কেলুচৰণ মহাপাত্ৰ (Kelucharan Mohapatra; ৮ জানুৱাৰী ১৯২৬ – ৭ এপ্ৰিল ২০০৪) আছিল এগৰাকী প্ৰথিতযশা ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, গুৰু আৰু ওড়িছী নৃত্যৰ প্ৰসাৰক। এই ধ্ৰুপদী নৃত্যশৈলীটোক বিংশ শতিকাত জনপ্ৰিয় আৰু পুনৰোজ্জীৱিত কৰাৰ বাবে তেখেত স্মৰণীয়।১ তেখেত হৈছে উৰিষ্যাৰ পৰা পদ্মবিভূষণ সন্মান লাভ কৰা কৰা প্ৰথমগৰাকী ব্যক্তি।২
এগৰাকী প্ৰখ্যাত সংস্কৃত কবিয়ে তেওঁৰ বিষয়ে লিখিছে এইদৰে গুৰু: সাংগো-পাংগা-শুভাংগী-লাস্য-মধুৰম সমতীৰ্ণা-নৃত্যৰাণৱম, যাৰ অৰ্থ হৈছে- "তেখেতৰ নৃত্যৰত শৰীৰৰ প্ৰতিটো ভাঁজেই চমৎকাৰী ভংগিমা আৰু অংগবিন্যাসৰ জৰিয়তে এক পৰম মাধুৰ্যলৈ ৰূপান্তৰিত হয়। আচলতে গুৰু কেলুচৰণ মহাপাত্ৰই শৈলীৰ সমুদ্ৰ অতিক্ৰম কৰি গৈছিল। "৩
জীৱনী
যুৱকালত কেলুচৰণ মহাপাত্ৰই, গোটিপুৱা প্ৰদৰ্শন কৰিছিল-যিটো আছিল উৰিষ্যাৰে এক পৰম্পৰাগত নৃত্য। এইবিষ নৃত্যত যুৱকসকলে মহিলাৰ দৰে সাজ-সজ্জা কৰি প্ৰভু জগন্নাথৰ গুণানুকীৰ্ত্তন কৰে। পৰৱৰ্তী পৰ্যায়ত তেখেতে এইবিধ নৃত্যৰ বিষয়ে গভীৰ গৱেষণা কৰিছিল। তাৰ লগতে গৱেষণা কৰিছিল মাহাৰী নৃত্যৰো। এই কাৰ্যৰ ফলত তেখেতে ওড়িছী নৃত্যক পুনৰ্গঠন কৰিবলৈ সমৰ্থৱান হৈছিল। গুৰু কেলুচৰণ মহাপাত্ৰই মৃদংগম, পাখোৱাজ আৰু তবলাত নৈপুণ্য অৰ্জন কৰিছিল-যাৰ স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা যায় তেখেতৰ নৃত্যত। পৰম্পৰাগত পটচিত্ৰ অংকনতো তেখেতে পাৰদৰ্শিতা অৰ্জন কৰিছিল।
নৃত্যশিল্পী আৰু তেখেতৰ পত্নী লক্ষ্মীপ্ৰিয়া, পুত্ৰ ৰতীকান্তৰ সৈতে কেলুচৰণ মহাপাত্ৰই ১৯৯৩ চনত ভুৱনেশ্বৰত শ্ৰজন নামৰ নৃত্য-বিদ্যালয়খন গঢ়ি তুলিছিল। বৰ্তমান ৰতীকান্ত মহাপাত্ৰৰ নেতৃত্বত চলি থকা এই শিক্ষানুষ্ঠানখনে ওড়িছী নৃত্যৰ শিক্ষা, প্ৰসাৰ আৰু ৰক্ষণাবেক্ষণৰ কাম কৰি আছে।৪
বঁটা
- সংগীত নাটক একাডেমী বঁটা, ১৯৬৬ চনত।
- পদ্মশ্ৰী, ১৯৭৪ চনত।৫
- পদ্মভূষণ, ১৯৮৮ চনত।৫
- সংগীত নাটক একাডেমী ফেলোশ্বিপ, ১৯৯১ চনত।
- শ্ৰীমন্ত শংকৰদেৱ বঁটা, ১৯৯৭ চনত।৬
- পদ্মবিভূষণ, ২০০০ চনত।৫
- কালিদাস সন্মান, মধ্যপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা।
উদ্ধৃতি
- "Odissi is not a mere dance form to entertain people but to inspire and elevate. I don't actually dance but pray in compassion and the spectators say that this `form' is dancing."৭
- "The real dance must convey the feeling of undivided existence, that a spectator can feel that he is not different from the thing observed".৭
বাহ্যিক সংযোগ
ভিডিঅ' লিংক
তথ্যসূত্ৰ
- ↑ DANCE REVIEW; Sculptural And Sensual, It's Odissi by Anna Kisselgoff, New York Times, 19 October 2000
- ↑ Sampad, Shilpi. (26 January 2013). Sun dreamer gets Padma. telegraphindia.com
- ↑ Vanikavi Dr.Manmohan Acharya. (1926-01-08). SRJAN, Guru Kelucharan Mohapatra Odissi Nrityabasa. Srjan.com
- ↑ History Of Srjan. Srjan
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ আৰ্কাইভ কপি
- ↑ (7 April 2006). Glimpses of eternity. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলুচৰণ মহাপাত্ৰ” প্ৰবন্ধৰ সংশোধন ৫১১৫৬৭ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।