দিখৌ নদী (Dikhow River) ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ এখন উপনৈ। নদীখনৰ উৎপত্তি নাগালেণ্ডত আৰু তাৰপৰা ই অসমৰ শিৱসাগৰ জিলাৰ মাজেৰে বৈ দিখৌমুখত ব্ৰহ্মপুত্ৰত মিলিছে।১২ নদীখনৰ দৈৰ্ঘ্য প্ৰায় ২০০ কিঃমিঃ আৰু ইয়াৰ অৱবাহিকাই প্ৰায় ৪,৩৭২ বৰ্গ কিঃমিঃ অঞ্চল আগুৰি আছে।
উৎপত্তি
দিখৌ নদীৰ উৎপত্তি নাগালেণ্ডৰ পাৰ্বত্য অঞ্চলত। ইয়াৰ উজনি অংশ স্থানীয়ভাৱে লংগা নামেৰেও জনা যায়। তাৰপৰা নদীখন সাধাৰণতে উত্তৰ আৰু উত্তৰ-পশ্চিমমুৱা হৈ অসম অভিমুখে বৈ আহে।
গতিপথ
প্ৰথমতে লংগা নামেৰে উত্তৰ-পশ্চিম দিশত নদীখন প্ৰায় ২০ কিঃমিঃ বৈ আহি তাৰপাছত উত্তৰ-পূবমুৱা হয়। প্ৰায় ২৫ কিঃমিঃ বৈ আহি চিমংচি নৈৰ সৈতে মিলাৰ পাছত ই তেজলা, নংগা বা দিখৌ নামেৰে পৰিচিত হয়। তাৰপৰা এটা গিৰিখাতেদি প্ৰায় ৩৫ কিঃমিঃ বৈ আহি ইয়াৰ অন্যতম প্ৰধান উপনৈ য়াংমুনৰ সৈতে মিলিত হয়।
ইয়াৰপৰা নদীখন টুৱেনচাং আৰু মন জিলাৰ উত্তৰ অংশৰ মাজেৰে প্ৰায় ১৮ কিঃমিঃ বৈ আহি নাগালেণ্ডৰ নাগিনীমৰাৰ প্ৰায় ২ কিঃমিঃ দক্ষিণে ছেতাপ নৈৰ সৈতে মিলি শিৱসাগৰ জিলাত প্ৰৱেশ কৰে। নাগিনীমৰাৰ পৰা প্ৰায় ২ কিঃমিঃ আহি ই বামুনীপুখুৰী চাহ বাগিচা পায়। তাৰপৰা প্ৰায় ৩ কিঃমিঃ বৈ চণ্টকত চণ্টক নৈৰ সৈতে মিলিত হয়।
চণ্টকৰ পৰা দিখৌ নদী উত্তৰ-পশ্চিমমুৱা হৈ নাগিনীমৰা–শিমলুগুৰি ৰে'লপথৰ কাষেদি বৈ নাজিৰা নগৰৰ পূবফালে এটা পাক মাৰে। তাৰপৰা ধোদৰ আলি পাৰ হৈ ই গড়গাঁও অঞ্চল পায়। গড়গাঁৱৰ পৰা ভটিয়াই নদীখন চেৰেকাপাৰলৈ যায় আৰু তাৰপৰা পশ্চিমমুৱা হৈ পানীচকী আৰু মেটেকাঘাট পাৰ হৈ শিৱসাগৰ নগৰ পায়।
শিৱসাগৰৰ পৰা নদীখনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৰূপহীমুখ পায়। ৰূপহীমুখৰ পৰা পশ্চিমমুৱা হৈ গৈ নামদাং নদীৰ সৈতে মিলিত হয়। তাৰপাছত দিখৌ উত্তৰ-পশ্চিমমুৱা হৈ গৌৰীসাগৰ অঞ্চল পাৰ কৰি দিখৌমুখৰ ওচৰত ব্ৰহ্মপুত্ৰ নদত মিলিত হয়।

ইতিহাস
ঐতিহাসিক উল্লেখ
