উৱেফা চেম্পিয়ন্ছ লীগ (UEFA Champions League, চমুকৈ চেম্পিয়ন্ছ লীগ, পূৰ্বৰ নাম ইউৰোপীয়ান চেম্পিয়ন ক্লাবছ্ কাপ বা ইউৰোপীয়ান কাপ) হৈছে ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছে (UEFA) ১৯৫৫ চনৰপৰা ইউৰোপৰ শীৰ্ষস্থানীয় ফুটবল ক্লাবসমূহৰ মাজত আয়োজন কৰি অহা এক বাৰ্ষিক মহাদেশীয় ক্লাব ফুটবল প্ৰতিযোগিতা।১ ই ইউৰোপৰ ফুটবলৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতা হোৱাৰ লগতে পৃথিৱীৰ সবাতোকৈ সন্মানীয় ক্ৰীড়া প্ৰতিযাগিতাসমূহৰ ভিতৰৰে এক। ২০১১ চনৰ উৱেফা চেম্পিয়ন্ছ লীগৰ ফাইনেল খেলখন এই প্ৰতিযোগিতাৰ ইতিহাসৰ সবাতোকৈ বেছিসংখ্যক দৰ্শকে উপভোগ কৰা ফাইনেল হোৱাৰ লগতে বিশ্বৰ ভিতৰতে সেই বৰ্ষৰ সবাতোকৈ বেছিসংখ্যক দৰ্শকে উপভোগ কৰা খেল। দূৰদৰ্শনত মুঠ ১৭৮.৭ নিযুত দৰ্শকে এই ফাইনেল খেলখন উপভোগ কৰিছিল।২
১৯৯২ চনৰ আগতে, এই প্ৰতিযোগিতাখনৰ অফিচিয়েল নাম আছিল 'ইউৰোপীয়ান চেম্পিয়ন ক্লাবছ কাপ' আৰু চমুকৈ 'ইউৰোপীয়ান কাপ' বুলি কোৱা হৈছিল।১ প্ৰথমাৱস্থাত ই এক পোনপটীয়া নকআউট প্ৰতিযোগিতা আছিল য'ত মাত্ৰ প্ৰতিখন দেশৰ বিজয়ী ক্লাবকেইটাইহে অংশগ্ৰহণ কৰিছিল।১ ১৯৯০-ৰ দশকত প্ৰতিযোগিতাখনৰ বিস্তাৰ হৈ অধিক দলক অন্তৰ্ভুক্ত কৰি এক ৰাউণ্ড-ৰবিন গ্ৰুপ পৰ্যায় সন্নিবিষ্ট কৰা হ'ল।১ বৰ্তমান ইউৰোপৰ শক্তিশালী জাতীয় লীগসমূহৰ প্ৰত্যেকৰপৰা সৰ্বাধিক চাৰিটালৈকে ক্লাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।৩
প্ৰতিযোগিতাখনৰ বহুকেইটা পৰ্যায় আছে।৪ বৰ্তমানৰ ধৰণ মতে, জুলাইৰ মধ্যভাগত তিনিটা নকআউট কোৱালিফায়িং ৰাউণ্ড আৰু এটা প্লে'-অফ ৰাউণ্ডেৰে এই প্ৰতিযোগিতা আৰম্ভ হয়।৪ এইকেইটা ৰাউণ্ডৰপৰা ১০টা যোগ্যতা অৰ্জনকাৰী ক্লাবে ২২টা শীৰ্ষস্থানৰ (seeded) ক্লাবৰ সৈতে গ্ৰুপ পৰ্যায়ত লগ লাগে, য'ত ক্লাবসমূহক প্ৰতিটো গ্ৰুপত চাৰিটাকৈ মুঠ আঠটা গ্ৰুপত বিভক্ত কৰা হয়।৪ গ্ৰুপ পৰ্যায়ৰ বিজয়ী আঠটা ক্লাব আৰু ৰাণাৰ্ছ-আপ আঠটা ক্লাব অন্তিম নকআউট পৰ্যায়লৈ উন্নীত হয়, আৰু মে' মাহত ফাইনেল খেলেৰে এই প্ৰতিযোগিতাৰ সামৰণি পৰে।৪ উৱেফা চেম্পিয়ন্ছ লীগৰ বিজয়ী ক্লাবটোৱে উৱেফা ছুপাৰ কাপ আৰু ফিফা ক্লাব ৱৰ্ল্ড কাপলৈ যোগ্যতা অৰ্জন কৰে।৫৬
