নৃত্যশিল্পী
৭৮ প্ৰবন্ধ
-
বিৰজু মহাৰাজ
ব্ৰিজমোহন নাথ মিশ্ৰ (৪ ফেব্ৰুৱাৰী ১৯৩৮ – ১৭ জানুৱাৰী ২০২২) ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ এগৰাকী মুখ্য শিল্পী আছিল। ইয়াৰোপৰি তেওঁ এগৰাকী কণ্ঠশিল্পী আছিল। তেওঁক পণ্ডিত বিৰজু মহাৰাজ বুলি জনা যায়। তেওঁ কথক নৃত্যশিল্পীসকলৰ মহাৰাজ পৰিয়ালৰ বংশধৰ আছিল।
-
যতীন গোস্বামী
নৃত্যাচাৰ্য যতীন গোস্বামী এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু যতীন গোস্বামী বিশেষভাৱে জনাজাত। তেখেত গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্য।
-
মাইকেল জেকচন
মাইকেল জেকচন (Michael Jackson; সম্পূৰ্ণ নাম: মাইকেল জোচেফ জেকচন; ২৯ আগষ্ট ১৯৫৮ – ২৫ জুন ২০০৯) এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী। তেওঁক "কিং অফ পপ" বা "পপ সংগীতৰ ৰজা" হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব অন্যতম হিচাপে জনা যায়।
-
সোণাল মানসিং
সোণাল মানসিং (Sonal Mansingh; জন্ম: ৩০ এপ্ৰিল ১৯৪৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী। তেওঁ ভাৰতনাট্যম আৰু ওড়িছী নৃত্যত পাৰদৰ্শিতা অৰ্জন কৰি গুৰু হিচাপে পৰিগণিত হৈছে। ২০১৮ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ সাংসদ হিচাপে মনোনীত কৰে।
-
সৰোজ খান
নিৰ্মলা নাগপাল, জনপ্ৰিয়ভাৱে সৰোজ খান (২২ নৱেম্বৰ ১৯৪৮ - ৩ জুলাই ২০২০) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰখ্যাত নৃত্য পৰিচালক। প্ৰায় ৪০ বছৰ কাল নৃত্য নিৰ্দেশনা কৰা সৰোজ খানে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।
-
জেনা জেমছন
জেনা মেৰী মাছলি ( ইংৰাজী: Jenna Marie Massoli; জন্ম: ৯ এপ্ৰিল, ১৯৭৪; পেছাগতভাৱে জেনা জেমছন নামেৰে পৰিচিত), এগৰাকী আমেৰিকান ব্যৱসায়ী, লেখিকা, টেলিভিছন ব্যক্তিত্ব আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
-
শান্তা গান্ধী
শান্তা কালিদাস গান্ধী ( R. Nagarathnamma; ২০ ডিচেম্বৰ ১৯১৭ – ৬ মে' ২০০২) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখা ভাৰতীয় গণনাট্য সংঘৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভাৰতীয় নাট্ পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ।
-
শ্বীমা কেৰমানী
শ্বীমা কেৰমানী (Sheema Kermani; জন্ম: ১৬ জানুৱাৰী ১৯৫১) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু সমাজ কৰ্মী। তেখেত তেহৰিক-ই-নিছৱান কালচাৰেল একচন গ্ৰুপ (মহিলা আন্দোলন)ৰ প্ৰতিষ্ঠাপক। তেখেত ভাৰতনাট্যম নৃত্যৰ প্ৰতিনিধিও।