দিখৌ নদী আৰু বিশেষকৈ দিখৌমুখ মধ্যযুগীয় অসমৰ ৰাজনৈতিক আৰু সামৰিক ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান আছিল। প্ৰাচীন বুৰঞ্জীসমূহৰ বিৱৰণে ইংগিত দিয়ে যে দিখৌ নদীৰ নিম্ন গতিপথ বৰ্তমানৰ দৰে সদায় একে নাছিল। প্ৰাৰম্ভিক বুৰঞ্জীসমূহত দিখৌমুখক মূল ব্ৰহ্মপুত্ৰ–লুইত জলপ্ৰণালীৰ ওপৰত অৱস্থিত এনে এটা স্থান হিচাপে উল্লেখ কৰা হৈছে, য'ৰ পৰা দিখৌ নদীত প্ৰৱেশ কৰি উজাই যাব পৰা গৈছিল। পৰৱৰ্তী সপ্তদশ শতিকাৰ বিৱৰণসমূহত অৱশ্যে দিখৌক মাজুলীৰ দক্ষিণফালে বৈ যোৱা তৎকালীন দিহিং নদীত মিলিত হোৱা দেখা যায়।
চ্যু-কা-ফাৰ অসম আগমনৰ বিৱৰণ সংৰক্ষিত থকা Ahom-Buranji অনুসৰি, তেওঁ হাবুং ত্যাগ কৰি তিলাও বা লুইত নদীয়েদি ভটিয়াই দিখৌমুখত উপস্থিত হৈছিল। তাৰপৰা তেওঁ দিখৌ নদীয়েদি উজাই দিলিমুখলৈ গৈ বৰ্তমানৰ শিৱসাগৰ জিলাৰ ভিতৰুৱা অঞ্চলত প্ৰৱেশ কৰিছিল।৩
ষোড়শ শতিকাৰ আৰম্ভণিতে চুতীয়া–আহোম ৰাজ্যৰ যুদ্ধৰ সময়তো দিখৌমুখ এক গুৰুত্বপূৰ্ণ সামৰিক স্থান আছিল। Ahom-Buranji অনুসৰি ১৫১৩ চনত চুতীয়া ৰজা ধীৰনাৰায়ণ আহোমসকলৰ বিৰুদ্ধে আগবাঢ়ি আহি দিখৌমুখত নিজৰ অৱস্থান স্থাপন কৰিছিল।৪ সংঘাতৰ আন বুৰঞ্জীসমূহত চুতীয়া বাহিনীয়ে দিখৌমুখৰ পৰা পূবলৈ দিহিং অভিমুখে আৰু পৰৱৰ্তী সময়ত ডিব্ৰুমুখ আৰু শদিয়াৰ দিশে পিছুৱাই যোৱাৰ কথা উল্লেখ কৰা হৈছে।৫
ষোড়শ শতিকাৰ কোচ আক্ৰমণৰ বিৱৰণতো দিখৌমুখক মূল ব্ৰহ্মপুত্ৰ–তিলাও সুঁতিৰ সৈতে স্পষ্টভাৱে জড়িত কৰা হৈছে। ১৫৬২ চনৰ এক আক্ৰমণৰ সময়ত Ahom-Buranji অনুসৰি কোচ বাহিনী তিলাও নদীয়েদি উজাই দিখৌমুখলৈ আহিছিল, য'ত আহোম সেনাপতিসকলে তেওঁলোকক বাধা দিবলৈ বাহিনী একত্ৰিত কৰিছিল। যুদ্ধৰ পাছত কোচ নৌবাহিনী ভটিয়াই হাণ্ডিয়া নদীৰ মুখলৈ উভতি যায়।৬
পৰৱৰ্তী অভিযানত কোচ ৰজাই পুনৰ তিলাও নদীয়েদি উজাই আহি দিখৌ নদীৰ মুখ বা চুপ-নাম-চাও (Sup-Nam-chao)ৰ বিপৰীত পাৰত এটা দুৰ্গ নিৰ্মাণ কৰে। আহোমসকলেও তাৰ বিপৰীতে এটা দুৰ্গ নিৰ্মাণ কৰে আৰু দিহিং নদীৰ মুখ বা চুপ-নাম-জিন (Sup-Nam-Jin)ত বাহিনী স্থাপন কৰে। একে বিৱৰণত তাৰপাছত কোচ বাহিনীয়ে মৰঙী প্ৰদেশ ধ্বংস কৰাৰ কথাও উল্লেখ আছে।৭
১৬৪৮ চনৰ এটা ৰাজকীয় ভ্ৰমণপথেও দিখৌমুখ তিলাও বা ব্ৰহ্মপুত্ৰৰ মূল সুঁতিৰ ওচৰত অৱস্থিত আছিল বুলি দেখুৱায়। Ahom-Buranji অনুসৰি আহোম ৰজাই প্ৰথমে দিহিং নদীয়েদি ভটিয়াই ভোলাতলীলৈ যায় আৰু তাৰপৰা তিলাও নদীয়েদি মণিপুৰ অভিমুখে গৈ কড়াত ৰয়। গোলাপ চন্দ্ৰ বৰুৱাৰ ইংৰাজী অনুবাদত কৰা নামটো Hara ৰূপে দিয়া হৈছে। তাৰপাছত ৰজাই ভটিয়াই বৰবিলত ৰয় আৰু পৰৱৰ্তী মাহত বৰবিলৰ পৰা তিলাও নদীয়েদি ভটিয়াই দিখৌমুখত উপস্থিত হয়।৮