ৰিয়েল মাদ্ৰিদে প্ৰথম পাঁচবাৰকে ধৰি মুঠ তেৰবাৰ খিতাপ জয় কৰি এই প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল ক্লাবৰূপে চিহ্নিত হৈছে।৭ মুঠ ১৩ বাৰ বিজয়ী হৈ স্পেনিছ ক্লাবসমূহে এই প্ৰতিযোগিতাত সৰ্বাধিক খিতাপ দখল কৰিছে।৭ ২২টা বিভিন্ন ক্লাবে এই প্ৰতিযোগিতাৰ বিজয়ীৰ সন্মান লাভ কৰিছে আৰু ১২টা ক্লাবে একাধিকবাৰ এই সন্মান লাভ কৰিছে।৭ ১৯৯২ চনত প্ৰতিযোগিতাখনৰ নাম আৰু ধৰণ সলনি কৰি দিয়াৰ পাছত কোনো এটা ক্লাবেই একেলেথাৰিয়ে বিজয়ীৰ খিতাপ লাভ কৰিব পৰা নাই। ১৯৯০ চনত শেষবাৰৰ কাৰণে এ. চি. মিলানে ডিফেণ্ডিং চেম্পিয়ন হৈ পুনৰ সেইবাৰ বিজয়ী হৈছিল।৮
ইতিহাস
অষ্ট্ৰ'-হাংগেৰীয়ান সাম্ৰাজ্যৰ ক্লাবসমূহৰ মাজত অনুষ্ঠিত হোৱা চেলেঞ্জ কাপ আছিল প্ৰথম পেন-ইউৰোপীয়ান ফুটবল প্ৰতিযোগিতা।৯ চেলেঞ্জ কাপৰ অনুকৰণত ১৯২৭ চনত জেইদ এদিল্বিয়ে মিট্ৰ'পা কাপ নামৰ এক প্ৰতিযোগিতাৰ সৃষ্টি কৰে য'ত মধ্য-ইউৰোপীয় ক্লাবসমূহে অংশগ্ৰহণ কৰে।১০ ১৯৩০ চনত ইউৰোপৰ ৰাষ্ট্ৰীয় চেম্পিয়নসমূহৰ কাৰণে প্ৰথমবাৰৰ বাবে কূপ দ্য নেচন্ছ (Nations Cup) নামেৰে এক প্ৰতিযোগিতাৰ আয়োজন কৰে ছুইজাৰলেণ্ডৰ ক্লাব ছাৰ্ৱেট্টিয়ে।১১ জেনেভাত অনুষ্ঠিত এই প্ৰতিযোগিতাত ইউৰোপৰ দহটা ৰাষ্ট্ৰীয় চেম্পিয়ন ক্লাবে অংশগ্ৰহণ কৰে। হাংগেৰীৰ উজ্পেষ্টে এই প্ৰতিযোগিতাত বিজয়ীৰ সন্মান অৰ্জন কৰে।১১ দক্ষিণ ইউৰোপীয় দেশসমূহে ১৯৪৯ চনত লেটিন কাপৰ সৃষ্টি কৰে।১২ ১৯৪৮ চনত L'Équipe-ৰ সম্পাদক গেব্ৰিয়েল হেন’টে নিজৰ সাংবাদিকসকলৰ প্ৰতিবেদনৰপৰা কেম্পিয়’নেট’ ছুডামেৰিকান’ দ্য কেম্পিয়’নিছ (Campeonato Sudamericano de Campeones/ South American Championship of Champions) প্ৰতিযোগিতাৰ বৃহৎ সাফল্যৰ কথা গম পাই এখন সম্পূৰ্ণ মহাদেশজোৰা প্ৰতিযোগিতা সৃষ্টিৰ প্ৰস্তাৱ আগবঢ়ায়।১৩ ১৯৫০ৰ দশকত লাভ কৰা সাফল্যৰ ওপৰত ভিত্তি কৰি ইংলেণ্ডৰ সংবাদ মাধ্যমে ঊলৱাৰহেম্পটন ৱাণ্ডাৰাৰ্ছ (Wolverhampton Wanderers) দলক বিশ্ব-চেম্পিয়ন আখ্যা দিয়াৰ পাছত হেন’টে অৱশেষত উৱেফাক এনে এখন প্ৰতিযোগিতাৰ কাৰণে পতিয়ন নিয়াবলৈ সমৰ্থ হয়।১ ১৯৫৫ চনত পেৰিছত ইউৰোপীয়ান চেম্পিয়ন ক্লাব্ছ কাপ আৰম্ভ হয়।১
১৯৫৫–১৯৬৫: আৰম্ভণি
ইউৰোপীয়ান কাপৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হয় ১৯৫৫-৫৬ চনত।১৪১৫ ইয়াত ১৬টা দলে অংশগ্ৰহণ কৰে: মিলান (ইটালী), এ জি এফ আৰ্হাছ (ডেনমাৰ্ক), এণ্ডাৰলেক্ট (বেলজিয়াম), জুৰগাৰ্ডেন (ছুইডেন), গোৱাৰডিয়া ৱাৰ্ছজাৱা (পোলেণ্ড), হাইবাৰ্ণিয়ান (স্কটলেণ্ড), পাৰ্টিজান (যুগোশ্লাভিয়া), পি এছ ভি (নেদাৰলেণ্ড), ৰেপিড ৱাইন (অষ্ট্ৰিয়া), ৰিয়েল মাদ্ৰিদ (স্পেইন), ৰট-ৱেইছ ইছেন (পশ্চিম জাৰ্মানী), ছাৰব্ৰাকেন (ছাৰ), ছাৰ্ৱেট্টি (ছুইজাৰলেণ্ড), স্প’ৰ্টিং চি পি (পৰ্তুগাল), ষ্টে’ড দ্য ৰেইম্ছ (ফ্ৰান্স) আৰু ৱ’ৰ’ছ ল’ব’গ’ (হাংগেৰী)। ১৪১৫ ১৯৫৫ চনৰ ৪ ছেপ্তেম্বৰ তাৰিখে স্প’ৰ্টিং চি পি আৰু পাৰ্টিজান দলৰ মাজত অনুষ্ঠিত ইউৰোপীয়ান কাপৰ প্ৰথমখন খেল ৩-৩ গ’লত অমীমাংসিত হৈ ৰয়।