়ী: ২০১৮১৪, ২০২২১৫

পৃষ্ঠপোষক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ All India Football Federation
  2. ↑ Assam State Premier League. www.forum.indianfootballnetwork.com
  3. ↑ The Aiff::::
  4. ↑ List of Winners/Runners-Up of the Assam Club Football Championship:. indianfootball.de
  5. ↑ (5 April 2023). OIL wins Bordoloi Trophy football tournament. thenewsmill.com
  6. ↑ List of Winners/Runners-up of the ATPA Shield. indianfootball.de
  7. ↑ List of Winners/Runners-up of the Independence Day Cup. indianfootball.de
  8. ↑ স্বাধীনতা দিৱস কাপ ফুটবলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক হৰুৱাই অ’ইল ইণ্ডিয়া এফ চি চেম্পিয়ন. asomiyapratidin.in
  9. ↑ Oil India FC clinch Bodousa Cup. assamtribune.com
  10. ↑ Oil India Duliajan emerge champs. telegraphindia.com
  11. ↑ Oil India FC lift Bodoland Gallants Gold Cup trophy. sentinelassam.com
  12. ↑ List of Winners/Runners-Up of the Amba Medhi Cup:. indianfootball.de
  13. ↑ Oil India emerge champions. assamtribune.com
  14. ↑ OIL NEWS. oil-india.com
  15. ↑ Naroram Barman Football Tournament: দুবছৰৰ মূৰত নৰোৰাম বৰ্মন সোঁৱৰণী প্ৰাইজমানী ফুটবল খেলৰ ফাইনেল, চেম্পিয়ন অইল ইণ্ডিয়া দুলীয়াজান. assam.news18.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰীড়া সংঘভাৰতৰ ফুটবল ক্লাব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অইল ইণ্ডিয়া এফ চি” প্ৰবন্ধৰ সংশোধন ৪৪৮৮৯৫ (২৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।