ঊনবিংশ শতিকাৰ আৰম্ভণিৰ ভৌগোলিক বিৱৰণত মণিপুৰ জিলাক অসমৰ উত্তৰ-পাৰৰ Outreparh বিভাগত নৰোৱা আৰু গাগুলডুবীৰ মাজত স্থাপন কৰা হৈছে।৯ কড়া নামটো উত্তৰ পাৰৰ ঢকুৱাখনা অঞ্চলৰ কড়া নদীৰ সৈতে সম্ভাব্যভাৱে চিনাক্ত কৰা হৈছে। এই নদীখনে ধেমাজি–ঢকুৱাখনা অঞ্চলৰ পানী নিষ্কাশন কৰি মাজুলীৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ খেৰকটীয়া সুঁতিত মিলিছে।১০
বৰবিল নামৰ ঠাইও এই অঞ্চলত বৰ্তি আছে। উত্তৰ পাৰৰ নাৰায়ণপুৰ অঞ্চলত বৰবিল নামৰ এখন গাঁও পোৱা যায়; আনহাতে ১৯১৭ চনৰ Survey of India-ৰ পশ্চিম মাজুলীৰ মানচিত্ৰত চৰাইকাটাৰ পশ্চিমে Bar Bil নামৰ এটা বিল দেখুওৱা হৈছে।১১
ঐতিহাসিক গতিপথ
ঐতিহাসিক বিৱৰণসমূহে দেখুৱায় যে দিখৌ নদীৰ নিম্ন গতিপথ সময়ৰ লগে লগে যথেষ্ট সলনি হৈছিল। প্ৰাৰম্ভিক বুৰঞ্জীসমূহত দিখৌমুখ মূল ব্ৰহ্মপুত্ৰ–লুইত সুঁতিৰ ওপৰত আছিল; কিন্তু সপ্তদশ শতিকালৈ নদী ব্যৱস্থাৰ এক পৃথক বিন্যাসৰ উল্লেখ পোৱা যায়।
১৬৬২ চনত মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত এডৱাৰ্ড গেইটৰ বৰ্ণনা অনুসৰি ব্ৰহ্মপুত্ৰ বা লুইতৰ মুখ্য সুঁতি মাজুলীৰ উত্তৰফালে বৈছিল। আনহাতে দিহিং নদী মাজুলীৰ দক্ষিণে, বৰ্তমানৰ ব্ৰহ্মপুত্ৰৰ গতিপথৰ প্ৰায় অনুৰূপ পথে পশ্চিমলৈ বৈছিল। এই দিহিং সুঁতিয়ে প্ৰথমে দিচাং আৰু তাৰপাছত দিখৌ নদীৰ পানী গ্ৰহণ কৰি মাজুলীৰ পশ্চিম প্ৰান্তৰ লাখৌত উত্তৰৰ ব্ৰহ্মপুত্ৰৰ সৈতে পুনৰ মিলিত হৈছিল।১২
মোগল অধিকাৰৰ সময়ত গড়গাঁওৰ উত্তৰে ৰামদাং আৰু ত্ৰিমোহনীত সামৰিক চকী স্থাপন কৰা হৈছিল। গেইটে ত্ৰিমোহনীক সেই সময়ত দিখৌ নদী দিহিং নদীত মিলিত হোৱা ঠাই হিচাপে চিনাক্ত কৰিছে।১৩
গেইটে দিখৌৰ ইয়াৰো আগৰ গতিপথৰ বিষয়ে এটা স্থানীয় পৰম্পৰাও লিপিবদ্ধ কৰিছিল। সেই পৰম্পৰা অনুসৰি দিখৌ নদীৰ এসময়ত স্বতন্ত্ৰ গতিপথ আছিল আৰু ই পশ্চিমে কাজলীচকীলৈকে বৈ গৈছিল। এই পুৰণি গতিপথৰ এটা অংশ মাজুলীত টুনি নদী আৰু আন এটা অংশ নগাঁও জিলাত কলং নদী হিচাপে বৰ্তি থকা বুলি বিশ্বাস কৰা হৈছিল।১৪