১৪১৫ ইউৰোপীয়ান কাপৰ ইতিহাসৰ প্ৰথমটো গ’ল দিয়ে স্প’ৰ্টিং চি পি দলৰ জোৱাও বেপ্টিষ্টা মাৰ্টিন্সে।১৪১৫ প্ৰথম বৰ্ষৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় পাৰ্ক দ্য প্ৰিন্সেছত ষ্টে’ড ৰেইম্ছ আৰু ৰিয়েল মাদ্ৰিদৰ মাজত।১৪১৫১৬ স্পেনিছ দল ৰিয়েল মাদ্ৰিদে প্ৰথমে পিছ পৰি ৰোৱাৰ পাছতো হেক্টৰ ৰিয়া (২ গ’ল), এলফ্ৰেড’ ডি ষ্টেফান’ আৰু মাৰ্কুইট’ছৰ গ’লৰ সহায়ত ৪-৩ ব্যৱধানত বিজয় সাব্যস্ত কৰে।১৪১৫১৬
দ্বিতীয় বৰ্ষতো ৰিয়েল মাদ্ৰিদে ঘৰুৱা ষ্টেডিয়াম ছেণ্টিয়াগ’ বাৰ্ণাবিউত ফিঅ’ৰেণ্টিনাৰ বিপক্ষে বিজয়ী হৈ তেওঁলোকৰ খিতাপ অক্ষুণ্ণ ৰাখে।১৭১৮ গ’লশূন্য প্ৰথম হাফৰ পাছত ৰিয়েল মাদ্ৰিদে ছয় মিনিটত দুটাকৈ গ’ল কৰি ইটালীয়ান দলটোক পৰাস্ত কৰে।১৭১৮১৬ ১৯৫৭-৫৮ চনত মিলানে দুবাৰকৈ ৰিয়েলতকৈ আগবাঢ়ি থকাৰ পাছতো ৰিয়েল মাদ্ৰিদে খেলখন ড্ৰ কৰিবলৈ সমৰ্থ হয়।১৯২০ হে’জেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেল খেলৰ অতিৰিক্ত সময়ত (এক্সট্ৰা টাইম) ফ্ৰেন্সিস্ক’ গেণ্ট’ই বিজয়ী গ’ল কৰাত ৰিয়েল মাদ্ৰিদে ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ এই প্ৰতিযোগিতাৰ বিজয়ীৰ সন্মান অৰ্জন কৰে।১৯২০১৬ চতুৰ্থ বৰ্ষৰ ফাইনেলত প্ৰথম বৰ্ষৰ ফাইনেলৰ পুনৰাবৃত্তি হয় আৰু ৰিয়েল মাদ্ৰিদে নেকাৰষ্টেডিয়নত ষ্টে’ড ৰেইমছক সহজে ২-০ ব্যৱধানত পৰাজিত কৰে।২১২২১৬ পশ্চিম জাৰ্মানীৰ ক্লাব এইণ্ট্ৰেক্ট ফ্ৰাংকফুৰ্ট ইউৰোপীয়ান কাপৰ ফাইনেলত উপনীত হোৱা প্ৰথম অ-লেটিন দল হিচাপে পৰিগণিত হয়।২৩২৪ ১৯৫৯-৬০ চনৰ ফাইনেলত হেম্পডেন পাৰ্কত ফেৰেংক পুস্কাছৰ চাৰি গ’ল আৰু এলফ্ৰেড’ ডি ষ্টেফান’ৰ হেট্ৰিকৰ সহায়ত ৰিয়েল মাদ্ৰিদে এইণ্ট্ৰেক্ট ফ্ৰাংকফুৰ্টক ৭-৩ ব্যৱধানত পৰাজিত কৰে।২৩২৪১৬ ই ৰিয়েল মাদ্ৰিদৰ একেৰাহে পঞ্চমটো বিজয় খিতাপ আছিল, আৰু এই অভিলেখ বৰ্তমানলৈকে অক্ষুণ্ণ হৈ আছে।৭
১৯৬০-৬১ বৰ্ষত বাৰ্চিলোনাৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাত ৰিয়েল মাদ্ৰিদৰ আধিপত্যৰ অন্ত পৰে।২৫২৬ অৱশ্যে বাৰ্চিলোনা নিজেও পৰ্তুগীজ দল বেনফিকাৰ হাতত ৱাংকড’ৰ্ফ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৩-২ ব্যৱধানত পৰাজয়বৰণ কৰে।