অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুণেণফা

চাওফা চ্যু-ণেণ-ফা, চুণেণফা, বা প্ৰমত্তসিংহ (ৰাজত্বকাল ১৭৪৪–১৭৫১) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ। তেওঁৰ ভাতৃ শিৱ সিংহৰ মৃত্যুৰ পিছত প্ৰমত্ত সিংহ নাম লৈ আহোম ৰাজপাটত উঠে। স্বৰ্গদেউ প্ৰমত্তসিংহ এগৰাকী দয়ালু ৰজা আছিল। তেওঁ ৰাজত্ব কৰা সময়ত অসমৰ দিনবোৰ বৰ সুখেৰে অতিবাহিত হৈছিল।

হালনাগাদ: ২৬ জুলাই ২০২৫ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

চাওফা চ্যু-ণেণ-ফা, চুণেণফা, বা প্ৰমত্তসিংহ (ৰাজত্বকাল ১৭৪৪–১৭৫১) স্বৰ্গদেউ চুখ্ৰংফাৰ দ্বিতীয় পুত্ৰ। তেওঁৰ ভাতৃ চুতণফাৰ মৃত্যুৰ পিছত প্ৰমত্ত সিংহ নাম লৈ আহোম ৰাজপাটত উঠে।১ স্বৰ্গদেউ প্ৰমত্তসিংহ এগৰাকী দয়ালু ৰজা আছিল। তেওঁ ৰাজত্ব কৰা সময়ত অসমৰ দিনবোৰ বৰ সুখেৰে অতিবাহিত হৈছিল। ১৭৪৫ চনত এওঁ পুনৰায় জমিৰ জৰীপ কৰায় আৰু মানুহৰ পিয়ল কৰায়। ৰজাৰ কাৰেংঘৰ এওঁ পকী কৰে।১ ১৭৪৬ চনত প্ৰমত্ত সিংহই ৰংপুৰত ৰংঘৰ নিৰ্মাণ কৰে। এই ৰংঘৰৰ সন্মুখৰ বহল পথাৰত বিহু-নাচ, ম’হ-যুঁজ, হাতী-যুঁজ আদি নানা ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰা হৈছিল। ৰজা আৰু ডা-ডাঙৰীয়া সকলে ৰংঘৰৰ ওপৰৰ পৰা সেই ধেমালি উপভোগ কৰিছিল।১

প্ৰমত্তসিংহৰ দিনৰ ৰূপৰ মুদ্ৰা
প্ৰমত্তসিংহৰ দিনৰ ৰূপৰ মুদ্ৰাছবি: Pranabnlp · CC BY-SA 4.0

প্ৰমত্ত সিংহই ৰাজত্ব কালত বিভিন্ন দৌল আৰু অট্টালিকা নিৰ্মাণ কৰিছিল। গুৱাহাটীত শুক্ৰেশ্বৰ মন্দিৰ আৰু উত্তৰ গুৱাহাটীত ৰুদ্ৰেশ্বৰ দেৱালয় এইজন ৰজাই নিৰ্মাণ কৰিছিল।১ ইয়াৰ উপৰিও তেওঁৰ ৰাজত্বকালত হাজোত এটা গণেশ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ১৭৫১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্তসিংহৰ মৃত্যু হয়।১

লগতে চাওক

তথ্য সংগ্ৰহ

  • Baruah, S L (1993), Last Days of Ahom Monarchy: A History from 1769 to 1826, Munshiram Manoharlal Publishers Pvt Ltd, New Delhi.

তথ্যসূত্ৰ

  1. ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃ. ৮৬

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম শাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুণেণফা” প্ৰবন্ধৰ সংশোধন ৫২৭৮৫৩ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।