উপনৈ
দিখৌ নদীৰ উল্লেখযোগ্য উপনৈসমূহৰ ভিতৰত নামদাং নদী অন্যতম। ইয়াৰ উজনি অঞ্চলত য়াংমুন, ছেতাপ আৰু চণ্টক আদি নৈও দিখৌত মিলিত হয়।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Action Plan for Dikhow River at Dikhow Bridge. Pollution Control Board, Assam
- ↑ Ground Water Information Booklet Sibsagar District, Assam. Central Ground Water Board, Ministry of Jal Shakti, Government of India
- ↑ Barua, Golap Chandra. (1930). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. Assam Administration. পৃ. 46–47
- ↑ Barua, Golap Chandra. (1930). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. Assam Administration. পৃ. 55
- ↑ Bhuyan. Satsari Assam Buranji. Gauhati University
- ↑ Barua, Golap Chandra. (1930). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. Assam Administration. পৃ. 84–85
- ↑ Barua, Golap Chandra. (1930). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. Assam Administration. পৃ. 85–86
- ↑ Barua, Golap Chandra. (1930). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. Assam Administration. পৃ. 131
- ↑ Martin, Robert Montgomery. (1838). The History, Antiquities, Topography, and Statistics of Eastern India. Wm. H. Allen and Co
- ↑ Gogoi, Nityananda. (2016). Historical Geography of Medieval Assam. EBH Publishers. পৃ. 153–154
- ↑ Survey of India. (1917). Sibsagar District, Sheet 83 F/13. Survey of India
- ↑ Gait, Edward Albert. (1926). A History of Assam. Thacker, Spink & Co. পৃ. 132
- ↑ Gait, Edward Albert. (1926). A History of Assam. Thacker, Spink & Co
- ↑ Gait, Edward Albert. (1926). A History of Assam. Thacker, Spink & Co. পৃ. 132
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিখৌ নদী” প্ৰবন্ধৰ সংশোধন ৬৩৮৫৩৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।