অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ওডিছী

ওডিছী এখন মহাকাব্য। এই গ্ৰন্থখনৰ লেখক- হোমাৰ। ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য। প্ৰথমখনৰ নাম ইলিয়াড। ট্ৰজান যুদ্ধৰ পাছত স্বদেশলৈ প্ৰত্যৱৰ্তন কৰা মহাবীৰ ইউলিছিছৰ নৌযাত্ৰাত নানাৰূপ বিপৰ্যয়ৰ পাছত নিৰ্ডন দ্বীপত কেলিপ্সো নামৰ এক দেৱীৰ বন্দী হৈ থকা অৱস্থাত মনৰ ব্যাকুলতা আৰু অশ্ৰুপাতৰ বৰ্ণনাৰে আৰম্ভ…

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৫ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ওডিছী এখন মহাকাব্য। এই গ্ৰন্থখনৰ লেখক- হোমাৰ। ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য। প্ৰথমখনৰ নাম ইলিয়াড। ট্ৰজান যুদ্ধৰ পাছত স্বদেশলৈ প্ৰত্যৱৰ্তন কৰা মহাবীৰ ইউলিছিছৰ নৌযাত্ৰাত নানাৰূপ বিপৰ্যয়ৰ পাছত নিৰ্ডন দ্বীপত কেলিপ্সো নামৰ এক দেৱীৰ বন্দী হৈ থকা অৱস্থাত মনৰ ব্যাকুলতা আৰু অশ্ৰুপাতৰ বৰ্ণনাৰে আৰম্ভ হৈছে ওডিছী মহাকাব্য।১

গ্ৰন্থ বিৱৰণ

'ওডিছী' গ্ৰীচ দেশৰ মহাকবি হোমাৰে ৰচনা কৰা এখন মহাকাব্য। ইলিয়াদ ৰচনাৰ কিছুকাল পিছত ওডিছী ৰচনা কৰা হৈছিল। দুয়োখন মহাকাব্যতে মহাকবি হোমাৰৰ শিল্প-নৈপুণ্যতাৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। ওডিছী মহাকাব্য ভ্ৰাম্যমাণ বীৰৰ প্ৰত্যাৱৰ্তনৰ এক মৰ্মন্তুদ কাহিনী। মূল নায়ক ওডিচ্যুছৰ নামেৰে মহাকাব্যখনৰ নামকৰণ কৰা হৈছে ‘ওডিছী’। ট্ৰয় নগৰ সম্পূৰ্ণভাৱে নিজৰ আয়ত্তলৈ অনাৰ পিছত নায়ক ওডিচ্যুছে গৃহাভিমুখে আহি থাকোঁতে সম্মুখীন হোৱা দুৰ্যোগপূৰ্ণ সাগৰ যাত্ৰা আৰু তেওঁৰ দুঃসাহসিক কাৰ্যৰ লগতে বাসভূমিত উপস্থিত হৈ সম্মুখীন হোৱা পৰিস্থিতিৰ প্ৰাঞ্জল বৰ্ণনা এই কাব্যত আছে।২১

ট্ৰজান যুদ্ধৰ পিছত বহু কাললৈকে সন্ধানহীন হোৱা পিতৃৰ অন্বেষণত ওডিচ্যুছৰ পুত্ৰ টেলিমেকাছৰ বহু দেশ ভ্ৰমণৰ মৰ্মস্পৰ্শী কাহিনী আৰু পত্নী পেনিলপিৰ সুদীৰ্ঘ সময় ধৰি স্বামীৰ বাবে কৰা প্ৰতীক্ষাৰ জীৱনৰ হৃদয় বিদাৰক কাহিনীয়ে ওডিছী মহাকাব্যৰ মূলকথা।

লগতে চাওক

  1. ইলিয়াড
  2. হোমাৰ

তথ্যসূত্ৰ

  1. ↑ শইকীয়া, প্ৰদীপ. (২০১৮). ওডিছী. বনলতা
  2. ↑ পৱিত্ৰ কুমাৰ নাথ. (২০, এপ্ৰিল). ওডিছী. granthamela.in

সম্পৰ্কিত শ্ৰেণী

মহাকাব্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওডিছী” প্ৰবন্ধৰ সংশোধন ৪৭৯৯১৬ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।