অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোণাল মানসিং

সোণাল মানসিং (Sonal Mansingh; জন্ম: ৩০ এপ্ৰিল ১৯৪৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী। তেওঁ ভাৰতনাট্যম আৰু ওড়িছী নৃত্যত পাৰদৰ্শিতা অৰ্জন কৰি গুৰু হিচাপে পৰিগণিত হৈছে। ২০১৮ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ সাংসদ হিচাপে মনোনীত কৰে।

হালনাগাদ: ৫ মে’ ২০২৬ ৫৫২ শব্দ · ৩ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

সোণাল মানসিং (Sonal Mansingh; জন্ম: ৩০ এপ্ৰিল ১৯৪৪) এগৰাকী ভাৰতৰ শাস্ত্ৰীয় নৃত্য শিল্পী। তেওঁ ভাৰতনাট্যম আৰু ওড়িছী নৃত্যত পাৰদৰ্শিতা অৰ্জন কৰি গুৰু হিচাপে পৰিগণিত হৈছে। ২০১৮ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ সাংসদ হিচাপে মনোনীত কৰে।১২৩ ভাৰত চৰকাৰে তেওঁ কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯২ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ২০০৩ চনত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে। ২০২৪ চনত অসম চৰকাৰে তেখেতলৈ ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা কৰে৷

প্ৰাৰম্ভিক জীৱন

১৯৪৪ চনৰ ৩০ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেচিডেন্সিৰ বোম্বেত সোণাল মানসিঙৰ জন্ম হৈছিল। তেওঁ অৰবিন্দ পাকভাসা আৰু পূৰ্ণিমা পাকভাসাৰ তিনি সন্তানৰ দ্বিতীয়। তেওঁৰ মাতৃ পূৰ্ণিমা অৰবিন্দ পকৱাসা গুজৰাটৰ এগৰাকী সমাজসেৱী আৰু তেওঁ ২০০৪ চনত পদ্মভূষণ বঁটা লাভ কৰিছিল। তেওঁৰ ককা মংগল দাস পাকভাসা এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু ভাৰতৰ প্ৰথম পাঁচ গৰাকী ৰাজ্যপালৰ অন্যতম আছিল।৪

তেওঁ মাত্ৰ চাৰি বছৰ বয়সত মহাৰাষ্ট্ৰৰ নাগপুৰত বায়েকৰৰ লগত মণিপুৰী নৃত্য শিকিছিল। তাৰপিছত তেওঁ সাত বছৰ বয়সৰ পৰা কেইবাজনো গুৰুৰ ওচৰত ভাৰতনাট্যমৰ পাণ্ডানাল্লুৰ শৈলী শিকিবলৈ লয়।৫৬ তেওঁ সংস্কৃতত ভাৰতীয় বিদ্যা ভৱনৰ পৰা প্ৰবীণ আৰু কবিদ ডিগ্ৰী আৰু বোম্বেৰ এলফিন্সষ্টন কলেজৰ পৰা জাৰ্মান ভাষাত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰিছে। ১৮ বছৰ বয়সত তেওঁৰ আচল নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ হয়। তেওঁ পৰিয়ালৰ মতৰ বিৰুদ্ধে ভাৰতনাট্যম শিকিবলৈ বেংগালুৰুলৈ যায় আৰু অধ্যাপক ইউ.এছ. কৃষ্ণা ৰাও আৰু চন্দ্ৰভাগা দেৱীৰ ওচৰত নৃত্যবিদ্যা শিকিবলৈ লয়।৭ ইয়াৰ লগতে তেওঁ মাইলাপুৰ গৌৰী আম্মালৰ পৰা অভিনয় আৰু ১৯৬৫ চনত গুৰু কেলুচৰণ মহাপাত্ৰৰ ওচৰত ওড়িছী নৃত্যৰ শিক্ষা গ্ৰহণ কৰে।

তেওঁ ভাৰতীয় কূটনীতিবিদ ললিত মানসিঙৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। পিছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৮ তেওঁৰ শহুৰ মধ্যধৰ মানসিঙে তেওঁক গুৰু কেলুচৰণ মহাপাত্ৰৰ লগত চিনাকি কৰাই দিছিল আৰু পিছলৈ তেওঁ মহাপাত্ৰৰ ওচৰত ওড়িছী নৃত্যৰ প্ৰশিক্ষণ লৈছিল।৯

কৰ্মজীৱন

সোণাল মানসিঙে ১৯৬২ চনত মুম্বাইৰ অৰংগেত্ৰমত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ নৃত্য প্ৰদৰ্শন কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৭৭ চনত তেওঁ নতুন দিল্লীত ভাৰতীয় শাস্ত্ৰীয় নৃত্য কেন্দ্ৰ স্থাপন কৰিছিল।১০১১ তাৰপিছত তেওঁ দেশ-বিদেশৰ বিভিন্ন স্থানত নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ বহুতো কৰিঅ'গ্ৰাফীয়ো কৰিছে। তেওঁৰ কৰিঅ'গ্ৰাফীসমূহ হল:

  • ইন্দ্ৰধনুষ
  • মনবৎ
  • মেৰা ভাৰত
  • দ্ৰৌপদী
  • গীত গোবিন্দ১২
  • শব্ৰছ
  • চতুৰং১৩
  • পঞ্চকন্যা
  • দেৱী দুৰ্গা
  • আত্ময়ান১৪
  • সমানৱয়১২