-
গালেৰিয়া কোপিঅ'লা
গালেৰিয়া কোপিঅ'লা (৯৬ খ্ৰীঃ পূঃ – খ্ৰীঃ ৯ বা তাৰ পাছত) এগৰাকী প্ৰাচীন ৰোমৰ নৰ্তকী এম্বোলিআৰিয়া আৰু অভিনেত্ৰী আছিল, যাক প্লিনিয়ে তেওঁৰ ন্যাচুৰেল হিষ্ট্ৰী গ্ৰন্থত প্ৰসিদ্ধ নৱ্বৈ বছৰীয়া আৰু শতিকাব্যাপী জীৱিত ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।
-
ডায়োনিচিয়া
ডায়োনিচিয়া (খ্ৰী. পূ. ১ম শতিকী) এগৰাকী প্ৰাচীন ৰোমৰ নৃত্যশিল্পী-অভিনেত্ৰী আছিল। ডায়োনিচিয়া প্ৰাচীন ৰোমৰ এগৰাকী খ্যাতনামা মঞ্চশিল্পী আছিল, যাৰ নাম ৰাজহুৱা বিতৰ্কত উল্লেখ কৰা হৈছিল। তেওঁ অতি কমসংখ্যক মহিলা মঞ্চশিল্পীৰ মাজৰ পৰা এজনী, যাৰ উপাৰ্জনৰ নিৰ্দিষ্ট উল্লেখ পোৱা যায়।
-
তাৰ্তিয়া
তাৰ্তিয়া (খ্ৰীঃ পূঃ ৭৪ ৰ পাছত মৃত্যু) এগৰাকী প্ৰাচীন ৰোমান অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল। তাৰ্তিয়া চিচিলিত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ অভিনেতা-নৃত্যশিল্পী ইচিডোৰুচৰ কন্যা আছিল। ইতিহাসত তেওঁ ভেৰেছৰ উপপত্নী হিচাপে প্ৰসিদ্ধ, যেতিয়া ভেৰেছ খ্ৰীঃ পূঃ ৭৪ চনত চিচিলিৰ গভৰ্ণৰ নিযুক্ত হৈছিল।
-
নগৰবধু
নগৰবধু আছিল প্ৰাচীন ভাৰতৰ কিছুমান ঠাইত পালন কৰা পৰম্পৰা। মহিলাসকলে নগৰবধূৰ খিতাপ লাভৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, আৰু এই প্ৰথাৰ বিৰুদ্ধে কোনো নিষেধাজ্ঞা নাছিল। আটাইতকৈ ধুনীয়া আৰু বিভিন্ন নৃত্যৰ ৰূপত আটাইতকৈ প্ৰতিভাশালী নাৰীক নগৰবধু হিচাপে বাছনি কৰা হৈছিল।
-
ফাবিয়া আৰেতে
ফাবিয়া আৰেতে প্ৰাচীন ৰোমৰ এগৰাকী নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। তেওঁ এগৰাকী মুক্ত দাসী আছিল ('মাৰ্কাছ'ৰ মুক্ত দাসী হিচাপে উল্লিখিত), যি সেই সময়ৰ মঞ্চ অভিনেতাসকলৰ মাজত সাধাৰণ আছিল। তেওঁক আৰ্কিমাইমা বুলি উল্লেখ কৰা হৈছে, যি ৰোমান নাট্যশালাৰ শীৰ্ষস্থানীয় অভিনেত্ৰীসকলৰ উপাধি আছিল।
-
বেনজিৰ চালাম
বেনজিৰ চালাম বাংলাদেশৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় আৰু লোক নৃত্যশিল্পী। তেওঁৰ জন্ম ১৯৭৯ চনৰ ১৭ জানুৱাৰীত বাংলাদেশৰ ৰাজশাহী জিলাত।
-
ভলুম্নিয়া চিথেৰিচ
ভলুম্নিয়া চিথেৰিচ (খ্ৰীঃ পূঃ ১শ শতিকা) এগৰাকী প্ৰাচীন ৰোমান অভিনেত্ৰী আৰু মাইম নৃত্যশিল্পী আছিল। তেওঁ বিশেষকৈ কেইজনমান খ্যাতনামা ৰোমান ব্যক্তিৰ উপপত্নী হিচাপে জনাজাত। সম্ভৱত খ্ৰীঃ পূঃ ৭০ চনৰ আশে-পাশে জন্মগ্ৰহণ কৰা, চিথেৰিচ মূলতঃ পুব্লিয়ুছ ভলুম্নিউছ ইউট্ৰাপেলিয়ুছৰ দাসী আছিল,