২৫২৬২৭ ১৯৬১-৬২ বৰ্ষত আমষ্টাৰডামৰ অলিম্পিক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰিয়েল মাদ্ৰিদক ৫-৩ ব্যৱধানত পৰাজিত কৰি বেনফিকাই একেৰাহে দ্বিতীয়বাৰলৈ এই খিতাপ অৰ্জন কৰে।২৮২৯২৭ ১৯৬২-৬৩ বৰ্ষত বেনফিকাই পুনৰ ফাইনেলত প্ৰৱেশ কৰে যদিও ৱিম্বলী ষ্টেডিয়ামত জ’ছে আল্টাফিনিৰ ২ গ’লৰ সহায়ত মিলান বিজয়ী হয়।৩০৩১৩২ ১৯৬৩-৬৪ বৰ্ষৰ ফাইনেলত আৰ্ণ্ষ্ট-হেপেল-ষ্টেডিয়নত ইণ্টাৰনেজিঅ’নেলে ৰিয়েল মাদ্ৰিদক ৩-১ ব্যৱধানত পৰাজিত কৰে।৩৩৩৪৩৫ ১৯৬৪-৬৫ বৰ্ষৰ ফাইনেলত ইণ্টাৰনেজিঅ’নেলে ঘৰুৱা খেলপথাৰ ছেন ছিৰ’ত বেনফিকাক ১-০ ব্যৱধানত পৰাস্ত কৰাত এই খিতাপ একেৰাহে তৃতীয়বাৰলৈ মিলান চহৰতে থাকে।৩৬৩৭৩৮
বাহ্যিক সংযোগ
- RSSSF European Cups Archive
- European Cup History
- All time statistics with link to all results
- 50 years of the European Cup UEFA October 2004
তথ্যসূত্ৰ
- ↑ (31 January 2010). Football's premier club competition. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ tnershipwiththeuefachampionsleagueeuropesmostprestigiousclubfootballcompetition.htm Ford Extends 20-Year Partnership with the UEFA Champions League, Europe's Most Prestigious Club Football Competition
- ↑ (31 January 2010). Clubs. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Matches. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Club competition winners do battle. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). 1989/90 European Champions Clubs' Cup. Fédération Internationale de Football Association
- ↑ (31 January 2010). European Champions' Cup. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). 1989/90 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ García, Javier; Kutschera, Ambrosius; Schöggl, Hans. (2009). Austria/Habsburg Monarchy – Challenge Cup 1897–1911. Rec.Sport.Soccer Statistics Foundation
- ↑ Stokkermans, Karel. (2009). Mitropa Cup. Rec.Sport.Soccer Statistics Foundation
- ↑ Ceulemans, Bart; Michiel, Zandbelt. (2009). Coupe des Nations 1930. Rec.Sport.Soccer Statistics Foundation
- ↑ Stokkermans, Karel; Gorgazzi, Osvaldo José. (2006). Latin Cup. Rec.Sport.Soccer Statistics Foundation
- ↑ Primeira Libertadores – História (Globo Esporte 09/02/20.l.08). Youtube.com
