অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পূৰ্ণিমা অৰবিন্দ পকৱাসা

পূৰ্ণিমা অৰবিন্দ পকৱাসা (Poornima Arvind Pakvasa, ৫ অক্টোবৰ ১৯১৩ – ২৫ এপ্ৰিল ২০১৬) এগৰাকী ভাৰতীয় সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী তথা নৃত্যশিল্পী। জনপ্ৰিয়ভাৱে তেওঁক 'দিদি অফ ডং' বুলি জনা যায়। ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে।

হালনাগাদ: ৩০ আগষ্ট ২০২৪ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পূৰ্ণিমা অৰবিন্দ পকৱাসা (Poornima Arvind Pakvasa, ৫ অক্টোবৰ ১৯১৩ – ২৫ এপ্ৰিল ২০১৬) এগৰাকী ভাৰতীয় সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী তথা নৃত্যশিল্পী। জনপ্ৰিয়ভাৱে তেওঁক 'দিদি অফ ডং' বুলি জনা যায়। ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন

১৯১৩ চনৰ ৫ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত সৌৰাষ্ট্ৰৰ লিম্‌ডি ৰাজ্যৰ ওচৰৰ ৰণপুৰত পূৰ্ণিমা পাকভাসাৰ জন্ম হৈছিল। তেওঁ মণিপুৰী নৃত্যশিল্পী আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী আছিল।১

ৰাজনৈতিক আৰু সামাজিক জীৱন

পূৰ্ণিমা পাকভাসায়ে ৰণপুৰত প্ৰথমবাৰৰ বাবে মোহনদাস কৰমচান্দ গান্ধীক লগ পাইছিল। তেতিয়া তেওঁ আঠ বছৰ বয়সীয়া আছিল। তেওঁ লিম্‌ডিত ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। ১৮ বছৰ বয়সত তেওঁ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল। নিমখ আইন ভংগ কৰা এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰাগাৰত থকা সময়ত তেওঁ কস্তুৰবা গান্ধীৰ লগত একেলগে আছিল। পাকভাসায়ে তেওঁক ইংৰাজী পঢ়িবলৈ আৰু লিখিবলৈ শিকাইছিল। মহাত্মা গান্ধীয়ে এই কাৰ্যৰ প্ৰশংসা কৰিছিল আৰু শিক্ষাৰ পথত অব্যাহত ৰাখিবলৈ তেওঁৰ আশীৰ্বাদ দিছিল।২

তেওঁ ১৯৩৮ চনত হৰিপুৰাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৫১তম অধিৱেশনত অংশগ্ৰহণ কৰিছিল।১

১৯৫৪ চনত তেওঁ মুম্বাইত (বৰ্তমান মুম্বাই) মহিলাসকলৰ সাংস্কৃতিক, শাৰীৰিক আৰু আধ্যাত্মিক শিক্ষাৰ বাবে এক প্ৰতিষ্ঠান শক্তিদল আৰম্ভ কৰে। তেওঁ ২৫ বছৰ ধৰি নাচিকৰ ভোসলা সামৰিক বিদ্যালয়ৰ নেতৃত্ব দিছিল।৩ পিছত ১৯৭৪ চনত তেওঁ ৰিতমভাৰা বিশ্ব বিদ্যাপীঠ স্থাপন কৰে আৰু ইযাক এখন আৱাসিক বিদ্যালয় হিচাপে গঢ়ি তোলে। তেওঁ চাপুতৰাত এখন মহাবিদ্যালয় স্থাপন কৰিছিল। বিদ্যালয়খনে মুখ্যতঃ ডং জনজাতীয় ছোৱালীসকলক বাবে উছৰ্গিত আছিল।২১ তেওঁ ২০১৩ চনৰ অক্টোবৰত ১০০ বছৰীয়া হৈছিল।৪ ২০১৬ চনৰ ২৫ এপ্ৰিল তাৰিখে চুৰাটত ১০২ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে। তেওঁৰ শেষকৃত্য তেওঁৰ সন্তানৰ দ্বাৰা চাপুতৰাত সম্পন্ন কৰা হৈছিল।২

বঁটা আৰু সন্মান

২০০৪ চনত তেওঁক সমাজলৈ তেওঁৰ সেৱাৰ বাবে ভাৰত চৰকাৰে দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে।৫৪ তেওঁক ২০১৩ চনত সন্তকবা বঁটা প্ৰদান কৰা হৈছিল।৬

ব্যক্তিগত জীৱন

তেওঁ অৰবিন্দ পাকৱভাসাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ শহুৰ মংগল দাস পাকভাসা এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু ভাৰতৰ প্ৰথম পাঁচ গৰাকী ৰাজ্যপালৰ অন্যতম আছিল। দম্পতীহালৰ দুগৰাকী কন্যা আৰতি আৰু সোণাল মানসিং আৰু এজন পুত্ৰ অনুজ। সোণাল মানসিং এগৰাকী বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Life and death of Poornima Pakvasa, a quiet Gandhian. www.dailyo.in
  2. ↑ (2016-04-27). Freedom fighter, ‘Didi of Dangs’, dies at 103 in Surat. The Indian Express
  3. ↑ আৰ্কাইভ কপি
  4. ↑ (5 October 2013). Dang’s Didi Poornimaben Pakvasa completes 100 years of life. DeshGujarat
  5. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  6. ↑ SantokBaa Awards. santokbaaaward.org

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীসমাজকৰ্মীভাৰতীয় নৃত্যশিল্পীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ণিমা অৰবিন্দ পকৱাসা” প্ৰবন্ধৰ সংশোধন ৪৩০০৮৫ (৩০ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।