-
মহুৱা মুখাৰ্জী
মহুৱা মুখাৰ্জী ( Mahua Mukherjee) ভাৰতৰ এগৰাকী নৃত্যশিল্পী৷ তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ গৌড়ীয় নৃত্য ৰূপৰ প্ৰতিষ্ঠাতা৷তেওঁক মহুৱা মুখোপাধ্যায় বুলিও জনা যায়৷ নৃত্যৰ লগতে তেওঁ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ গৱেষক আৰু শিক্ষয়িত্ৰী আৰু সূক্ষ্ম কলা অনুষদৰ ডীন৷তেওঁ তেওঁৰ স্বামী অমিতাভ মুখাৰ্জীৰ…
-
লা মেৰী
লা মেৰী (জন্ম: ৰাছেল মেৰিৱেদাৰ হিউজ জুনিয়ৰ; ১৩ মে’ ১৮৯৯ – ৭ জানুৱাৰী ১৯৮৮) এগৰাকী আমেৰিকান জনগোষ্ঠীয় নৃত্যশিল্পী, ক’ৰিওগ্ৰাফাৰ, শিক্ষয়িত্ৰী, কবি আৰু নৃবিজ্ঞানী আছিল। তেওঁ নিজৰ কামত বহু দেশৰ নৃত্য শৈলী, বিশেষকৈ স্পেইন আৰু ভাৰতৰ নৃত্যশৈলীৰ সংমিশ্ৰণ ঘটাইছিল।
-
হেমা চৌধুৰী
হেমা চৌধুৰী ( Hema choudhuri)এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁক “দূৰ্গা প্ৰভা’’ নামেৰেও জনা যায়৷ তেওঁ প্ৰধানকৈ কানাড়া, তেলেগু, মালয়ালম আৰু তামিল কথাছবিত অভিনয় কৰিছে।
-
হৰিচৰণ শইকীয়া
হৰিচৰণ শইকীয়া ( Haricharan Saikia) অসমৰ এগৰাকী ভাৰতীয় সত্ৰীয়া নৃত্য শিল্পী। অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়াৰ সংৰক্ষণ, অনুশীলন আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৬ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
-
অছনাত এলকবিৰ
অছনাত এলকবিৰ (אסנת אלכביר) এগৰাকী ইজৰাইলী গায়িকা, নৃত্যশিল্পী, চিত্ৰশিল্পী আৰু নাট্য পৰিচালক। তেওঁ ভাৰতৰ বনাৰস হিন্দু বিশ্ববিদ্যালয়ত দহ বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় ধ্ৰুপদী নৃত্য আৰু সংগীত অধ্যয়ন কৰিছে।
-
অনিতা শৰ্মা (নৃত্যশিল্পী)
অনিতা শৰ্মা ( Anita Sharma) ভাৰতৰ অসমৰ এগৰাকী সত্ৰীয়া নৃত্যশিল্পী। অসমীয়া লোক সংস্কৃতি আৰু সত্ৰীয়া নৃত্যৰ ওপৰত বিস্তৃত গৱেষণা কৰি আহিছে। ২০১৪ চনত সত্ৰীয়া নৃত্যৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
-
অপূৰ্বা আৰোৰা
অপূৰ্বা আৰোৰা (ইংৰাজী: Apoorva Arora) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যি মূলতঃ হিন্দী, গুজৰাটী, পঞ্জাবী আৰু কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ বিভিন্ন ৱেব ছিৰিজ আৰু সংগীত ভিডিঅ'ত অভিনয় কৰিছে।
-
অপৰ্ণা সিন্ধূৰ
