কুৰি শতিকাৰ ব্যক্তি
১৯ প্ৰবন্ধ
-
তালাত মেহমুদ
তালাত মেহমুদ (২৪ ফেব্ৰুৱাৰী ১৯২৪ – মৃত্যু: ৯ মে’ ১৯৯৮) বলিউডৰ এজন বিখ্যাত পাৰ্শ্ব গায়ক আৰু গজল গায়ক। ১৯৪১ চনত তেওঁৰ প্ৰথমটো গীত বাণীবদ্ধ হৈছিল আৰু ভিন ভিন বাৰটা ভাষাত তেওঁৰ কণ্ঠত প্ৰায় ৭৫০টা গীত বাণীবদ্ধ হৈছিল।
-
টি. এন. শেষন
টি. এন. শেষন, সম্পূৰ্ণ নাম তিৰুণলেই নাৰায়ণ আয়েৰ শেষন ( Tirunellai Narayana Iyer Seshan; ১৫ মে' ১৯৩৩ – ১০ নৱেম্বৰ ২০১৯) আছিল এজন ভাৰতীয় চৰকাৰী আমোলা কৰ্মচাৰী, যিয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ সৈতে আৰু ৰাজনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এছ. এল. শ্বাকধৰ
এছ. এল. শ্বাকধৰ (১৯১৮–২০০২) ভাৰতৰ ষষ্ঠ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ৩য় লোকসভা, চতুৰ্থ লোকসভা আৰু ৫ম লোকসভা (ভাৰতীয় সংসদৰ নিম্ন সদন)ৰ প্ৰাক্তন সচিব প্ৰধান আছিল। ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। তেওঁ জম্মু-কাশ্মীৰৰ পৰা আহিছিল। ২০০২ চনত তেওঁৰ মৃত্যু হয়।
-
কল্যাণ সুন্দৰম
কল্যাণ বৈদ্যনাথন কুট্টুৰ সুন্দৰম(Kalyan Vaidyanathan Kuttur Sundaram, ১১ মে' ১৯০৪ – ২৩ ছেপ্টেম্বৰ ১৯৯২), যাক চমুকৈ কে ভি কে সুন্দৰম বুলিও কোৱা হয়, এগৰাকী ভাৰতীয় চৰকাৰী অসামৰিক সেৱাৰ কৰ্মচাৰী আছিল, যিয়ে স্বাধীন ভাৰতৰ প্ৰথম আইন সচিব (১৯৪৮–৫৮) আৰু ভাৰতৰ দ্বিতীয় মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে অভিলেখ…
-
গোল্ডা মেইৰ
গোল্ডা মেইৰ (Golda Meir; ৩ মে' ১৮৯৮ – ৮ ডিচেম্বৰ ১৯৭৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আছিল যি ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে ইজৰাইলৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
টি স্বামীনাথন
টি স্বামীনাথন সম্পূৰ্ণ নাম থিৰুমালৰায়া স্বামীনাথন, ১৯৭০ চনৰ ১ ডিচেম্বৰৰ পৰা ১৯৭২ চনৰ ২ নৱেম্বৰলৈকে ভাৰতৰ কেবিনেট সচিব আছিল। তেওঁ ভাৰতীয় অসামৰিক সেৱা (আই চি এছ)ৰ সদস্য আছিল। স্বামীনাথনে ১৯৭৩ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ১৯৭৭ চনৰ ১৭ জুনলৈকে ভাৰতৰ ৫ম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নগেন্দ্ৰ সিং
ৰাজকুমাৰ শ্ৰী নগেন্দ্ৰ সিং ( Prince Sri Nagendra Singh; ১৮ মাৰ্চ ১৯১৪ – ১১ ডিচেম্বৰ ১৯৮৮) এজন ভাৰতীয় অধিবক্তা আৰু প্ৰশাসক আছিল, যিয়ে ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নাৰায়ণ দেশাই
নাৰায়ণ দেশাই ( Narayan Desai; ২৪ ডিচেম্বৰ ১৯২৪ – ১৫ মাৰ্চ ২০১৫) এজন ভাৰতীয় গান্ধীবাদী আৰু লেখক।
-
লিয়া ডিস্কিন
লিয়া ডিস্কিন(Lia Diskin, জন্ম:২৭ অক্টোবৰ, ১৯৫০), সম্পূৰ্ণ নাম লিঅ'ন'ৰ বিট্ৰিজ ডিস্কিন প'ল'ভিচ এগৰাকী আৰ্জেণ্টিনাৰ সাংবাদিক আৰু ব্ৰাজিলৰ এটা দানশীল এন জি অ' এছ'চিয়েচন পালাছ এথেনা ৰ প্ৰতিষ্ঠাপক।
-
ৰামাদেৱী চৌধুৰী
ৰামাদেৱী চৌধুৰী (Ramadevi Choudhury; ৩ ডিচেম্বৰ ১৮৯৯ – ২২ জুলাই ১৯৮৫), যাক ৰামা দেৱী বুলিও কোৱা হয়, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক আছিল। ওড়িশাৰ মানুহে তেওঁক মা বুলি কৈছিল। ভুৱনেশ্বৰৰ ৰামাদেৱী মহিলা বিশ্ববিদ্যালয়ৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।
-
অ'লগা হেনকিন