- ↑ (31 January 2010). 1955/56 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). European Champions' Cup 1955–56 – Details. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). Trofeos de Fútbol. Real Madrid
- ↑ (31 January 2010). 1956/57 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Champions' Cup 1956–57. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). 1957/58 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Champions' Cup 1957–58. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). 1958/59 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Champions' Cup 1958–59. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). 1959/60 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Champions' Cup 1959–60. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). 1960/61 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Champions' Cup 1960–61. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). Anos 60: A "década de ouro". Sport Lisboa e Benfica
- ↑ (31 January 2010). 1961/62 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Champions' Cup 1961–62. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). 1962/63 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Champions' Cup 1962–63. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). Coppa Campioni 1962/63. Associazione Calcio Milan
- ↑ (31 January 2010). 1963/64 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Champions' Cup 1963–64. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). Palmares: Prima coppa dei campioni – 1963/64. Football Club Internazionale Milano
- ↑ (31 January 2010). 1964/65 European Champions Clubs' Cup. ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছ'চিয়েচন্ছ
- ↑ (31 January 2010). Champions' Cup 1964–65. Rec.Sport.Soccer Statistics Foundation
- ↑ (31 January 2010). Palmares: Prima coppa dei campioni – 1964/65. Football Club Internazionale Milano
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৱেফা চেম্পিয়ন্ছ লীগ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৬১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।