বঁটা আৰু সন্মান

সোণাল মানসিঙে নৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে।১৫ ১৯৮৭ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।১৬ ১৯৯২ চনত ভাৰত চৰকাৰে তেওঁক কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।১৭২০০৩ চনত তেওঁ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ লাভ কৰে আৰু বালাসৰস্বতীৰ পিছত পদ্মবিভূষণ লাভ কৰা দ্বিতীয় গৰাকী মহিলা নৃত্যশিল্পীত পৰিগণিত হ'ল।১৮ তাৰপিছত তেওঁ ২০০৬ চনত মধ্য প্ৰদেশৰ চৰকাৰৰ কালিদাস সন্মান লাভ কৰে। ২০০৭ চনৰ ২১ এপ্ৰিল তাৰিখে উত্তৰাখণ্ডৰ পণ্টনগৰত অৱস্থিত গোবিন্দ বল্লভ পণ্ট কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰ অফ চাইন্স ডিগ্ৰী প্ৰদান কৰে। তেওঁ ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ পৰায়ো সন্মানীয় ডক্টৰ অফ লিটেৰেছাৰ ডিগ্ৰী লাভ কৰিছে।১৯

২০০২ চনত তেওঁৰ ৰাজহুৱা জীৱনৰ ৪০ বছৰ বৰ্ষপূৰ্তি উপলক্ষে বিখ্যাত হিন্দী চলচ্চিত্ৰ পৰিচালক প্ৰকাশ ঝায়ে সোণাল নামৰ তেওঁৰ জীৱনৰ আধাৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।১০ এই তথ্যচিত্ৰ খনে শ্ৰেষ্ঠ অদৰ্শিত চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।২০

২০২৪ চনত অসম চৰকাৰে সোণাল মানসিঙলৈ ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা কৰে৷ ২১ ২২

শ্ৰীমন্ত শংকৰদৱে বঁটা-প্ৰদান অনুষ্ঠান, ২০২৫

২০২৫ চনৰ ১২ জুন তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সোণাল মানসিঙক ২০২৩ বৰ্ষৰ শংকৰদেৱ বঁটা প্ৰদান কৰা হয়৷ অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেখেতক এই বঁটা প্ৰদান কৰে৷ ২৩ উক্ত বঁটাত এখন অংগবস্ত্ৰ, শৰাই, স্বৰ্ণপদক, প্ৰশস্তি-পত্ৰ আৰু ৫ লাখ টকা থাকে৷

বঁটা গ্ৰহণ কৰি নৃত্যশিল্পীগৰাকীয়ে কয়-

মই যেতিয়া নৃত্য শিকি আছিলোঁ, তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ পৰম শিষ্য মাধৱদেৱৰ নাম শুনা নাছিলোঁ৷ কিন্তু এতিয়া সমগ্ৰ ভাৰততে গুৰু দুজনাৰ বন্দনা শুনিবলৈ পোৱা যায়৷ ১৯৮০ চনৰ পৰা মই অসমলৈ আহিছোঁ আৰু বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ৷....মই ভাৰত নাট্যম আৰু ওডিচি নৃত্যৰ পৰিসৰত অধিক বৰগীত সংযুক্ত কৰিব৷ ২৩

তথ্যসূত্ৰ

  1. ↑ (14 July 2018). Sonal Mansingh, Ram Shakal among four nominated to RS. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (14 July 2018). Former MP Ram Shakal, RSS leader Rakesh Sinha among four nominated to Rajya Sabha. New Indian Express
  3. ↑ (14 July 2018). President nominates RSS ideologue Rakesh Sinha among three others to Rajya Sabha. The Economic Times
  4. ↑ Sonal Mansingh University of Alberta website, www.ualberta.ca
  5. ↑ National centre for the performing Arts. Quarterly journal. v.12-13, page 3
  6. ↑ Sonal Mansingh: The dance of life দ্য টাইম্‌ছ অৱ ইণ্ডিয়া, 9 November 2003
  7. ↑ Sonal Mansingh nrcw.nic.in
  8. ↑ (31 Oct 1999). The art of diplomacy. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  9. ↑ Sonal Mansingh. iloveindia.com
  10. ↑ Biography Official website
  11. ↑ Sonal Mansingh
  12. ↑ Art and Culture হিন্দুস্তান টাইমছ, 18 March 2008
  13. ↑ Famous Personalities of India
  14. ↑ Legends of India
  15. ↑ Interview
  16. ↑ Awards Odissi সংগীত নাটক একাডেমী official website
  17. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  18. ↑ Sonal
  19. ↑ String of awards for Sonal Mansingh দ্য হিন্দু, 27 April 2007
  20. ↑ Sonal
  21. ↑ (২২ আগষ্ট ২০২৪). Assam Government to confer Srimanta Sankardev, 2023 Award to Sonal Mansingh. দ্য ছেণ্টিনেল
  22. ↑ (22nd august 2024). sonal mansingh to receive srimanta sankardeva award 2023. Gplus
  23. ↑ ষ্টাফ ৰিপ'ৰ্টাৰ. (১৩ জুন ২০২৫). ড০ সোনাল মানসিঙক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান. নিয়মীয়া বাৰ্তা. পৃ. ৩, ১৩

সম্পৰ্কিত শ্ৰেণী

পদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীভাৰতীয় নৃত্যশিল্পীশ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ীসমাজকৰ্মীনৃত্যশিল্পীমহাৰাষ্ট্ৰৰ ব্যক্তিকুৰি শতিকাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাল মানসিং” প্ৰবন্ধৰ সংশোধন ৬০৪৫৬৫ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।