অপৰ্ণা সিন্ধূৰ (জন্ম ১৯৭০/১৯৭১) এগৰাকী ভাৰতীয়-আমেৰিকান নৃত্য পৰিচালক, নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী। তেওঁ নৱৰস নাট্যালয় নৃত্য থিয়েটাৰৰ কলা পৰিচালক।
-
আন্না চুদা
আন্না চুদা (ইংৰাজী: Anna Suda, জন্ম: ১২ অক্টোবৰ ১৯৯৭, চুদা আন্না বা চুদান্না নামেৰেও জনা যায়) এগৰাকী জাপানী নৃত্যশিল্পী, অভিনেত্ৰী আৰু ফেশ্বন ডিজাইনাৰ। তেওঁ আগতে জে-পপ গ্ৰুপ গাৰ্লছ, হেপিনেছ আৰু চুদামা-য়ূজু-য়ূল্লীৰ সদস্য আছিল।
-
আন্না বাৰ্টেলছ
আন্না কাটাৰিনা বাৰ্টেলছ ৰ ( Anna Katarina Bartels; জন্ম: ৯ ডিচেম্বৰ ১৮৬৯ – মৃত্যু: ১৭ ফেব্ৰুৱাৰী ১৯৫০) জন্ম হৈছিল ফাৰ্নকুইষ্ট আছিল এগৰাকী ছুইডেনৰ অপেৰা ছ'প্ৰানো। ১৮৯৭ চনত ৰয়েল ছুইডিছ অপেৰাত ফ্ল’ট’ৰ মাৰ্থাৰ শিৰোনাম চৰিত্ৰত অভিষেক হৈছিল।
-
আমিনা খাইয়াম
আমিনা খাইয়াম বাংলাদেশত জন্মগ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ নৃত্যশিল্পী, কোৰিঅ’গ্ৰাফাৰ আৰু নৃত্য শিক্ষয়িত্ৰী। তেওঁ কথক নৃত্যৰ সূক্ষ্ম আৰু নাটকীয় অভিনয় (অভিনয়ভিত্তিক প্ৰকাশ) শৈলীত আধুনিক আৰু প্ৰগতিশীল কৰ্মৰ বাবে বিশেষভাৱে সমাদৃত।
-
আৰ্থী আহমেদ
আৰ্থী আহমেদ এগৰাকী বাংলাদেশী ভাৰতনাট্যমৰ নৃত্যশিল্পী, নৃত্য শিক্ষক আৰু সমাজকৰ্মী। ঢাকাত থকা তেওঁৰ একাডেমী আৰ্থী আহমেদ নৃত্য একাডেমী প্ৰাপ্তবয়স্ক লোকৰ নৃত্যৰ শিক্ষা দান আৰু সামূহিক প্ৰডাকচনৰ বাবে বেছিকৈ পৰিচিত।
-
ইন্দু মিঠা
ইন্দু মিঠা (Indu Mitha, জন্ম ১৯২৯) হ'ল এগৰাকী ভাৰতনাট্যমৰ পাকিস্তানী প্ৰচাৰক, তেওঁ দেশৰ মাত্ৰ দুজনৰ ভিতৰৰ এজন প্ৰচাৰক আৰু আনজন হৈছে শ্বীমা কেৰমানী। তেওঁ ৰাৱালপিণ্ডিৰ নেচনেল কলেজ অৱ দ্য আৰ্টছৰ চৌহদৰ অধ্যাপক আছিল আৰু তাৰ পৰাই তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।
-
ইভাংকা দাস
ইভাংকা দাস (জন্ম নাম: অৰণদীপ দাস) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিচালক, আৰু মডেল। ভাৰতীয় ৰিয়েলিটি টেলিভিছন শ্ব ' ডান্স দীৱানে, হদ্দী আৰু ঘূমেৰ ছবিৰ লগতে নেটফ্লিক্সৰ ধাৰাবাহিক বম্বে বেগমছত অংশগ্ৰহণৰ বাবে তেওঁ পৰিচিত৷
-
ইলেনা চিতাৰিস্তী
ইলেনা চিতাৰিস্তী (Ileana Citaristi) হৈছে এগৰাকী ইটালীয়ান বংশৰ ওড়িছী নৃত্য আৰু ছাও নৃত্যশিল্পী আৰু ভাৰতৰ ভুৱনেশ্বৰত অৱস্থিত নৃত্য প্ৰশিক্ষক। ১৯৯৫ চনত তেওঁ যুগন্তৰ বাবে শ্ৰেষ্ঠ ক'ৰিয়'গ্ৰাফীৰ বাবে ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে ভূষিত হয় আৰু ২০০৬ চনত ওড়িশাৰ অৱদানৰ বাবে বিদেশী বংশৰ প্ৰথম…