অ'লগা হেনকিন (Olga Hankin, ৯ জানুৱাৰী ১৮৫২ - ২ এপ্ৰিল ১৯৪২)এগৰাকী নাৰীবাদী, পেছাদাৰী ধাত্ৰী আৰু জায়নিষ্ট কৰ্মী আছিল যি তেওঁৰ স্বামী য়েহোছুয়া হেনকিনৰ সৈতে মিলি অট্টোমান পেলেষ্টাইন আৰু বাধ্যতামূলক পেলেষ্টাইনত জিয়নিষ্ট সংগঠনৰ বেছিভাগ ডাঙৰ মাটি ক্ৰয়ৰ বাবে দায়বদ্ধ আছিল।
-
ইৰাৱতী কাৰ্ৱে
ইৰাৱতী কাৰ্ৱে (Irawati Karve; ১৫ ডিচেম্বৰ ১৯০৫– ১১ আগষ্ট ১৯৭০) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী অগ্ৰণী ভাৰতীয় সমাজবিজ্ঞানী, নৃতত্ত্ববিদ, শিক্ষাবিদ আৰু লেখক আছিল। তেওঁ Indian Sociology & Sociology ৰ প্ৰতিষ্ঠাপক জি এছ ঘূৰেৰ ছাত্ৰী আৰু প্ৰথমগৰাকী মহিলা ভাৰতীয় সমাজবিজ্ঞানী বুলি দাবী কৰা হৈছে।
-
এডি এল বালো
এডি লুচিয়া বালো (Addie L. Ballou; ২৯ এপ্ৰিল, ১৮৩৮ – ১০ আগষ্ট, ১৯১৬)এগৰাকী আমেৰিকান ভোটাধিকাৰী, কবি, শিল্পী, লেখক আৰু প্ৰবক্তা আছিল। বালোৱে আধ্যাত্মিকতাবাদী আন্দোলনত লেখক আৰু প্ৰবক্তা হিচাপে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তেওঁৰ সংস্কাৰ আৰু দানশীলতাৰ আগ্ৰহৰ ভিতৰত আছিল কাৰাগাৰ, দুৰ্ভগীয়া আৰু পতিত মহিলা।
-
জাহিদা খাতুন শ্বেৰৱানী
জে খে শ্বীন (Zahida Khatun Sherwani, জন্ম-জাহিদা খাতুন শ্বেৰৱানী; ১৮ ডিচেম্বৰ ১৮৯৪ – ২ ফেব্ৰুৱাৰী ১৯২২; কেতিয়াবা জে খায় শ্বীন হিচাপেও লিখা হয়) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক৷ তেওঁ উৰ্দু ভাষাত লিখিছিল৷ তেওঁ এগৰাকী মহিলাৰ অধিকাৰ কৰ্মী আছিল।
-
জি ডি নাইডু
গোপালস্বামী দোৰাইস্বামী নাইডু (Gopalaswamy Doraiswamy Naidu) (২৩ মাৰ্চ ১৮৯৩ – ৪ জানুৱাৰী ১৯৭৪) এগৰাকী ভাৰতীয় উদ্ভাৱক, আৱিষ্কাৰক, উদ্যোগপতি আৰু শিক্ষাবিদ আছিল। তেওঁ আমদানিকৃত প্ৰযুক্তিসমূহক ভাৰতৰ বাবে অধিক ব্যৱহাৰিক আৰু সুলভ কৰি তোলাৰ উদ্দেশ্যে সেইবোৰৰ পুনৰ-নক্সা আৰু ৰূপান্তৰ সাধন কৰিছিল।
-
জিপি লিভনি
জিপি লিভনি (Tziporah Malka "Tzipi" Livni) (জন্ম: ৮ জুলাই ১৯৫৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, কূটনীতিবিদ আৰু উকীল৷ নেচেটৰ প্ৰাক্তন সদস্য আৰু কেন্দ্ৰ বাওঁপন্থী ৰাজনৈতিক শিবিৰৰ নেতা লিভনি এগৰাকী প্ৰাক্তন বৈদেশিক মন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, ন্যায় মন্ত্ৰী আৰু বিৰোধী-নেত্ৰী।
-
নাইচ নাইলাণ্টেই লেং'এটে
নাইচ নাইলাণ্টেই লেং'এটে (Nice Nailantei Leng'ete, জন্ম-১৯৯১) কেনিয়াৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী৷ তেওঁ আফ্ৰিকাত ছোৱালীৰ বাবে বিকল্প ৰিট অৱ পেচেজ (ARP)ৰ পোষকতা কৰে আৰু মহিলাৰ যৌনাংগ বিকৃতকৰণ (FGM) বন্ধ কৰাৰ বাবে প্ৰচাৰ চলাই আহিছে।
-
বেবা আইডেলছন
বেবা আইডেলছন (Beba Idelson; ১৪ অক্টোবৰ ১৮৯৫ – ৫ ডিচেম্বৰ ১৯৭৫) আছিল এগৰাকী জায়নিষ্ট কৰ্মী আৰু ইজৰাইলৰ ৰাজনীতিবিদ।
-
সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰী
সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰী (Satyendra Narayan Chowdhury, জন্মঃ ১৯ অক্টোবৰ ১৯২৬) অসমৰ এজন ৰেচম বিজ্ঞানী আৰু ডি.এচচি. ডিগ্ৰী পোৱা ভাৰতৰ প্ৰথমজন ৰেচম বিজ্ঞানী আৰু বিজ্ঞানত এই ডিগ্ৰী পোৱা অসমৰ প্ৰথমজন ব্যক্তি। সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰীক Father of Muga বুলি অভিহিত কৰা হৈছে।