গোলাঘৰ বা খাৰঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা পুৰণি কীৰ্ত্তিচিহ্নসমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ।১ ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। স্বৰ্গদেও চ্যু-পং-মু'ঙৰ (১৬৬৩-১৬৬৯) ৰাজত্বকালত এই ঘৰটো নিৰ্মাণ কৰা হৈছিল।২৩১ এই খাৰঘৰটো বৰ্তমানেও অক্ষত অৱস্থাতেই আছে।
গোলাঘৰ অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত অন্যতম। ভাৰত চৰকাৰৰ পুৰতাত্ত্বিক বিভাগে ইয়াৰ চোৱা-চিতা কৰে।
গঠন
স্থাপত্য অনুসৰি গোলাঘৰ আয়তাকাৰ সৰু ঘৰ। পোৰা মাটিৰ ইটাৰে নিৰ্মিত গোলাঘৰৰ চাল দুতৰপীয়া। গোলাঘৰৰ দীঘ ২২.৮ মিটাৰ আৰু প্ৰস্থ ১১.৭ মিটাৰ। বেৰৰ প্ৰস্থ ২.১৫ মিটাৰ। ইয়াত বতাহৰ চলাচলৰ বাবে বহুতো ঘূৰণীয়া বড়ো বৰ্গাকাৰ ফুটা আছে।২
লগতে চাওক
তথ্যসূত্ৰ
- ↑ প্ৰেম গগৈ. (২০০৭). শিৱসাগৰ (বুৰঞ্জীৰ টোকা). কলঞ্চু প্ৰকাশন, শিৱসাগৰ. পৃ. ১৩
- ↑ Weapons display at Ahom-era Golaghar. www.telegraphindia.com
- ↑ (2018-01-19). Gola Ghar, Sivasagar - Abhijna e-Museum. Abhijna e-Museum
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাঘৰ” প্ৰবন্ধৰ সংশোধন ৩২৪৪৬০ (১৯ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।