শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী
১৩ প্ৰবন্ধ
-
মহেশ্বৰ নেওগ
মহেশ্বৰ নেওগ (১৯১৫–১৯৯৫) আছিল অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু প্ৰাচ্যতত্ত্বৰ ক্ষেত্ৰত সুদীৰ্ঘ প্ৰভাৱ বিস্তাৰ কৰা কবি, গৱেষক, ভাষাবিদ আৰু সম্পাদক-অধ্যাপক।
-
সত্যেন্দ্ৰনাথ শৰ্মা
সত্যেন্দ্ৰনাথ শৰ্মা (১৯১৭–১৯৯৯) অসমৰ আধুনিক সাহিত্যসমালোচনা, গৱেষণা আৰু মধ্যযুগীয় বুৰঞ্জীচৰ্চাত সুদীৰ্ঘকাল সক্ৰিয় থকা এক বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক। অসমীয়া নাট, কাব্য আৰু উপন্যাসৰ মূল্যাঙ্কন, সত্ৰ-প্ৰতিষ্ঠান সম্পৰ্কীয় গৱেষণা আৰু অসম সাহিত্য সভা-সহ কেইবাটাও সাংস্কৃতিক প্ৰতিষ্ঠানত নেতৃত্বদান…
-
শৰ্মিলা ঠাকুৰ
শৰ্মিলা ঠাকুৰ (ধৰ্মান্তৰৰ পাছত বেগম আয়েশা চুলতানা খান হিচাপেও জনা যায়; জন্ম ৮ ডিচেম্বৰ ১৯৪৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে বঙালী ছবিতো অভিনয় কৰে। তেওঁ কৰা অনবদ্য অভিনয়ৰ বাবে তেখেতে দুবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
মহেন্দ্ৰ বৰা
মহেন্দ্ৰ বৰা (Mahendra Bora) (১৯২৯-১৯৯৬) এজন অসমীয়া কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। ১৯৮৭ চনত তেখেতে অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ সভাপতিৰ আসন অলঙ্কৃত কৰিছিল।
-
ইন্দিৰা মিৰি
ইন্দিৰা মিৰি (Indira Miri) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ'ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল।
-
পাৰৱীন চুলতানা
বেগম পাৰৱীন চুলতানা (Begum Parween Sultana; জন্ম: ১০ জুলাই, ১৯৫০) ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী। পাটিয়ালা ঘৰানাৰ সংগীত শৈলীত প্ৰশিক্ষিত পাৰবীন চুলতানাক অসম চৰকাৰৰ তৰফৰ পৰা সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰা হয়।
-
কীৰ্তিনাথ হাজৰিকা
কীৰ্তিনাথ হাজৰিকা (Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল।
-
সত্য প্ৰসাদ বৰুৱা
সত্য প্ৰসাদ বৰুৱা (Satya Prasad Baruah; ১৯১৯-২০০১) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক হোৱাৰ লগতে এজন সাহিত্যিক, নিবন্ধকাৰ, সাংবাদিক আৰু নাট্য তত্ত্বৰ বিশিষ্ট গৱেষক আছিল। ডেকা বয়সতে তেখেতে নাটকত অভিনয় আৰম্ভ কৰাৰ লগতে লিখিবলৈও লয়।
-
সোণাল মানসিং
সোণাল মানসিং (Sonal Mansingh; জন্ম: ৩০ এপ্ৰিল ১৯৪৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী। তেওঁ ভাৰতনাট্যম আৰু ওড়িছী নৃত্যত পাৰদৰ্শিতা অৰ্জন কৰি গুৰু হিচাপে পৰিগণিত হৈছে। ২০১৮ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ সাংসদ হিচাপে মনোনীত কৰে।
-
কপিলা বাৎসায়ন
কপিলা বাৎসায়ন জন্ম ১৯২৮ চনৰ ২৫ ডিচেম্বৰত। পিতাক ৰামলাল মালিক আৰু মাক সত্যৱতী মালিক। কলা সাহিত্যৰ সংগ্ৰামী সাধক কপিলা বাৎসায়ন একেৰাহে নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ
ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰৰ (১৭ মাৰ্চ, ১৯০৯ - ১১ ডিচেম্বৰ, ২০০১) (रामचंद्र नारायण दांडेकर; Ramchandra Narayan Dandekar) জন্ম ১৯০৯ চনৰ ১৭ মাৰ্চত মহাৰাষ্ট্ৰৰ শতৰা নামে ঠাইত হৈছিল।
-
ইলাৰাম দাস
আচাৰ্য ইলাৰাম দাস (১৯২৯ - ২০০৩) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী একশৰণ নাম ধৰ্মৰ প্ৰচাৰক, বক্তা, সাধক পণ্ডিত আৰু সমাজ সংস্কাৰক। তেওঁ এক শৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আছিল। ২০০১ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল।
-
ভৱপ্ৰসাদ চলিহা
ভৱপ্ৰসাদ চলিহা (Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ ২০২০ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে।