অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

বাংলাদেশ ৰাষ্ট্ৰীয় ফুটবল দল

বাংলাদেশ ৰাষ্ট্ৰীয় ফুটবল দল হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবলত বাংলাদেশক প্ৰতিনিধিত্ব কৰা পুৰুষৰ জাতীয় দল, যাৰ কাৰ্য্যকলাপ বাংলাদেশৰ ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থা বাংলাদেশ ফুটবল ফেডাৰেচনৰ দ্বাৰা পৰিচালিত হয়।

হালনাগাদ: ১৬ জানুৱাৰী ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

বাংলাদেশ ৰাষ্ট্ৰীয় ফুটবল দল হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবলত বাংলাদেশক প্ৰতিনিধিত্ব কৰা পুৰুষৰ জাতীয় দল, যাৰ কাৰ্য্যকলাপ বাংলাদেশৰ ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থা বাংলাদেশ ফুটবল ফেডাৰেচনৰ দ্বাৰা পৰিচালিত হয়। ১৯৭৬ চনৰ পৰা ফুটবলৰ শাসকীয় সংস্থা ফিফাৰ সদস্য আৰু ১৯৭৪ চনৰ পৰা ইয়াৰ আঞ্চলিক সংস্থা এছিয়ান ফুটবল কনফেডাৰেচনৰ সদস্য। ১৯৭৩ চনৰ ২৬ জুলাইত বাংলাদেশে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰে; মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত বাংলাদেশ আৰু থাইলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা খেলখন ২-২ গ’লত ড্ৰ’ত সমাপ্ত হয়।

বেংগল টাইগাৰছ নামেৰে পৰিচিত এই দলটোৱে ঘৰুৱা সকলো খেল ৩৬,০০০জন ক্ষমতাসম্পন্ন বংগবন্ধু ৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলে। এই দলৰ মুখ্য কাৰ্যালয় বাংলাদেশৰ ৰাজধানী ঢাকাৰ মতিঝীলৰ বঙাবন্ধু ৰাষ্ট্ৰীয় খেলপথাৰৰ সমীপত বি এফ এফ ভৱনত অৱস্থিত। বৰ্তমান এই দলৰ মেনেজাৰ জেভিয়াৰ কাব্ৰেৰা আৰু অধিনায়ক হিচাপে কলকাতা মহম্মদেন্সৰ মিডফিল্ডাৰ জামাল ভূঞা।

বাংলাদেশে এতিয়ালৈকে ফিফা বিশ্বকাপত কেতিয়াও অংশ লোৱা নাই। আনহাতে বাংলাদেশে এতিয়ালৈকে এ এফ চি এছিয়ান কাপত ১ বাৰহে অংশ লৈছে, য’ত তেওঁলোকে কেৱল গ্ৰুপ পৰ্যায়তহে অংশ লৈছে। তদুপৰি, বাংলাদেশে এতিয়ালৈকে ৫ বাৰ এছিয়ান গেমছত অংশগ্ৰহণ কৰিছে, য'ত সৰ্বোত্তম কৃতিত্ব হৈছে ২০১৮ চনৰ এছিয়ান গেমছত ১৬ ৰাউণ্ডত প্ৰৱেশ কৰা, য'ত তেওঁলোকে উত্তৰ কোৰিয়াৰ হাতত ৩–১ গ'লত পৰাস্ত হৈছিল। বাংলাদেশ চাফ চেম্পিয়নশ্বিপ ৰ ইতিহাসৰ অন্যতম সফল দল, যিয়ে এতিয়ালৈকে ১ বাৰ ( ২০০৩ ) জয়লাভ কৰিছে।

জাহিদ হাছান এমিলি, মামুনুল ইছলাম, কাজী চালাহুদ্দিন, জামাল ভূঞা আৰু আশ্ৰাফ উদ্দিন আহমেদৰ দৰে খেলুৱৈয়ে বাংলাদেশৰ জাৰ্চি পিন্ধি খেলপথাৰ জোকাৰিলে।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলাদেশ ৰাষ্ট্ৰীয় ফুটবল দল” প্ৰবন্ধৰ সংশোধন ৪৬৪৩৫৪ (১৬ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।